ETV Bharat / state

ওদালগুৰিত বনৰীয়া হাতীৰ কৰুণ মৃত্যু

author img

By

Published : Oct 24, 2019, 10:10 AM IST

Updated : Oct 24, 2019, 6:09 PM IST

ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী ছাগলীঝাৰত এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু ৷ হাতীৰ জাকৰ মাজতে হোৱা কাজিয়াৰ ফলতেই মৃত্যু হোৱাৰ সন্দেহ ৷ যোৱা নিশা প্ৰায় 150 টা হাতীৰ এটা বৃহৎ জাকে প্ৰৱেশ কৰিছিল গাঁৱখনত ৷

ওদালগুৰিত বনৰীয়া হাতীৰ কৰুণ মৃত্যু

ওদালগুৰি, 24 অক্টোবৰ: ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত পুনৰ মৃত্যু এটা বনৰীয়া হাতীৰ। জিলাখনৰ সীমান্তৱৰ্তী অঞ্চল ছাগলীঝাৰত সংঘটিত হৈছে এই কৰুণ ঘটনা ৷ বুধবাৰে নিশা প্ৰায় 8.30 মান বজাত প্ৰায় ডেৰশটা হাতীৰ এটা বৃহৎ জাকে গাঁৱখনত প্ৰৱেশ কৰি খেতি পথাৰ সমূহ তহিলং কৰাৰ লগতে যথেষ্ট উপদ্ৰৱ চলায় । জানিব পৰা মতে, নিশা হাতীৰ জাকটোৰ মাজত সংঘটিত হৈছিল প্ৰচণ্ড কাজিয়া। অৱশেষত বৃহস্পতিবাৰে পুৱা ঘটনাস্থলীত এটা 8-10 বছৰীয়া হাতীৰ মৃতদেহ প্ৰত্যক্ষ কৰে অঞ্চলটোৰ ৰাইজে। হাতীৰ জাকটোৰ মাজত হোৱা সংঘাতৰ ফলতেই হাতীৰ পোৱালীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকে ।

ছাগলীঝাৰত বনৰীয়া হাতীৰ কৰুণ মৃত্যু

পিচত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ প্ৰাথমিক তদন্তৰ আৰম্ভ কৰাৰ লগতে হাতীটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । উল্লেখ্য যে,হাতী-মানুহৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰা জিলাখনত চলিত বৰ্ষটোত হাতীৰ আক্ৰমণত বৰ্তমানলৈকে 18 জনকৈ লোক নিহত হোৱাৰ বিপৰীতে বিভিন্ন কাৰণত মৃত্যু হৈছে 5 টাকৈ বনৰীয়া হাতী। ইপিনে 2018 বৰ্ষত গাঁওখনত তিনি জনকৈ লোকে হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালগীয়া হৈছিল ।

Intro:ওদালগুৰি জিলাত পুনৰ বনৰীয়া হাতীৰ মৃত্যু।

এইবাৰ জিলা খনৰ সীমান্ত অঞ্চলটোৰ ছাগলীঝাৰত মৃত্যু হল বনৰীয়া হাতীৰ

হাতীৰ জাকৰ মাজত হোৱা কাজিয়াৰ ফলতে হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে।

যোৱা ১৫০ টা হাতীৰ বৃহৎ জাক এটাই প্ৰৱেশ কৰিছিল গাঁওখনতBody:

ওদালগুৰি জিলাৰ ভাৰত- ভূটান সীমান্তত পুনৰ মৃত্যুক সাৱতি ললে এটা বনৰীয়া হাতীয়ে।
এইবাৰ জিলা খনৰ সীমান্ত অঞ্চলটোৰ ছাগলীঝাৰত মৃত্যু হল বনৰীয়া হাতীৰ।প্ৰাপ্ত তথ্য মতে যোৱা নিশা ৮:৩০ মান বজাত প্ৰায় ডেৰশটা হাতীৰ বৃহৎ জাক এটাই গাঁওখনত প্ৰৱেশ কৰি খেতি পথাৰ সমূহ তহিলং কৰে। নিশা হাতীৰ জাকটোৰ মাজত প্ৰচণ্ড কাজিয়া হোৱাও প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। অৱশেষত আজি পুৱা ঘটনাস্থলীত এটা ৮-১০ বছৰীয়া হাতীৰ মৃতদেহ প্ৰত্যক্ষ কৰে অঞ্চলটোৰ ৰাইজে। হাতীৰ জাকটোৰ মাজত হোৱা সংঘাতৰ ফলতেই হাতীৰ পোৱালীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। বৰ্তমান ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ প্ৰাথমিক তদন্তৰ আৰম্ভ কৰাৰ লগতে হাতীটোৰ মৰোনোত্তৰ পৰীক্ষা আৰম্ভ কৰে। উল্লেখ যে হাতীয়ে প্ৰায়ে উপদ্ৰৱ চলোৱা গাঁওখনত ২০১৮-১৯ বৰ্ষত তিনি জনকৈ লোক হাতীৰ আক্ৰমণত মৃত্যু হৈছে। আনহাতে হাতী মানুহৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰা জিলা খনত চলিত বৰ্ষটোত হাতীৰ আক্ৰমণত ১৮ জন লোক নিহত হোৱাৰ বিপৰীতে বিভিন্ন কাৰণত মৃত্যু হৈছে ৫টাকৈ বনৰীয়া হাতীৰ।

Byte- Local PeopleConclusion:
Last Updated : Oct 24, 2019, 6:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.