ৱাটাৰলু বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ এটা দলে চকুৰ ক্ষেত্ৰত ব্যায়ামৰ সম্পৰ্কৰ সন্দৰ্ভত কিছুমান আকৰ্ষণীয় তথ্য লাভ কৰিছে (Regular Exercise beneficial for Eyes) ৷ শুকান আৰু খজুৱাই থকা চকুক ব্যায়ামে আৰাম প্ৰদান কৰে বুলি গৱেষকৰ দলটোৱে তথ্য লাভ কৰিছে ৷ এৰ’বিক ব্যায়াম কৰাৰ পিছত চকুপানী নিঃসৰণ প্ৰক্ৰিয়াই চকুৰ শুকান আৰু খজুৱতি পৰা সমস্যা দূৰ কৰে ৷ তেওঁলোকৰ অধ্যয়নৰ বিষয়বস্তু ‘ডিফাৰেন্চিয়েল ইফেক্ট অৱ মেক্সিমেল ইন্ক্ৰিমেণ্টেল ট্ৰেডমিল এক্সাৰচাইজ অন টিয়েৰ চেকৰেছন এণ্ড টিয়েৰ ফিল্ম ষ্টেবিলিটি ইন এথলিটছ্ এণ্ড নন-এথলিটছি’ এক্সপেৰিমেণ্টেল আই ৰিচাৰ্জ শীৰ্ষক জাৰ্নেলখনত প্ৰকাশ পাইছিল ৷
প্ৰতিবাৰেই যেতিয়া আমি চকুৰ পতা জঁপাও টিয়েৰ ফিল্মে আমাৰ চকুক ৰক্ষা কৰাকৈ এটা আৱৰণেৰে ঢাকি ধৰে যিয়ে চকুৰ স্বাস্থ্যকাৰী অকুলাৰ প্ৰক্ৰিয়া বৰ্তাই ৰখাত সহায় কৰে (ocular health) ৷ স্বাস্থ্যকাৰী টিয়েৰ ফিল্ম তেল, পানী আৰু মুছিনৰ তিনিটা লেয়াৰ যুক্ত এটা মিশ্ৰণ যিয়ে চকুৰ অকুলাৰ আৱৰণক হাইড্ৰেট কৰি ৰখাত আৰু চকুক ধূলি-বালিৰ পৰা ৰক্ষা কৰাত একেলগে কাম কৰে ৷ যেতিয়াই এই ফিল্ম টিয়েৰৰ যিকোনো এটা অংশই কাম কৰা বন্ধ কৰি দিয়ে তেতিয়াই অকুলাৰ অংশ শুকান পৰে যিয়ে চকুত খজুৱতি, জ্বলা পোৰা আদি অনুভৱ কৰায় ৷
ৱাটাৰলুৰ দৃষ্টি বিজ্ঞানৰ পিএইচডি প্ৰাৰ্থী হেইঞ্জ অচেৰে কয়, চকু শুকান পৰা লক্ষণবোৰ ক্ৰমান্বয়ে সচৰাচৰ বৃদ্ধি হৈ আহিছে । তেওঁ লগতে কয় যে, "চকুৰ ড্ৰপ বা অন্যান্য বিকল্প চিকিৎসা পদ্ধতি ব্যৱহাৰ কৰাৰ সলনি আমাৰ অধ্যয়নে গুৰুত্ব দিছিল যে শাৰিৰীকভাৱে সক্ৰিয় হৈ থাকি চকুক শুষ্কতাৰ পৰা কিদৰে ৰক্ষা কৰিব পাৰি ৷"
এটা ব্যায়ামৰ অনুষ্ঠানৰ বাবে 52 গৰাকী অংশগ্ৰহণকাৰীক এথলিট আৰু নন এথলিট হিচাপে দুটা ভাগত বিভক্ত কৰা হৈছিল ৷ এথলিট দলৰ অংশগ্ৰহণকাৰীয়ে প্ৰতিসপ্তাহত 5 বাৰকৈ ব্যায়াম কৰিছিল ৷ আনহাতে নন এথলিট দলৰ অংশগ্ৰহণকাৰীসকলে প্ৰতি সপ্তাহত এবাৰতকৈ বেছিকে ব্যায়াম কৰা নাছিল ৷ গৱেষক সকলে প্ৰতিটো ব্যায়ামৰ অনুষ্ঠানৰ আগত আৰু 5 মিনিট পিছত চকুপানী নিঃসৰণ হৈছে নে নাই তাক পৰীক্ষা কৰিছিল ৷
এথলিট দলৰ সদস্যসকলে ব্যায়ামৰ পিছত অধিক মাত্ৰাত চকুপানী নিঃসৰণ হোৱা অনুভৱ কৰিছিল (Regular exercise can provide relief for dry itchy eyes) ৷ বৰ্তমান দৈনন্দিন জীৱনত কামৰ তাগিদাত নিয়মিত ব্যায়াম কৰাটো বহুতৰ কাৰণে সম্ভৱ নহয় ৷ কিন্তু অধ্যয়নত প্ৰকাশ পাইছে যে ব্যায়ামে প্ৰকৃতাৰ্থত আমাৰ স্বাস্থ্যৰ লগতে অকুলাৰ প্ৰক্ৰিয়াকো সুস্থ কৰি ৰাখে ৷
লগতে পঢ়ক: ক’ভিড-19ৰ ভেকচিন ল’বলৈ কৰা দ্বিধাবোধ সৰুকালৰ মানসিক চাপৰ সৈতে জড়িত