দৈৰ লগত অসমীয়া সমাজৰ চিনাকি পুৰণিকলীয়া(Eat curd daily) ৷ দৈৰ প্রচুৰ উপকাৰিতাৰ কাৰণে অসমত দৈ এবিধ প্রিয় খাদ্য । দৈ হৈছে গাখীৰৰ পৰা উৎপন্ন এবিধ দ্ৰব্য ৷ কোৱা হয় যে গাখীৰতকৈও দৈ অধিক উপকাৰী । গাখীৰৰ ৰাসায়নিক পৰিৱৰ্তন ঘটি গোট মৰা ৰূপটোকে দৈ বুলি কোৱা হয় ৷ দৈ স্বাস্থ্য আৰু সৌন্দর্য উভয়ৰ বাবেই খুব ভাল । অসম তথা ভাৰতৰ উপৰি বিদেশৰ লোকসকলেও দিনৰ ভাগত এই খাদ্য গ্রহণ কৰে ।
দৈ স্বাস্থ্য আৰু সৌন্দৰ্য উভয়ৰ বাবে খুব ভাল ৷ সতেজ দৈত প্ৰচুৰ পুষ্টি পোৱা যায়, যি আমাৰ দেহৰ বাবে উপকাৰী৷ চিকিৎসক আৰু ডায়েটিচিয়ানসকলে দুপৰীয়াৰ খাদ্যত এক বাটি দৈ খোৱাৰ পৰামর্শ দিয়ে । সতেজ দৈত প্রচুৰ পুষ্টি আছে যি আমাৰ দেহৰ বাবে উপকাৰী । গাখীৰত অধিক মাত্ৰাত ফেট আৰু মসৃণতা আছে যাৰ কাৰণে ই কিছু সময় পিছত শৰীৰত পার্শ্ব প্রতিক্রিয়া সৃষ্টি কৰে ।
পাচনতন্ত্ৰৰ বাবে হৈছে এবিধ অতি উত্তম খাদ্য । যদি আপুনি দৈনিক এবাটি দৈ খাদ্যৰ সৈতে খায়, তেন্তে আপোনাৰ এচিডিটিৰ দৰে সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে । ইয়াৰ লগতে আপোনাৰ ছালখনো নিমজ হৈ থাকে ।
দৈৰ পুষ্টিকৰ উপাদানৰ কথা ক’বলৈ গ’লে কেলচিয়াম, ভিটামিন বি-১২, ভিটামিন বি-২, মেগনেছিয়াম আৰু পটাছিয়াম আদি পুষ্টিকৰ উপাদান দৈত পোৱা যায় । যদি আপুনি দৈ খাবলৈ ভাল নাপায় তেন্তে দৈৰ পৰা বহুতো ৰেচিপি তৈয়াৰ কৰিব পাৰে বা আন যিকোনো খাদ্যৰ লগত মিহলাই দৈ খাব পাৰে । আহক, কোনবোৰ পদ্ধতিৰে দৈ খাব পাৰি জানো আহক ।
ফলৰ চালাড
যদি আপুনি ফল খাবলৈ ভাল পায় তেন্তে ফলবোৰ সৰু সৰুকৈ কাটি লওক ইয়াৰ পিছত তাত দৈ আৰু মৌ দি খাব । ওজন হ্ৰাসৰ ক্ষেত্ৰতো এই ৰেচিপিটো বহুত ভাল ।
ফলৰ কাষ্টাৰ্ড
এই ফলৰ কাষ্টাৰ্ড ৰেচিপিটো অলপ বেলেগ । তৈয়াৰ কৰিবলৈ নিজৰ পছন্দৰ ফল কাটিব লাগে । ইয়াৰ পিছত এটা বাটিত থৈ তাৰ ওপৰত দৈ খিনি দিব । ইয়াত শুকান ফলো (Dry Fruits) মিহলাই দিব পাৰে ।
গুৰ-তিল
শীতকালত গুৰ খোৱাটো অতি উপকাৰী হয় । গুৰ খোৱাটো কেৱল আপোনাৰ ছালৰ বাবেই নহয়, ই আপোনাৰ স্বাস্থ্যৰ বাবেও উপকাৰী । এনে অৱস্থাত গুৰ, ৰোষ্ট কৰা তিল আৰু শুকান ফল(Dry Fruits) মিহলাই দৈ খাব পাৰে ।
ৰাইতা
তিয়ঁহ, বিলাহী,পিঁয়াজ, বুণ্ডীয়া বা আলুৰে সৈতে দৈৰ ৰাইটা বনাব পাৰে । ডাঠ কৰি ৰাখিব আৰু পদিনা আৰু ধনীয়াৰে সজাই ল'ব । ইয়াৰ ফলত ৰাইটাৰ সোৱাদ বৃদ্ধি পাব ।
লগতে পঢ়ক: 25 beautiful places in the world: বিশ্বৰ এই ২৫ খন ঠাইত ল'ব পাৰিব স্বৰ্গসুখ