ETV Bharat / sukhibhava

এটা গৱেষকৰ দলৰ সমীক্ষাৰ ফলাফল: ভেকছিনৰ দ্বাৰা ৰোগ প্ৰতিৰোধ দীৰ্ঘম্যাদী নহয়

ক’ভিড-19 ত আক্ৰান্ত হোৱা লোকসকল এবছৰৰ পিছতো অ’মিক্ৰণৰ পৰা মজলীয়াভাৱে সুৰক্ষিত হৈ আছিল; কিন্তু এই নতুন সংক্ৰমণৰ বিৰুদ্ধে ভেকছিন লোৱাসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দ্ৰুতগতিত হ্ৰাস হোৱা দেখা গৈছিল বুলি এটা সমীক্ষাই প্ৰমাণ কৰি দেখুৱাইছে ( Can vaccine prevent covid infection) ৷

Vaccine immunity
ভেকছিনৰ দ্বাৰা ৰোগ প্ৰতিৰোধ দীৰ্ঘম্যাদী নহয়: অধ্যয়ন
author img

By

Published : Jun 20, 2022, 8:07 PM IST

কাটাৰৰ ৱেইল কৰ্ণেল মেডিচিনৰ গৱেষকসকলৰ এক নতুন অধ্যয়নৰ ফলাফল ফাইজাৰ অথবা মডাৰ্ণাৰ দ্বাৰা কৰা অ’মিক্ৰণ বিশেষ বুষ্টাৰ অধ্যয়নৰ সৈতে সামঞ্জস্যপূৰ্ণ ৷ এই অধ্যয়নত কোৱা হৈছে যে যদিও বুষ্টাৰে এটা ভাল সুৰক্ষা প্ৰদান কৰে তথাপিও অ’মিক্ৰণৰ প্ৰকাৰৰ বিৰুদ্ধে ইয়াৰ কাৰ্য্যকাৰিতা অস্থায়ী ।

কাটাৰৰ ৱেইল কৰ্ণেল মেডিচিনৰ গৱেষকসকলৰ এই নতুন অধ্যয়নটো 1,00,000 ৰো অধিক অ’মিক্ৰণ-সংক্ৰমিত আৰু সংক্ৰমিত নোহোৱা ব্যক্তিৰ ওপৰত কৰা হৈছিল । নিউ ইংলেণ্ড জাৰ্নেল অফ মেডিচিনত প্ৰকাশিত সমীক্ষাৰ ফলাফলবোৰে দেখুৱাইছে যে যিসকল লোকে ফাইজাৰ ভেকছিনৰ দুটা পালি গ্ৰহণ কৰিছিল আৰু যি ক’ভিডৰ সংস্পৰ্শলৈ অহা নাছিল, এই ভেকছিন তেওঁলোকক অ’মিক্ৰণৰ পৰা সুৰক্ষিত কৰাত সহায়ক হোৱা নাই ( Can vaccine prevent covid infection) ।

ভেকছিনৰ বুষ্টাৰ পালিটো অ’মিক্ৰণৰ সৈতে যুঁজ দিয়াত প্ৰায় 60% কাৰ্যকৰী বুলি প্ৰমাণিত হৈছে । ফলাফলত উল্লেখ কৰা অনুসৰি অ’মিক্ৰণ অহাৰ কেইসপ্তাহমান আগতে বুষ্টাৰ পালি দিয়া আৰম্ভ কৰা হৈছিল ৷ গৱেষকসকলৰ দৃষ্টি আকৰ্ষণ কৰা আন এটা দিশ হ'ল, যিসকলে ভেকছিন গ্ৰহণ কৰা নাছিল আৰু SARS-CoV-2 ৰ দ্বাৰা সংক্ৰমিত হৈছিল তেওঁলোকৰ শৰীৰত অ’মিক্ৰণৰ সৈতে যুঁজিবলৈ 50 শতাংশ "প্ৰাকৃতিক ৰোগ প্ৰতিৰোধ ক্ষমতা" আছিল ।

গৱেষকসকলৰ মতে, যিসকল লোকে অ’মিক্ৰণ প্ৰকাৰৰ বিপৰীতে আটাইতকৈ বেছি ৰোগ প্ৰতিৰোধ ক্ষমতা বিকশিত কৰিবলৈ সক্ষম হৈছিল তেওঁলোক আছিল পূৰ্বে SARS-CoV-2 ভাইৰাছৰ দ্বাৰা সংক্ৰমিত আৰু যিসকলে mRNA ভেকছিনৰ তিনিটা পালি গ্ৰহণ কৰিছিল । গৱেষকসকলৰ মতে, তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আছিল প্ৰায় 80 শতাংশ ।

ৱেইল কৰ্ণেল মেডিচিন-কাটাৰৰ জনসংখ্যা স্বাস্থ্য বিজ্ঞানৰ অধ্যাপক ড০ লাইথ আবু-ৰাডাডে কয়, "এই ফলাফলবোৰে অ’মিক্ৰণৰ বিৰুদ্ধে সৰ্বশ্ৰেষ্ঠ সুৰক্ষাৰ বাবে পূৰ্বৰ সংক্ৰমণ থকা লোকসকলক টিকাকৰণ কৰাৰ লাভালাভবোৰো আলোকপাত কৰে" ৷ দলটোৱে অ’মিক্ৰণ, বিএ.1 আৰু বি.এ.2-ৰ দুটা উপ-প্ৰকাৰৰো পৰীক্ষা কৰিছিল ।

লগতে পঢ়ক: ক’ভিডত আক্ৰান্ত অৱস্থাত গৰ্ভধাৰণ কৰিলে থাকে বিপদৰ আশংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.