অসম

assam

ETV Bharat / bharat

সামাজিক দিশত সন্মান বৃদ্ধি হ’ব মীন ৰাশিৰ লোকৰ...আজিৰ দিনটোত বিবাদ-কাজিয়া ত্যাগ কৰক এই ৰাশিৰ লোকে...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 17th August

Daily Horoscope: আজি ধনু ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আন ৰাশিবোৰত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 17th August 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 12:51 AM IST

মেষ ৰাশি:এটা সাধাৰণ দিন । অদৰকাৰী বিবাদ, অৰ্থহীন যুক্তিতৰ্ক, নেতিবাচক চিন্তাধাৰা আদিৰ পৰা আঁতৰত থকা উচিত । অন্যথা দিনটো অতি গম্ভীৰ হ’ব পাৰে; স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে । দিনটো ফলপ্ৰসূ হ’ব । দুপৰীয়াৰ পিচত, অধিক উন্নত অনুভৱ কৰিব । আপোনাৰ আৰ্থিক আৰু বিনিয়োগৰ পৰিকল্পনাসমূহ কাৰ্যকৰী কৰিব পাৰিব । বিয়লি প্ৰিয় লোকৰ সৈতে সময় কটাওক ।

বৃষ ৰাশি:আজি, গ্ৰহসমূহ আপোনাৰ পক্ষত নাই । কোনো নতুন কাম আৰম্ভ কৰাৰ আগতে বা নিজকে কোনো কামত জড়িত কৰাৰ আগতে দহবাৰ ভাবক । নতুন কাম বা প্ৰকল্প আৰম্ভ কৰাৰ পৰা বিৰত থাকক, ফলদায়ক পৰিণাম লাভ নকৰিবও পাৰে । চখপূৰণ আৰু মন প্ৰফুল্ল কৰা কাৰ্যত সময় কটাই উদ্বেগ আৰু চাপমুক্ত হ’ব পাৰে । জিভাক নিয়ন্ত্ৰণত ৰাখক, সহজেই ক্ৰোধৰ পৰা পৰিত্ৰাণ পাব । পেচাদাৰী দিশত কিছুমান সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷ কঠোৰ পৰিশ্ৰম কৰিবলগা হ’ব পাৰে ।

মিথুন ৰাশি:অনুকূল আৰু প্ৰতিকূল দুয়োটাই থাকিব । বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত আনন্দৰে সময় কটাওক আৰু সামাজিক কাম কৰক । দিনটোৰ পিচলৈ উদ্বেগ, ক্ৰোধ, চিকিত্‍সাগত সমস্যা, আৰু চিন্তাই আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে ।

কৰ্কট ৰাশি:অতি উত্তম ! ব্যক্তিগত, পেচাদাৰী বা সামাজিক সকলো দিশতে আপুনি অগ্ৰগতি লাভ কৰিব । বৃহত পৰিমাণে আৰ্থিক লাভ হ’ব পাৰে । পেচাদৰীসকলৰ বাবে পদোন্নতি আৰু বেতন বৃদ্ধিৰ সম্ভাৱনা আছে । আপোনাৰ হাতত থকা প্ৰতিটো কাম সময়মতে আৰু গুণগতভাৱে সম্পূৰ্ণ কৰিব পাৰে । বিয়লিভাগত বন্ধুবৰ্গ আৰু পৰিয়ালৰ লগত আনন্দ আৰু উল্লাসেৰে সময় পাৰ কৰিব পাৰে ।

সিংহ ৰাশি: সাধাৰণ শাৰীৰিক সমস্যাত ভুগিব পাৰে । আজি গ্ৰহসমূহ আপোনাৰ পক্ষত থাকিব । ঘৰৰ পৰিবেশ বন্ধুত্বপূৰ্ণ আৰু শান্তিপূৰ্ণ হ’ব, আৰু কাৰ্যালয়ৰ পৰিবেশ ভালে থাকিব । জাংক ফুড সেৱন কৰা আৰু হোটেলত আহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকিলে, স্বাস্থ্যও ঠিকে থাকিব ৷ ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটোৱে লাভ আৰু সৌভাগ্য কঢ়িয়াই আনিছে । মধ্যাহ্নৰ পিছত, আৰ্থিক অনাটনৰ পৰা মুক্তি লাভ কৰিব । সাহিত্য কৰ্মই আপোনাক আকৃষ্ট কৰিব ।

কন্যা ৰাশি: কোনো সমস্যাই দেখা দিব পাৰে । নিজৰ মন, শৰীৰ সক্ৰিয় কৰি ৰাখক । ব্যক্তিগত দিশটো অলপ কঠিন হ’ব পাৰে, মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, পৰিয়ালৰ মানহানিৰ যোগ ৷ ব্যয় বৃদ্ধি হ’ব পাৰে । পৰিপক্কতাৰে পৰিস্থিতিৰ পৰিচালনা কৰক আৰু প্ৰতিটো ক্ষেত্ৰতে সাৱধানতা অৱলম্বন কৰক । যাত্ৰা পিছুৱাই দিয়ক আৰু পানীৰ পৰা আঁতৰি থাকক । পৰিয়ালৰ লোকসকলৰ লগত বিবাদ আৰু কাজিয়াৰ পৰা বাচিবৰ বাবে আপুনি আপোনাৰ ক্ৰোধক নিয়ন্ত্ৰণ কৰক ।

