ETV Bharat / sukhibhava

অকালতে গাৰ ছাল সোতোৰা পৰাৰ কাৰণ আৰু ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় - অকালতে ছাল সোঁতোৰা কিয় পৰে

আজিকালি বিভিন্ন কাৰণত পুৰুষ মহিলা উভয়ৰে সময়তকৈ আগতেই ছাল সোতোৰা পৰা দেখা যায় ৷ 30 বছৰৰ আগতেই এই সমস্যাই বহুতৰে ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰা দেখা গৈছে (Premature skin aging) ৷ কিন্তু অকালতে ছাল সোতোৰা পৰাৰ কাৰণ কি আৰু কেনেকৈ এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি সেই বিষয়ে জানো আহক-

Premature skin aging
সময়তকৈ আগতেই ছাল সোঁতোৰা পৰা
author img

By

Published : Apr 12, 2022, 7:37 PM IST

বয়সৰ প্ৰভাৱ কেৱল আমাৰ শৰীৰৰ ওপৰতেই নহয় আমাৰ চুলি আৰু ছালৰ ওপৰতো সমানে পৰে । বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ মুখত Fine lines আৰু Wrinkles পৰিবলৈ আৰম্ভ কৰে, যি একেবাৰে স্বাভাৱিক । কিন্তু কেতিয়াবা এই ৰেখা পৰা, সোতোৰা পৰা এইবোৰে কম বয়সতে দেখা দিবলৈ আৰম্ভ কৰে (Premature skin aging) ৷ আমাৰ অনিয়মীয়া তথা দুৰ্বল জীৱনশৈলী ইয়াৰ বাবে দায়ী হ'ব পাৰে । ইটিভি ভাৰত সুখীভৱ দলে উত্তৰাখণ্ডত অৱস্থিত এগৰাকী চৰ্মৰোগ বিশেষজ্ঞ ডাঃ আশা চাক্লানিৰ সৈতে কথা পাতিছিল আৰু তেওঁৰ পৰা অকালতে ছাল সোতোৰা পৰাৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰৰ উপায় জানিব বিচাৰিছিল ( How to prevent skin aging) ৷ তেখেতে উল্লেখ কৰা তথ্য সমূহ আপোনালোকলৈ আগবঢ়ালো-

অকালতে ছাল সোতোৰা পৰাৰ কাৰণ:

ডাঃ আশাই কৈছে যে ছাল সোতোৰা পৰা এক প্ৰাকৃতিক ঘটনা ৷ কিন্তু মানুহ ভেদে ই বেলেগ বেলেগ সময়ত দেখা দিয়ে ৷ সাধাৰণতে ৩০ বা ৩৫ বছৰৰ পিছতহে বয়সৰ চাপ পৰে বুলি বিশ্বাস কৰা হয় । পিছে আজিকালিৰ প্ৰজন্মই বিভিন্ন কাৰণত কম বয়সতে এই অৱস্থাৰ সন্মুখীন হ'বলৈ আৰম্ভ কৰিছে ৷ অনিয়মীয়া তথা দুৰ্বল জীৱনশৈলী আৰু ছালৰ যত্নৰ অভাৱেই ইয়াৰ মূল কাৰণ (Causes of premature skin aging)।

অনিয়মীয়া তথা দুৰ্বল জীৱনশৈলীৰ বিষয়ে কওঁতে ডাঃ আশাই সময়মতে টোপনি নোযোৱা, ৰাতিপুৱা পলমকৈ সাৰ পোৱা, নিম্ন মানদণ্ডৰ টোপনি, শাৰীৰিক সক্ৰিয়তা বা ব্যায়ামৰ অভাৱ, খাদ্যৰ কোনো নিৰ্দিষ্ট সময় নথকা, পুষ্টিকৰ আহাৰৰ অভাৱ, অত্যাধিক সংসাধিত আহাৰ গ্ৰহণৰ কথা উল্লেখ কৰে । জাংক ফুড আৰু অত্যাধিক চাপো ইয়াৰ অন্যতম কাৰণ ।

