ETV Bharat / state

ওদালগুৰিত বন্যহস্তীৰ আক্ৰমণত ১ জন নিহত - হাতী-মানুহৰ সংঘাত

ওদালগুৰিত হাতী-মানুহৰ সংঘাতৰ ভয়াৱহ পৰিণতি। মঙলবাৰে নিশা হাতী খেদিবলৈ গৈ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এজন লোকৰ। মৃত লোকজন ওদালগুৰিৰ অসম-ভূটান সীমান্তৰ উত্তম বস্তিৰ ৰতন বড়ো।

ওদালগুৰিত বন্যহস্তীৰ আক্ৰমণত ১ জন নিহত
ওদালগুৰিত বন্যহস্তীৰ আক্ৰমণত ১ জন নিহত
author img

By

Published : Oct 14, 2020, 1:09 PM IST

ওদালগুৰি, ১৪ অক্টোবৰ: ওদালগুৰি জিলাৰ ভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। জিলাখনৰ অসম-ভূটান সীমান্তৰ উত্তম বস্তিত মঙলবাৰে হাতী আৰু মানুহৰ সংঘাতে ভয়াৱহ ৰূপ লয়। খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যহস্তী খেদিবলৈ গৈ কৰুণ মৃত্যু আকোঁৱালি ল'লে এজন লোকে। মৃত লোকজন উত্তম বস্তিৰ ৰতন বড়ো। এটা বেচৰকাৰী সংস্থাৰ সৈতে জড়িত হৈ দীৰ্ঘদিন ধৰি হাতী-মানুহৰ সংঘাতৰ অৱসান ঘটোৱাৰ বাবে কাম কৰি আহিছিল লোকজনে। মঙলবাৰে নিশাও ৰতন বড়োৱে হাতী খেদিবলৈ গৈছিল। কিন্তু বন্যহস্তীৰ আক্ৰমণত মৃত্যু হয় ৰতন বড়োৰ। বন্যহস্তীয়ে অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি থকাত বিগত প্ৰাণৰ সংশয়ত ভূগিছে স্থানীয় ৰাইজে।

লগতে পঢ়ক:নগাঁৱৰ এটা ব্যক্তিগত ছাত্ৰী নিবাসৰ স্বত্বাধিকাৰীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.