নেশ্যনেল ডেস্ক, ২৮ এপ্ৰিল :অহা ২৫ মে' দিল্লীত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । তাৰ প্ৰাকক্ষণত দিল্লী কংগ্ৰেছত মোক্ষম আঘাত । নিৰ্বাচনৰ ঠিক পূৰ্বে দিল্লী কংগ্ৰেছৰ সভাপতি অৰবিন্দৰ সিং লাভলীয়ে পদত্যাগ কৰে । লাভলীয়ে সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ লগে লগে কংগ্ৰেছৰ ভিতৰ চ'ৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ টিকট ভাগ-বটোৱাৰাক কেন্দ্ৰ কৰি দিল্লী কংগ্ৰেছত অসন্তুষ্টি দেখা গৈছিল । কিন্তু এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদত্যাগৰ পিচতে দলটোত অস্থিৰতাৰ সৃষ্টি হৈছে । সূত্ৰৰ মতে আপৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা লাভলীয়ে পছন্দ কৰা নাছিল । শেহতীয়াকৈ, শীলা দীক্ষিত চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰাজ কুমাৰ চৌহানে পদত্যাগ কৰিছিল । যাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।
ইফালে প্ৰদেশ কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বাবাৰিয়াই দিল্লীত কংগ্ৰেছ আৰু আম আদমি পাৰ্টীৰ মিত্ৰতাৰ লগতে উত্তৰ-পূব দিল্লী আসনৰ পৰা কানহাইয়া কুমাৰক টিকট প্ৰদানক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল । আসন ভাগ-বটোৱাৰাক লৈ তীব্ৰ অসন্তুষ্টিৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ মুৰব্বীৰ পদত্যাগে কংগ্ৰেছৰ শীৰ্ষ মহলকো উদ্বিগ্ন কৰি তুলিছে ।