পৰীক্ষা বাতিলৰ দাবীত চিৰাঙত উত্তাল প্ৰতিবাদ

By

Published : Jun 15, 2021, 8:02 PM IST

thumbnail
পৰীক্ষা সন্দৰ্ভত ছাত্ৰ সংগঠন আছু (AASU)-এবছুয়ে (ABSU) চৰকাৰৰ সৈতে আলোচনা চলাই থকাৰ সময়তে চিৰাং জিলা বাসুগাঁৱত মঙলবাৰে পুৱা 9 বজাৰ পৰা পৰীক্ষা বাতিল কৰাৰ দাবীত বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় (Basugaon Higher Secondery)ৰ সন্মুখত ছাত্ৰ-ছাত্ৰীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উচ্চ মাধ্যমিক চুড়ান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক (HS) চুড়ান্ত শাখাৰ পৰীক্ষা বাতিৰ কৰিবলৈ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰী সকলে ৷ ক'ভিড পৰিস্থিতিত অসম চৰকাৰৰ শিক্ষা বিভাগে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাকলৈ সৰৱ হৈ পৰে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকল ৷ কৰ'ণা মহামাৰীৰ সময়ত শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ তুলিছে প্ৰতিবাদকাৰী সকলে। কৰ'ণা পৰিস্থিতিত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ চৰকাৰক সকিয়নী প্ৰদান কৰে প্ৰতিবাদী ছাত্ৰ ছাত্ৰী সকলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.