ETV Bharat / sukhibhava

শীতকালত দৈ-চিৰা-গুড় খোৱাৰ উপকাৰিতা জানেনে ?

author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 1:34 PM IST

Doi Sira and gur Benefits: শীতকালত দৈ-চিৰা-গুড় এনে এক সংমিশ্ৰণ যি আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী । আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক ইয়াৰ উপকাৰিতাসমূহ-

What are the benefits of eating Doi-Sira and Gur During winter
শীতকালত দৈ-চিৰা-গুড় খোৱাৰ উপকাৰিতা জানেনে ?

চাওঁতে চাওঁতে আহি পালে 2024 বৰ্ষ ৷ নতুন বছৰ অহাৰ লগে লগে ৰাজ্যত মাঘ বিহুৰ বাবেও প্ৰস্তুতি আৰম্ভ হয় ৷ মাঘ বিহু বুলি ক’লেই বিভিন্ন ধৰণৰ অসমীয়া খাদ্যৰ সম্ভাৰ ৷ মাঘ বিহুত খোৱা এবিধ বিশেষ খাদ্য হৈছে দৈ-চিৰা-গুড় আৰু আপুনি জানেনে যে এই দৈ-চিৰা-গুড় আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী ৷ যদি নাজানে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক-

শীতকালত দৈ, চিৰা আৰু গুড় আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ প্ৰ’টিন, কেলচিয়াম আৰু অন্যান্য পুষ্টিকৰ উপাদান দৈ আৰু চিৰাত প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ ই আমাৰ পেটটো দীৰ্ঘ সময়লৈকে পূৰ কৰি ৰাখে ৷ যেতিয়া আমাৰ পেট ভৰি থাকে তেতিয়া অপ্ৰয়োজনীয়ভাৱে খাবলৈ মন নাযায় ৷ ইয়াৰ ফলত আমি অতিৰিক্ত কেলৰি গ্ৰহণ কৰাৰ পৰা বিৰত থাকো আৰু আমাৰ ওজনো নিয়ন্ত্ৰণত থাকে ৷

দৈত প্ৰ’বায়’টিক অৰ্থাৎ ভাল বেক্টেৰিয়া পোৱা যায় ৷ ই আমাৰ অন্ত্ৰত গৈ পাচন প্ৰক্ৰিয়া সঠিকভাৱে ৰাখে ৷ এই বেক্টেৰিয়াৰ বাবে দৈয়ে কোষ্ঠকাঠিন্য বা পেটৰ আন আন সমস্যাৰ পৰা সকাহ দিয়ে ৷ লগতে প্ৰ’টিন, কেলচিয়াম আৰু বহুতো ভিটামিন দৈ বা গাখীৰত পোৱা যায় ৷ এই সকলোবোৰ মৌলই শক্তি প্ৰদান কৰে ৷

আনহাতে, গুড়ে শৰীৰক শক্তি প্ৰদান কৰে আৰু ভাগৰ দূৰ কৰাত সহায় কৰে ৷ ই নিমিষতে শক্তি বৃদ্ধি কৰে ৷ আনহাতে চিৰাত আঁহ প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ যিয়ে আপোনাক শক্তি প্ৰদান কৰে ৷

চিৰাত থকা আঁহে পাচনতন্ত্ৰক সঠিকভাৱে কাম কৰাত সহায় কৰে আৰু কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে ৷ দৈত থকা প্ৰ’বায়’টিকে ভোক কমাই পেটটো সঠিকভাৱে কাম কৰাত সহায় কৰে ৷ দৈ-চিৰাই ওজন কমোৱাত যথেষ্ট সহায় কৰে আৰু একে সময়তে ই এক স্বাস্থ্যকৰ খাদ্য ৷ দৈ-চিৰা দৈনিক খোৱাটোৱে হজম শক্তি আৰু হৃদযন্ত্ৰৰ লগত জড়িত ৰোগ দূৰ কৰাতো সহায় কৰে ৷

লগতে পঢ়ক: শীতকালত আপোনাৰো অত্যধিক হয় নেকি ঋতুস্ৰাবৰ বিষ ? জানি লওক পৰিত্ৰাণৰ উপায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.