ETV Bharat / state

কাৰ্বি আংলঙত গ্ৰেপ্তাৰ কে পি এল টিৰ উপাধ্যক্ষ - Militancy in Assam

কাৰ্বি আংলং জিলাত উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ সফলতা ৷ আৰক্ষী অধীক্ষক আৰু উপ-আৰক্ষী অধীক্ষক ক্ৰমে গৌৰৱ কুমাৰ উপাধ্যায় আৰু ইন্দ্ৰনীল বৰুৱাৰ নেতৃত্বত আৰক্ষী আৰু চিআৰপিএফ যুটীয়া অভিযানৰ সময়তে গ্ৰেপ্তাৰ কৰে কেপিএলটিৰ স্বয়ম্ভূ উপাধ্যক্ষ জিঅ' তুংজাং ওৰফে মেনচিং টকবীক ৷

উগ্ৰপন্থীৰ বিৰুদ্ধে ব্যাপক অভিযান অসম আৰক্ষীৰ
author img

By

Published : May 21, 2019, 11:35 PM IST

কাৰ্বি আংলং, 21 মেঃ সন্ত্ৰাসবাদ বিৰোধী দিৱসৰ দিনটোতে অসম আৰক্ষীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে লাভ কৰিছে বিশেষ সফলতা ৷ কাৰ্বি আংলং জিলাত সক্ৰিয় হৈ থকা কেপিএলটি উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে অসম আৰক্ষীয়ে লাভ কৰিছে এই সফলতা ৷ চি আৰ পি এফৰ সৈতে চলোৱা যুটীয়া অভিযানৰ সময়ত অভিযানকাৰী দলটোৱে সংগঠনটোৰ স্বয়ম্ভূ উপাধ্যক্ষ জিঅ' তুংজাং ওৰফে মেনচিং টকবীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীয়ে উপাধ্যক্ষগৰাকীৰ পৰা এটা ৭'৬৫ পিষ্টল, এটা মেগজিনসহ ৫ জাঁই সজীব গুলী আৰু এটা মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

উগ্ৰপন্থীৰ বিৰুদ্ধে ব্যাপক অভিযান অসম আৰক্ষীৰ

উল্লেখ্য যে এসপ্তাহ পূৰ্বে বকলিয়াঘাট থানাৰ অন্তৰ্গত ডিচ'বাইৰ পৰা শিলচৰৰ উদৰবন্দৰ আবিল হুছেইন লষ্কৰ নামৰ এজন জেচিবি চালকক অপহৰণ কৰিছিল সংগঠনটোৱে ৷ উক্ত অপহৰণ কাণ্ডৰ তদন্ত চলাই আৰক্ষীয়ে উগ্ৰপন্থী সংগঠনটোৰ উপাধ্যক্ষক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে ডকমকা থানাৰ নিলগত অভিযানকাৰী দলটোৰ সৈতে লগা সংঘৰ্ষত এগৰাকী কেডাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আঘাতপ্ৰাপ্ত উগ্ৰপন্থী সদস্যজনৰ হাতত গুলী লগা বুলি আৰক্ষীয়ে সদৰী কৰাৰ লগতে আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয় ৷ সংঘৰ্ষস্থলীৰ পৰা আৰক্ষীয়ে এটা পইণ্ট ২২ পিষ্টল, এটা মেগজিন আৰু তিনিজাঁই সজীব গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা জিঅ' তুংজাং ওৰফে মেনচিং টকবীয়ে সদৰী কৰা অনুসৰি, পাহাৰীয়া জিলাখনত ব্যাপক হাৰে সদস্য ভৰ্তিৰ লগতে সদস্যৰ প্ৰশিক্ষণো দি আহিছে ৷ সংগঠনটোৰ হাতত দুটাকৈ AK ছিৰিজৰ ৰাইফল থকাৰ লগতে ৯ টা পিষ্টল আছে বুলি সদৰী কৰিছে মেনচিং টকবীয়ে ৷

Intro:কাৰবি আংলঙত উগ্ৰপন্থীৰ বিৰুদ্ধে ব্যাপক অভিযান ৷
*************************কেপিএলটিৰ উপাধ্যক্ষ গ্ৰেপ্তাৰৰ লগতে অস্ত্ৰ -শস্ত্ৰ উদ্ধাৰ ৷
************************* অপহৃত জেচিবি চালক আবিল হুছেইনক উদ্ধাৰ নিৰাপত্তা ৰক্ষীৰ ৷
Body:কাৰবি আংলঙত উগ্ৰপন্থীৰ বিৰুদ্ধে ব্যাপক অভিযান ৷
*************************কেপিএলটিৰ উপাধ্যক্ষ গ্ৰেপ্তাৰৰ লগতে অস্ত্ৰ -শস্ত্ৰ উদ্ধাৰ ৷
***৷

