ETV Bharat / sukhibhava

Home remedies for heat rashes: ঘামচি আঁতৰোৱাৰ ঘৰুৱা প্ৰতিকাৰ - গৰমৰ দিনৰ ছালৰ সমস্যা ঘামচি

গ্ৰীষ্মৰ দিনকেইটাত ছাল সম্পৰ্কীয় বহুতো সমস্যাই দেখা দিয়ে ৷ সকলোৰে ক্ষেত্ৰতে এই সমস্যাবোৰ ভিন্ন ধৰণৰ হয় ৷ কিন্তু এই সমস্যাসমূহৰ মাজত এনে এক সমস্যা আছে যি যিকোনো প্ৰকাৰৰ ছাল বা যিকোনো বয়সৰ লোকৰ ক্ষেত্ৰতেই হ’ব পাৰে । এইটো হৈছে ঘামচিৰ সমস্যা । ঘামচি কি আৰু ঘৰুৱা প্ৰতিকাৰৰ সহায়ত আমি কেনেদৰে ইয়াৰ পৰা সুৰক্ষা বা পৰিত্ৰাণ পাব পাৰোঁ জানো আহক (Home remedies for heat rashes) ৷

rashes
ঘামচি আঁতৰোৱাৰ ঘৰুৱা প্ৰতিকাৰ
author img

By

Published : Mar 26, 2022, 4:56 PM IST

গ্ৰীষ্মকাল আহিলেই লগত লৈ আহে ছালৰ ইটো-সিটো সমস্যা ৷ গৰমৰ দিনকেইটাত বলি থকা বতাহত উৰি ফুৰে বিভিন্ন বেমাৰৰ বীজাণু ৷ এই গ্ৰীষ্ম ঋতুত বহুতো স্বাস্থ্য সম্পৰ্কীয়, বিশেষকৈ ছাল সম্পৰ্কীয় সমস্যাই সকলোকে আমনি কৰে । এই সমস্যাসমূহৰ মাজত আটাইতকৈ আমনিদায়ক হ’ল ঘামচি ৷ ঘামচিৰ সমস্যাই যিকোনো বয়সৰ ব্যক্তিকে আমনি কৰিব পাৰে ৷ অত্যাধিক সংবেদনশীল ছালৰ মানুহৰ বাবে ঘামচি হৈ পৰে মাৰাত্মক ৷ ঘামচিৰ ফলত হোৱা ঘাঁবোৰে ছালৰ বাবে অধিক সমস্যাৰ সৃষ্টি কৰে । কেইটামান সাৱধানতা অৱলম্বন কৰি আৰু কিছুমান ঘৰুৱা প্ৰতিকাৰৰ সহায়ত ঘামচিৰ পৰা পৰিত্ৰাণ পাব পাৰি (Home remedies for heat rashes) । কিন্তু তাৰ পূৰ্বে জানো আহক ঘামচি কেনে ধৰণৰ সমস্যা, ই কিয় হয় আৰু শৰীৰত ই কেনেধৰণে প্ৰভাৱ পেলায় ৷

মুম্বাইৰ ডাৰ্মা ক্লিনিকৰ চৰ্মৰোগ বিশেষজ্ঞ ডাঃ চাবা শ্বেখে কৈছে গ্ৰীষ্মকালত হোৱা ছালৰ সমস্যাবোৰৰ ভিতৰত আটাইতকৈ আমনিদায়ক হৈছে ঘামচিৰ সমস্যা ৷ সচৰাচৰ সকলোৰে ক্ষেত্ৰতে ঘামচিৰ সমস্যাই দেখা যায় । সাধাৰণতে পিঠি, ডিঙি আৰু বুকুত ঘামচি হয় ৷ দেহত প্ৰথমতে সৰু সৰু ৰঙা গুটি হয় । এই গুটিবোৰ যথেষ্ট খজুৱাই আৰু জ্বলা-পোৰা কৰে । দৰাচলতে গ্ৰীষ্মকালত মানুহ বেছিকৈ ঘামে ৷ কিন্তু প্ৰদূষণ, ধুলি-মাটি, মৃত ছালৰ কোষ বা যিকোনো বেক্টেৰিয়াৰ প্ৰভাৱৰ বাবে বহু সময়ত ঘাম গ্ৰন্থিবোৰৰ মুখ বন্ধ হৈ যায় । যাৰ ফলত ঘাম ছালৰ বাহিৰলৈ ওলাব নোৱাৰা হয় যি পিছলৈ সৰু সৰু ৰঙা গুটি হিচাপে ওলাবলৈ আৰম্ভ কৰে । ডাঃ চাবাই বৰ্ণনা কৰে যে যদিও ই এক গুৰুতৰ সমস্যা নহয় কিন্তু তথাপিও ঘামচিৰ ফলত হোৱা খজুৱতি আৰু জ্বলা-পোৰাই মানুহ এগৰাকীক যথেষ্ট আমনি দিয়ে ৷

ঘামচিৰ বাবে ঘৰুৱা প্ৰতিকাৰ:

ইন্দোৰৰ এগৰাকী প্ৰাকৃতিক আৰু হোমিঅ'পেথিক চিকিৎসক ডাঃ স্মিতা কাম্বলে আঙুলিয়াই দিছে যে ঘামচিৰ বাবে সাধাৰণতে অতি ব্যয়বহুল চিকিৎসাৰ কোনো প্ৰয়োজন নাই ৷ ঘৰুৱা প্ৰতিকাৰ আৰু অলপ সাৱধানতা অৱলম্বন কৰিলেই ঘামচিৰ পৰা পৰিত্ৰাণ পাব পাৰি । তেওঁ লগতে বৰ্ণনা কৰে যে নেচাৰোপেথিত বহুতো ব্যৱস্থা আছে যাক ঘামচিৰ সমস্যা হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি (skin care tips) । তলত কেইটামান প্ৰাকৃতিক উপায় উল্লেখ কৰা হ’ল-

