thumbnail

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 6:59 PM IST

ETV Bharat / Videos

২২ ৰাজ্য ভ্ৰমণ কৰি অসমত উপস্থিত চত্তীশগড়ৰ চাইক্লিষ্ট অমৰ পাটলে

সৰুপথাৰ, ১২ জানুৱাৰী: পদূলিমূখত ভোগালী । ৰাজ্য়ৰ চৌদিশে সাজিছে ভেলাঘৰ । তেনে সময়তেই অসমৰ ভেলাঘৰৰ বাকৰিত চাইকেল চলাই আহি উপস্থিত হৈছে ছত্তীশগড়ৰ অমৰ পাটলে নামৰ এজন চাইক্লিষ্ট । তেওঁ ভেলাঘৰ সজা দৃশ্যও প্ৰত্যক্ষ কৰিছে গোলাঘাট জিলাৰ সৰুপথাৰত ।  

দক্ষিণ ভাৰতকে ধৰি দেশৰ ২২ খন ৰাজ্য চাইকেলেৰে ভ্ৰমণ কৰি বিহুৰ বতৰতে অসম পাইছেহি অমৰ পাটলে । শুক্ৰবাৰে ধনশিৰি মহকুমাৰ নাওজানত উপস্থিত হৈছে ছত্তীশগড়ৰ অমৰ পাটলে । নাওজানৰ ভেলাঘৰ সাজি থকা কেইজনমান যুৱকে অসমীয়াৰ স্বাভিমান গামোচাৰে জনাইছে আদৰণি । চাইকেল যাত্ৰাৰে ৰাজ্যত এটা সুন্দৰ বাৰ্তা দিবলৈ প্ৰয়াস কৰিছে অমৰ পাটলেই । মাদক দ্ৰৱ্য সেৱন বৰ্জন কৰা, নিচামুক্ত কৰাৰ বাৰ্তা কঢ়িয়াইছে তেওঁ । নিচাযুক্ত দ্ৰব্যৰে দেশত সংঘটিত বিভিন্ন ঘটনা-দুৰ্ঘটনাসমূহৰ ৰোধ কৰাৰ এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ তেওঁ চেষ্টা চলাইছে । চৰকাৰকো তেওঁ ৰাজ্য়খনক নিচামুক্ত কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক:ড৹ হিমন্ত বিশ্ব শৰ্মা সদায় বাংলাদেশীৰ পক্ষত থাকে: জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.