শাৰীৰিক স্থিতি নতুবা অন্তৰ্নিহিত যিকোনো ৰোগো ছাল সোতোৰা পৰাৰ কাৰণ হ'ব পাৰে । সমান্তৰালকৈ মুখখন সঠিকভাৱে পৰিষ্কাৰ নকৰিলে বা মেকআপ আঁতৰ নকৰিলে বা চানস্ক্ৰীণ ব্যৱহাৰ নকৰিলেও এই সমস্যা হ'ব পাৰে ।

অকালতে বয়সৰ চাপ পৰা লক্ষণবোৰৰ ভিতৰত সাধাৰণতে চুলি পকা, চুলি সৰা, সোতোৰা পৰা, ফ্ৰেকল আৰু 30 বছৰ বয়সৰ আশে পাশে ছালৰ ৰঙৰ পৰিৱৰ্তন অন্তৰ্ভুক্ত থাকে। ছালখনেও ইয়াৰ উজ্জ্বলতা হেৰুৱাবলৈ আৰম্ভ কৰে আৰু সোতোৰা হৈ পৰে ৷

অকালতে সোতোৰা পৰাৰ পৰা ছালক সুৰক্ষিত কৰাৰ উপায় ( how to have a healthy skin):

ডাঃ আশাই নিম্নলিখিত পৰামৰ্শবোৰ আগবঢ়াইছে :

1.ভিটামিন, খনিজ, কেলচিয়াম, পটাছিয়াম, প্ৰ'টিন আৰু ফছফৰাছৰ দৰে সকলো অত্যাৱশ্যকীয় পুষ্টিৰে সমৃদ্ধ আহাৰ খাব ।

2.শৰীৰটো ভালদৰে হাইড্ৰেটেড ৰাখিব । পানীৰ উপৰিও, অন্যান্য পুষ্টিকৰ তৰলো খাব ।

3.ফাইট’নিউট্ৰিয়েণ্টসমৃদ্ধ খাদ্য গ্ৰহণ বৃদ্ধি কৰক আৰু এণ্টিঅক্সিডেণ্ট গুণাগুণ থকা আহাৰ গ্ৰহণ কৰক । এইবোৰে বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো লেহেম কৰাত সহায় কৰে ।

4.সঠিক টোপনিৰ ৰুটিন অনুসৰণ কৰক আৰু কমেও 7-8 ঘণ্টা ভালদৰে টোপনি যাওক ।

5.প্ৰতিদিনে কমেও 30 মিনিট ব্যায়াম কৰক ৷ আপোনাৰ ৰুটিনত আপোনাক সক্ৰিয় কৰি ৰখা কাৰ্যকলাপ অন্তৰ্ভুক্ত কৰক ।

6.আপোনাৰ মুখখন নিয়মীয়াকৈ সঠিকভাৱে পৰিষ্কাৰ কৰক আৰু কঠোৰ ৰাসায়নিক পদাৰ্থ থকা সামগ্ৰী ব্যৱহাৰ পৰিহাৰ কৰক ।

7.শুবলৈ যোৱাৰ আগতে আপোনাৰ মেকআপ ভালদৰে আঁতৰাওক ।

8.আপোনাৰ মুখখন মৃদু ফেছ ৱাশ্বেৰে পৰিষ্কাৰ কৰক আৰু ময়েশ্চাৰাইজ কৰিবলৈ নাপাহৰিব ।

9.ঘৰৰ পৰা ওলাই যাওঁতে সদায়ে আপুনি উপযুক্ত এছ.পি.এফ যুক্ত সৈতে চানস্ক্ৰীণ সানক ।

10.ৰ'দত বাহিৰলৈ যাওঁতে সদায়ে ছাতি, টুপী আৰু হাতমোজা ব্যৱহাৰ কৰক ।

11.ধূমপান, সুৰা আৰু অন্যান্য ড্ৰাগৰ পৰা আঁতৰি থাকক ।

ডাঃ আশাই কৈছে যে এই ব্যৱস্থাবোৰ গ্ৰহণ কৰা স্বত্বেও, যদি ছালৰ সমস্যাই গুৰুত্বপূৰ্ণভাৱে দেখা দিয়ে, তেন্তে চৰ্মৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত ।

লগতে পঢ়ক: Stay healthy during summer: গ্ৰীষ্মকালত স্বাস্থ্যৱান হৈ থকাৰ কেইটামান উপায়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.