ওদালগুৰি,২৭ ফেব্ৰুৱাৰী: ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস। বুধবাৰে পুৱা ৪ মান বজাত ভাৰত- ভূটান সীমান্তৰ চেগুনবাৰী গাঁওত এটা প্ৰকাণ্ড হাতীয়ে প্ৰৱেশ কৰি পাউলোচ হেমব্ৰম নামৰ লোক জনৰ পাকঘৰ ভাঙে।
ইয়াৰ পিছতে স্থানীয় লোকে তৎপৰতাত হাতীটোক খেদি পঠিয়াবলৈ সক্ষম হয় আৰু দৈবাক্ৰমে ৰক্ষা পৰে পৰিয়ালটোৰ প্ৰাণ আন আন বাসগৃহ সমূহ।
উল্লেখ যে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চল সমূহত প্ৰায়ে উপদ্ৰৱ চলাই হাতীয়ে। যোৱা শনিবাৰৰ নিশাও ভাৰত-ভূটান সীমান্তৰ ননাইপাৰা চাহ বাগিছাত হাতীৰ আক্ৰমণত নিহত হৈছেল এজন যুৱকৰ। কিন্তু এই সকলো বোৰ দেখিও হাতী-মানুজৰ সংঘাত ৰোধত ব্যৰ্থ হৈছে বন বিভাগ। ফলত বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে ভাৰত-ভূটান সীমান্তত বাস কৰা লোক সকল।