গৰুৰ গাখীৰ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ ইয়াৰ প্ৰমাণ বহু গৱেষণাতো পোৱা গৈছে ৷ গৰুৰ গাখীৰে মানুহক বহু ধৰণৰ ৰোগৰ পৰা ৰক্ষা কৰে, যাৰ বাবে চিকিৎসকে দৈনিক গৰুৰ গাখীৰ খোৱাৰ পৰামৰ্শ দিয়ে ৷ যদি আপুনিও কলেষ্টেৰল, হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ দৰে ৰোগৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে নিশ্চিতভাৱে গৰুৰ গাখীৰ খাব পাৰে ৷ দৰাচলতে গৰুৰ গাখীৰত প্ৰচুৰ পৰিমাণে ভিটামিন বি ১২ থাকে আৰু ই আমাৰ শৰীৰৰ বাবে অপৰিহাৰ্য ৷ যদি আমাৰ শৰীৰত Vitamin B12ৰ অভাৱ হয়, তেন্তে বহু ধৰণৰ ৰোগে আমাৰ শৰীৰত আক্ৰমণ কৰিব পাৰে ৷ এনে পৰিস্থিতিত গৰুৰ গাখীৰ আমাৰ বাবে অমৃততুল্য হ’ব পাৰে ৷
গৰুৰ গাখীৰেও হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস
গৰুৰ গাখীৰেও হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে ৷ গৱেষণাতো এই কথা নিশ্চিত হৈছে ৷ গৰুৰ গাখীৰত পটাছিয়াম থাকে যিয়ে ৰক্তচাপৰ সমস্যাৰ পৰা সকাহ দিয়ে আৰু আমাৰ শৰীৰত পটাছিয়ামৰ পৰিমাণ বৃদ্ধি কৰি আৰু ছডিয়ামৰ পৰিমাণ কমাই হাৰ্ট এটেকৰ সম্ভাৱনাও হ্ৰাস কৰে ৷ কেৱল এয়াই নহয়, গৰুৰ গাখীৰ সহজে হজম হোৱাৰ লগতে আমাৰ পাচনতন্ত্ৰও মজবুত কৰে ৷ গৰুৰ গাখীৰ খালে পেটৰ সমস্যাৰ পৰাও সকাহ পোৱা যায় ৷
গৰুৰ গাখীৰে ওজন কমোৱাৰ লগতে কলেষ্টেৰল নিয়ন্ত্ৰণত উপকাৰী
গৰুৰ গাখীৰেও আপোনাৰ ওজন হ্ৰাস কৰিব পাৰে ৷ গৰুৰ গাখীৰ পান কৰিলে হাড় শক্তিশালী হয় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় ৷ কেৱল এয়াই নহয়, গৰুৰ গাখীৰ খালে ডায়েবেটিছৰ সমস্যাৰ পৰা সকাহ পোৱা যায় ৷ গৰুৰ গাখীৰ শিশুৰ বাবে উপকাৰী আৰু ই তেওঁলোকৰ শৰীৰত প্ৰ’টিন যোগান ধৰে কাৰণ ইয়াত ভাল পৰিমাণৰ প্ৰ’টিন থাকে ৷ ভিটামিন আৰু খনিজ পদাৰ্থৰ উপৰিও গৰুৰ গাখীৰত এন্টিঅক্সিডেন্ট উপাদানও থাকে, আৰু ই শৰীৰত কেলচিয়ামৰ অভাৱ দূৰ কৰে আৰু হাড় শক্তিশালী কৰে ৷ গৰুৰ গাখীৰ খালে শৰীৰৰ প্ৰদাহ সম্পৰ্কীয় সমস্যাও দূৰ হয় আৰু ই পুৰুষৰ বীৰ্য্য ঘন কৰি শুক্ৰাণুৰ সংখ্যা বৃদ্ধি কৰে ৷ কিন্তু মনত ৰাখিব বজাৰত আজিকালি বহু ভেজাল গাখীৰ উপলব্ধ সেয়ে পৰাপক্ষত আপুনি সম্পূৰ্ণ বিশুদ্ধ গাখীৰহে গ্ৰহণ কৰাটো উচিত ৷
লগতে পঢ়ক: কি হয় অটোইম্যুন ৰোগ ? য’ত ৰোগ প্ৰতিৰোধ ক্ষমতাই হৈ পৰে শৰীৰৰ শত্ৰু