নেশ্যনেল ডেস্ক, 26 মে’:ত্ৰিপুৰা বিজেপিৰ ৰাজ্যিক সভাপতি ৰাজীৱ ভট্টাচাৰ্যই কয় যে, নাগৰিকত্ব সংশোধনী আইনখনে দেশৰ আৰ্থ-সামাজিক অৱস্থাত কেতিয়াও কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ পেলাব নোৱাৰে ৷ কাৰণ CAA ৰূপায়ণৰ বাবে নিৰ্ধাৰিত সময় 2014 স্থিৰ কৰা হৈছে ৷
এই সন্দৰ্ভত শনিবাৰে এএনআইক ভট্টাচাৰ্যই কয়, "ইতিমধ্যে দহ বছৰ পাৰ হৈ গ'ল । গতিকে, মানুহৰ জীৱনত কোনো ডাঙৰ আৰ্থ-সামাজিক প্ৰভাৱ নপৰে । বিৰোধীয়ে CAA ৰূপায়ণ সন্দৰ্ভত ৰাইজৰ মাজত ভয় জগাই তুলিবলৈ চেষ্টা কৰি আহিছে আৰু তেওঁলোকে যি কথা কৈছে সেয়া সম্পূৰ্ণ ভিত্তিহীন ।"
ৰাজ্যখনৰ জনজাতীয় অঞ্চলৰ লোকে CAAক ভাবুকি বুলি ধাৰণী পুহি ৰখা জনসাধাৰণৰ আশংকা দূৰ কৰি ভট্টাচাৰ্যই পুনৰ কয়, "যোৱা কেইবাদিনো ধৰি মই দেখিছোঁ যে বিৰোধী দলসমূহে আইনখনৰ জটিল ব্যাখ্যাৰে মানুহক বিপথে পৰিচালিত কৰিবলৈ অশেষ চেষ্টা কৰি আহিছে ।
কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা অধিসূচনাখনে স্পষ্টভাৱে আলোকপাত কৰিছে যে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানত বসবাস কৰা ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে, যিসকলে ভাৰতলৈ প্ৰব্ৰজন কৰিছিল তেওঁলোকে নাগৰিকত্বৰ বাবে যোগ্য হ’ব ৷ অৱশ্যে অধিসূচনাখনত উল্লেখ কৰা হৈছে যে যিসকলে 2014 চনৰ নিৰ্দিষ্ট তাৰিখৰ পূৰ্বে ভাৰতলৈ প্ৰব্ৰজন কৰিছিল তেওঁলোকেহে নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব ।" ।