thumbnail

Poshon Pokhwada celebration at Kalgachia: পোষণ পখোৱাৰা উদযাপন উপলক্ষে সজাগতা ৰেলী

By

Published : Mar 21, 2023, 2:22 PM IST

জনিয়া, 21 মাৰ্চ : ৰূপসী সংহত শিশু উন্নয়ন প্ৰকল্প কলগাছিয়াৰ উদ্যোগত পোষণ পখোৱাৰা উদযাপন উপলক্ষে সজাগতা ৰেলী উলিওৱা হৈছে (Poshon Pokhwada) । সোমবাৰে বৰপেটা জিলাৰ কলগাছিয়াত পোষণ পখোৱাৰা উদযাপন কৰা হয় ।

উল্লেখযোগ্য যে ৰূপসী সংহত শিশু উন্নয়ন প্ৰকল্প কলগাছিয়া, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত পোষণ পখোৱাৰা উদযাপন কৰা হয় । চলিত মাহৰ ২০ তাৰিখৰ পৰা ১ এপ্ৰিল ২০২৩ লৈ অনুষ্ঠিত হ’ব এই কাৰ্যসূচী (Poshon Pokhwada Assam) । পৰিপুষ্টিগত সুস্থতাৰ বাবে শ্ৰীঅন্নৰ (মিলেট)ৰ জনপ্ৰিয়কৰণ, ৰাজ্যজুৰি সুস্থ শিশু প্ৰতিযোগিতাৰ আয়োজন আৰু সক্ষম অংগনবাড়ী কেন্দ্ৰৰ জনপ্ৰিয়কৰণৰ উদ্দেশ্য এই কাৰ্যসূচী হাতত লৈছে ।

কাৰ্যসূচীত বিশেষকৈ মিলেট খাদ্যৰ ওপৰত গুৰুত্ব দিয়া হৈছে । এই মিলেট খাদ্যত প্ৰচুৰ পৰিমাণে ভিটামিন থাকে আৰু এই খাদ্য ৬ মাহৰ পৰা ৩ বছৰ আৰু ৩ বছৰৰ পৰা ৬ বছৰৰ তলৰ শিশু আৰু বিশেষকৈ গৰ্ভৱতী আৰু প্ৰসূতি মাতৃক এই মিলেটযুক্ত আহাৰ খাবলৈ দিব লাগে ৷ ৰক্তহীনতাত ভূগি থকা গৰ্ভৱতী আৰু প্ৰসূতি মাতৃ সকলৰ লগতে পুষ্টিহীনতাত ভূগি থকা শিশু এই মিলেট খাদ্যৰ দ্বাৰা উপকৃত হ’ব বুলি জানিবলৈ দিয়ে ।

ইয়াৰ লগতে নাৰী নিৰ্যাতন আৰু বাল্য বিবাহ ৰোধ কৰাৰ বাবে এই সজাগতা ৰেলীৰ জড়িয়তে বিভিন্ন শ্ল’গানেৰে ৰাইজক সজাগ কৰে । সোমবাৰৰ এই কাৰ্যসূচী কলগাছিয়া ৰূপসী সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ পৰা কলগাছিয়া বজাৰ আৰু কলগাছিয়া ৰাজহচক্ৰৰ কাৰ্যালয় হৈ পুনৰ কলগাছিয়া ৰূপসী সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ত উপস্থিত হয় ৷

লগতে পঢ়ক : Guinness record for Bihu: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে ধুবুৰীতো চলিছে বাচনি প্ৰক্ৰিয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.