তুলা ৰাশি:ভাল আৰম্ভণিয়েই ভাল অন্ত নহ’বও পাৰে । নতুন প্ৰকল্প বা কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে যদি পুৱাৰ সময়খিনিৰ আপোনাৰ বাবে উত্তম তথা ফলদায়ক হ’ব । দিনটোৰ মধ্যভাগত, আপুনি শাৰীৰিক আৰু মানসিকভাৱে ক্লান্ত অনুভৱ কৰিব পাৰে, যাৰ বাবে কঠোৰ পৰিশ্ৰম বা মগজ খটুৱাবলৈ মন নকৰিবও পাৰে । সন্ধ্যা সময়ত ঘৰৰ পৰিবেশ ভালে থাকিব; সৰু সৰু কথাত তৰ্ক কৰাৰ পৰা বিৰত থাকক ৷

বৃশ্চিক ৰাশি:দিনটোৰ আৰম্ভণি ভাল নহ’বও পাৰে, কিন্তু অন্ত অতি উত্তম হ’ব । পুৱাবেলা সকলো দিশতে কঠিনতা থাকিব, বিশেষকৈ পেচাদাৰীসকলৰ বাবে, য’ত অধিক কামৰ বোজা আৰু কম ফল লাভে আপোনাক প্ৰভাৱিত কৰিব পাৰে; কিন্তু ধৈৰ্য্য ধৰক । বিবাদৰ পৰা আঁতৰি থাকক মধ্যাহ্নৰ পিছত, ঘৰুৱা পৰিবেশৰ প্ৰতিকূলতা নোহোৱা হ’ব আৰু ভাল ইচ্ছা শক্তি আৰু সদ্ভাৱনা থাকিব । সন্ধ্যাবেলা আপুনি বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত বাহিৰলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ।

ধনু ৰাশি: এটা অতি সাধাৰণ দিন । দিনটোৰ প্ৰথমাৰ্ধত সুখ আৰু সন্তুষ্টি লাভ কৰিব য’ত পিছবেলা কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে । দিনটোৰ মধ্যভাগত,আৰ্থিক লাভ, সামাজিক যাত্ৰা আৰু মন্দিৰ দৰ্শন আদিৰ সম্ভাৱনা আছে । আপোনাৰ সংগীয়ে আপোনাক সমৰ্থন আৰু সহায় কৰিব । দুপৰীয়াৰ পিছত, আপুনি দিনটোৰ সমস্যাসমূহৰ মুখামুখী হোৱাৰ সম্ভাৱনা আছে । ঘৰত পৰিস্থিতি জটিল হৈ পৰিব পাৰে ।

মকৰ ৰাশি:পুৱা কিছুমান সমস্যাৰ বাহিৰে চিন্তা কৰিবলগীয়া বিশেষ একো নাই । দিনটোৰ প্ৰথমভাগত, আপুনি সতৰ্ক আৰু সাৱধান হৈ থকা উচিত, বিশেষকৈ যদি আপুনি কোনো আইনী বিবাদৰ সাক্ষী হয় । দ্ৰুতবেগত গাড়ী নচলাব, দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে । আপোনাৰ মেজাজী প্ৰকৃতিয়ে আপোনাৰ সন্মানত আঘাত হানিব পাৰে । ঘৰৰ পৰিবেশ অনুকূল হ’ব । দান বা সামাজিক কৰ্ম কৰিব পাৰে ।

কুম্ভ ৰাশি:দিনটো শুভ । সামাজিক আৰু আৰ্থিক ক্ষেত্ৰত বিকাশৰ ৰূপত পৰিণাম লাভ কৰিব । পিছবেলা, ঘৰৰ শান্ত পৰিৱেশ শত্ৰুতাপূৰ্ণ লৈ পৰিৱৰ্তিত হ’ব পাৰে । এই পৰিবৰ্তিত পৰিৱেশে আপোনাৰ ঘৰৰ সুখ আৰু শান্তি ভংগ কৰিব পাৰে । নিজকে শান্ত কৰি ৰাখক আৰু সমস্যাসমূহ বুদ্ধিমত্তাৰে সমাধান কৰক । ব্যয়ৰ প্ৰতি লক্ষ্য দিব, ব্যয় অলপ বেছি হ’ব পাৰে । আইনী ক্ষেত্ৰত সাৱধান হওক ।

মীন ৰাশি:অতি শুভ ! সকলো দিশতে লাভান্বিত হ’ব । সামাজিক দিশত, সন্মান বৃদ্ধি পাব । আৰ্থিক আৰু পেচাদাৰী দিশত, পদোন্নতি আৰু আৰ্থিক লাভৰ সম্ভাৱনা আছে আৰু ব্যক্তিগত দিশত, সকলো অতি মধুৰ হ’ব । আজিৰ দিনটো সুখ, শান্তি আৰু সন্তুষ্টিৰে পাৰ হ’ব । ঘৰৰ সুসজ্জিত পৰিৱেশে আজিৰ দিনটো শান্তিপূৰ্ণৰূপে অন্ত পেলাব । চমুকৈ ক’বলৈ গ’লে আপোনাৰ বাবে আজি এটা অতি ভাল দিন ।

লগতে পঢ়ক:এই সপ্তাহত বহুকেইটা ৰাশিৰ দাম্পত্য জীৱন সুখৰ হ’ব...লাভ কৰিব কৰ্মক্ষেত্ৰত সফলতা...বৃদ্ধি হ’ব ধন-সম্পত্তি...কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ABOUT THE AUTHOR

...view details