ETV Bharat / sukhibhava

Centella Trisciatica: স্বাস্থ্যৰ বাবে মহৌষধ স্বৰূপ মানিমুনিৰ উপকাৰিতা জানো আহক

অসমত আজিও বহুলোক আছে যিয়ে চিকিৎসকৰ ওচৰলৈ যোৱাৰ সলনি বনৌষধিৰেই নিজৰ চিকিৎসা কৰে ৷ তাৰেই মাজৰ এবিধ বনৌষধিৰ বিষয়ে আজি আমি ক’বলৈ ওলাইছো আৰু সেয়া হৈছে আপোনাৰ মোৰ সকলোৰে পৰিচিত মানিমুনি ৷ জানো আহক ইয়াৰ অনন্য উপকাৰিতা....

Do you know how beneficial Centella trisciatica manimuni is for our body?
স্বাস্থ্যৰ বাবে মহৌষধ স্বৰূপ মানিমুনিৰ উপকাৰিতা জানো আহক
author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 5:16 PM IST

অসমত এনে বহু বনৌষধি আছে যি আমাৰ শৰীৰৰ বাবে অতি লাগতিয়াল ৷ কটা, চিঙা, পেটৰ অসুখলৈকে বিভিন্ন বনৌষধি অসমত উপলব্ধ ৷ অসমত আজিও বহুলোক আছে যিয়ে চিকিৎসকৰ ওচৰলৈ যোৱাৰ সলনি বনৌষধিৰেই নিজৰ চিকিৎসা কৰে ৷ তাৰেই মাজৰ এবিধ বনৌষধিৰ বিষয়ে আজি আমি ক’বলৈ ওলাইছো আৰু সেয়া হৈছে আপোনাৰ মোৰ সকলোৰে পৰিচিত মানিমুনি ৷

মানিমুনি এবিধ বনৌষধি উদ্ভিদ ৷ ইয়াৰ বৈজ্ঞানিক নাম চেনটেলা ত্ৰিছয়াটিকা ৷ এইবিধ উদ্ভিদ সাধাৰণতে বোকা মাটিত হোৱা এবিধ জলজ উদ্ভিদ ৷ ফুলনিৰ বাগিচা, জলাশয় বা পুখুৰীৰ পাৰ আদিত ইয়াক সহজে পোৱা যায় ৷ ইয়াৰ পাতবোৰ খাজ কটা, সৰু, মিহি ৷ আমি সকলোৱে জানো যে মানিমুনি শাক আমাৰ শৰীৰৰ বাবে কিমান দৰকাৰী ৷

বিশেষকৈ, পেটৰ যিকোনো বেমাৰৰ বাবে ই এবিধ মহৌষধ স্বৰূপ৷ যদি মানিমুনিৰ ৰস আনি নিয়মীয়াকৈ খাও তেন্তে পেটৰ সমস্যাত আমি কোনোদিনে ভুগিব নালাগে ৷ কেৱল পেটৰ অসুখতে নহয়, আলচাৰ, হাপানিৰ লগতে চৰ্ম ৰোগৰ বাবেও মানিমুনি শাক খুবেই এবিধ লাগতিয়াল বনৌষধি ৷ মানিমুনিয়ে মস্তিষ্কৰ কোষবোৰ গঠনত সহায় কৰে ৷

বিভিন্ন কাৰণত আমাৰ শৰীৰৰ মৃত কোষৰ বাবে ছালখন শুকান যাবলৈ ধৰে, মানিমুনিৰ ৰসে সেই মৰিবলৈ ধৰা কোষবোৰ পুনৰ গঠন কৰি ছালখনক সজীৱ কৰি ৰখাত সহায় কৰে ৷ মানিমুনিয়ে স্নায়ুতন্ত্ৰ সক্ৰিয় কৰি তোলাত সহায় কৰে ৷ এইবিধ বনৌষধিৰ সেৱন কৰিলে আমাৰ চুলি পকা, সৰা আদি বন্ধ হয় ৷

দেহত কোনো পুৰণি ক্ষতস্থান থাকিলে ইয়াৰ ৰস ব্যৱহাৰ কৰিলে নিৰাময় পোৱা যায় ৷ মানিমুনি ৰসে স্বাস্থ্য সতেজ কৰাৰ উপৰিও আমাৰ যৌৱন ধৰি ৰখাতো সহায় কৰে ৷ আমি পৰাপক্ষত মানিমুনি শাক খাই আমাৰ শৰীৰক সুস্থ-সতেজ কৰি ৰাখিব পাৰো ৷

লগতে পঢ়ক: Beetroot: এবাৰ এনেদৰে খাওক বিটৰ এই চালাড; হ্ৰাস হ’ব ওজন সুৰক্ষিত হ’ব হৃদযন্ত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.