ডিফু, ২১, মে': - কাৰবি আংলং জিলাৰ বিভিন্ন স্থানত নিৰাপত্তাৰক্ষী আৰু আৰক্ষীয়ে যোৱা নিশা পৃথক পৃথক স্থানত অভিযান চলোৱাত আলোচনা বিৰুধী সংগঠন কেপিএলটিৰ উপাধ্যক্ষ অভিযানকাৰীৰ জালত পৰে ৷ অভিযান কালত উগ্ৰপন্থী সংগঠনটোৰ সৈতে নিৰাপত্তাৰক্ষী আৰু আৰক্ষীৰ তুমুল সংঘৰ্ষ হয় ৷ উল্লেখ যোগ্যে, যোৱা এসপ্তাহৰ পূৰ্বে বকলিয়াঘাট থানীৰ ডিচ'বাইৰ পৰা উগ্ৰপন্থী সদস্য শিলচৰ জিলাৰ উদৰবন্দৰ আবিল হুছেইন লষ্কৰ নামৰ এজন জেচিবি চালকক অপহৰণ কৰি নিছিল ৷ উক্ত অপহৰণ কাণ্ডৰ তদন্ত চলাই আৰক্ষীয়ে যোৱাকালি আলোচনা পন্থী এজন দূৰ্ধৰ্ষ কেডাৰক আটক কৰিবলৈ সক্ষম ৷ আটকাধীন কেডাৰজন কেপিএলটিৰ জিঅ' তুংজাং ওৰফে মেনচিং টকবী বুলি চিনাক্ত কৰা হৈছে ৷ নিজকে কেপিএলটিৰ আলোচনা বিৰুধী উপাধ্যক্ষ বুলি দাবী কৰা জিঅ' তুংজাঙৰ পৰা অভিযানকাৰী দলটোৱে এটা ৭'৬৫ পিষ্টল, ,এটা মেগজিন ৫ জাঁই সজীব গুলী আৰু এটা মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত উগ্ৰপন্থীটোৰ স্বীকাৰোক্তিৰ ভি ত্তিত জিলা আৰক্ষী অধীক্ষক গৌৰৱ কুমাৰ উপাধ্যায় আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱাৰ নেতৃত্বত আৰক্ষী আৰু চিআৰপিএফৰ অভিযানকাৰী দলে বিভিন্ন স্থানত অভিযান চলায় ৷ কালি সন্ধিয়া ডকমকা থানাৰ নিলগত অভিযানকাৰী দলটোৰ সৈত উগ্ৰপন্থী দলৰ সংঘৰ্ষৰ সুত্ৰপাত হয় যদিও পাহাৰত পৰ্যাপ্ত পোহৰৰ অভাৱত উগ্ৰপন্থীৰ দলটো পলাই সাৰিবলৈ সক্ষম হয় ইয়াৰে এটা কেডাৰৰ হাতত গুলী লাগি জখম প্ৰাপ্ত হয় বুলি আৰক্ষীয়ে দাবী কৰিছে ৷ ইয়াৰ পিছতো অভিযান অব্যাহত ৰখা অভিযানকাৰী দলটোৰ সৈতে বকলিয়াঘাটৰ তিচ'ম গাৱত পুণৰ নিশা উগ্ৰপন্থী দলটোৰ সংঘৰ্ষ হয় ৷ সংঘৰ্ষটোত কোনো লোক হতাহত হোৱা নাই যদিও সংঘৰ্ষ স্থলীৰ পৰা অভিযান কাৰী দলটোৱে এটা পইণ্ট ২২ পিষ্টল এটা মেগজিন আৰু তিনিজাঁই সজীব গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰোপৰি সংঘৰ্ষস্থলীৰ পৰা অভিযানকাৰী দলটোৱে অপহৃতা জেচিবি চালক আবিল হুছেইন লষ্কৰকো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ কেপিএলটিৰ ধৃত স্বয়ম্ভু উপাধ্যক্ষ জিঅ তুঙজাঙে সাংবাদিকৰ আগত কয়যে শেহতীয়াকৈ জিলাখনত উগ্ৰপন্থীৰ কাৰ্যকলাপ বৃদ্ধি পাইছে৷ তুংজাঙে সদৰি কৰা অনুসৰি পাহাৰীয়া জিলা খনত তৎপৰহৈ থকা উগ্ৰপন্থী সংগঠনৰ দুটাকৈ একে ছিৰিজৰ ৰাইফল থকাৰ লগতে ৯ টা পিষ্টল আছে ৷ আনহাতে সংগঠনটোত ভৰ্তি হোৱা সদস্য সকলক জিলাখনতে প্ৰশিক্ষণ প্ৰদান কৰা হয় বুলি জানিব দিছে ৷

ছাইদুল ইছলাম, ডিফুConclusion:***************************************
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.