এলোভেৰা

ডাঃ স্মিতাই কৈছে যে এলোভেৰাৰ ব্যৱহাৰে ঘামচিৰ সমস্যাত যথেষ্ট লাভালাভ প্ৰদান কৰে । গ্ৰীষ্মকালত দৈনিক 15 ৰ পৰা 25 মিনিটৰ বাবে এলোভেৰা জেল ঘামচি হোৱা স্থানত সানি ধুই দিলে যথেষ্ট সকাহ পোৱা যায় ৷

মুলতানী মাটি

ডাঃ স্মিতাই ঘামচিৰ চিকিৎসাত মুলতানী মাটিক আদৰ্শ বুলি গণ্য কৰিছে । মুলতানী মাটিত ৰ’জ ৱাটাৰ মিহলাই ঘামচি হোৱা স্থানত প্ৰয়োগ কৰিলে ই খজুৱতি আৰু জ্বলা-পোৰাৰ পৰা সকাহ দিয়ে ।

কেঁচা আলুৰ ৰস

কেঁচা আলুৰ ৰসো ঘামচিৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে অতি উপকাৰী। আলুৰ ৰস প্ৰায় 10 ৰ পৰা 15 মিনিটৰ বাবে ঘামচি হোৱা জেগাত লগাই ৰাখিব লাগে আৰু তাৰ পিছত ঠাণ্ডা পানীৰে ধুই দিব লাগে । আলুৰ ৰসে ছালক আন বহুতো লাভালাভ প্ৰদান কৰে ।

মেহেন্দি
ডাঃ স্মিতাই কৈছে যে যদি ছালত ৰং লগাৰ আপত্তি নাথাকে তেন্তে ঘামচিত মেহেন্দি পেষ্টো ব্যৱহাৰ কৰিব পাৰে । দৰাচলতে, মেহেন্দিৰ প্ৰাকৃতিক বেক্টেৰিয়া-ৰোধী গুণাগুণ আছে ৷ লগতে এষ্ট্ৰোজেন আৰু অন্যান্য উপাদান আছে যি প্ৰাকৃতিকভাৱে ছালৰ শীতলতা বজাই ৰাখে ।

হালধী

মেহেন্দিৰ দৰে হালধীৰো এণ্টিবেক্টেৰিয়েল আৰু এণ্টিচেপ্টিক গুণাগুণ আছে । হালধীৰ পেষ্ট গা ধোৱাৰ আগতে 5 ৰ পৰা 10 মিনিটৰ বাবে ঘামচি হোৱা স্থানত প্ৰয়োগ কৰি যথেষ্ট সকাহ পাব পাৰি ।

তিয়হৰ ৰস

গ্ৰীষ্মকালত ঘামচিত তিয়ঁহৰ ৰসৰ সৈতে কেইটোপালমান নেমুৰ ৰস মিহলাই সানিলে সমস্যাটোৰ পৰা যথেষ্ট সকাহ পোৱা যায় ।

ডাঃ স্মিতাই আঙুলিয়াই দিছে যে আন কিছুমান কথাত গুৰুত্ব দিওঁ ঘামচিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি -

ঠাণ্ডা পানীৰে গা ধুলে ঘামচিৰ সমস্যাৰ পৰা অলপ সকাহ পোৱা যায় ।

ফেনৰ চলাই নতুবা আন উপায়েৰে ছালখন ঠাণ্ডা কৰি ৰাখিবলৈ চেষ্টা কৰক ।

পাতল, ঢিলা আৰু এনে কাপোৰ পিন্ধিব যিয়ে ঘাম শুহি লয় ৷ শৰীৰৰ প্ৰতিটো অংশ সতেজ বতাহৰ সংস্পৰ্শলৈ আহিব পৰা কাপোৰ পিন্ধিব লাগে ।

শৰীৰৰ যিবোৰ অংশলৈ সহজে বায়ু চলাচল কৰিব নোৱাৰে সেই অংশবোৰৰ বিশেষ যত্ন ল'ব ৷ লগতে এই অংশবোৰ ভালদৰে পৰিষ্কাৰ কৰিব আৰু শুকুৱাৰ পিছত এইবোৰত গোন্ধ নথকা, নিম্ন-সুগন্ধি বা ঔষধযুক্ত টেলকাম পাউডাৰ প্ৰয়োগ কৰিব ।

এলাৰ্জীৰ বিষয়ে জানি লওঁক:

ডাঃ স্মিতাই শেষত উল্লেখ কৰিছে যে যদিও এই ঘৰুৱা প্ৰতিকাৰবোৰ অতি কাৰ্যকৰী কিন্তু সেইবোৰ গ্ৰহণ কৰাৰ আগতে এলাৰ্জীৰ বিষয়ে পৰীক্ষা কৰাটো অতি জৰুৰী । তাৰোপৰি ঘামচিৰ সমস্যাটোৱে অত্যাধিক আমনি কৰা যেন অনুভৱ হ’লে কোনো চৰ্মৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো অতি গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক: Healthy benefits of curry leaves: স্বাস্থ্যৰ বাবে উপকাৰী গুণেৰে পৰিপূৰ্ণ নৰসিংহ পাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.