ETV Bharat / state

ওদালগুৰিত ক’ভিড পৰিস্থিতিৰ বুজ লয় মুখ্য সচিব জিষ্ণু বৰুৱাই

দেওবাৰে ওদালগুৰিৰ জিলাৰ ক’ভিড পৰিস্থিতিৰ বুজ লয় মুখ্য সচিব জিষ্ণু বৰুৱাই ৷ লগতে তেওঁ জিলাখনৰ বান পৰিস্থিতি তথা প্ৰস্তুতিৰ বিষয়ে জানিবলৈ জিলাখনৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় ৷

author img

By

Published : May 30, 2021, 10:45 PM IST

jishnu barua visted to udalguri
ওদালগুৰিত মুখ্য সচিব জিষ্ণু বৰুৱা

ওদালগুৰি, 30 মে’: ওদালগুৰিৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত দেওবাৰে উপস্থিত হয় অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা । ক’ভিডৰ ভয়াৱহতাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ প্ৰস্তুতি আৰু বৰ্তমানৰ অৱস্থা সম্পৰ্কে বুজ ল’বলৈ আৰু জিলাখনৰ বান পৰিস্থিতি তথা প্ৰস্তুতিৰ বিষয়ে জানিবলৈ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় মুখ্য সচিবগৰাকী ।

মুখ্য সচিবগৰাকীয়ে ক’ভিড টীকাকৰণত গুৰুত্ব প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে 108 সেৱাৰ বিষয়ে ব্যাপক প্ৰচাৰ কৰিবলৈ, ৰাজহুৱা স্থানত মানুহৰ সমাগম ৰোধ কৰিবলৈ, ক’ভিড পৰীক্ষা ব্যাপকৰূপে কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ তদুপৰি কণ্টেইণমেন্ট জ’ন আৰু তলা বন্ধৰ নিয়ম কঠোৰভাৱে বলবৎ কৰিবলৈও নিৰ্দেশ দিয়ে ।

jishnu barua visted to udalguri
ওদালগুৰিত মুখ্য সচিব জিষ্ণু বৰুৱা

আনহাতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অন্তৰ্গত চাউল চলিত মাহত গুদামৰ পৰা উলিয়াই হিতাধীকাৰীক বিতৰণ কৰা হ’ল নে নাই এই বিষয়েও বুজ লয় ৷

jishnu barua visted to udalguri
ওদালগুৰিত মুখ্য সচিব জিষ্ণু বৰুৱা

শিশু আৰু গৰ্ভৱতী মহিলাৰ স্বাস্থ্য আৰু পুষ্টিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে মুখ্য সচিব বৰুৱাই । চাহ বাগিচা আৰু ভিতৰুৱা গ্ৰামাঞ্চলত এই ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদানৰ বাবে নিৰ্দেশ দিয়ে । সভাৰ শেষত জিলা উপাযুক্তই মুখ্য সচিবগৰাকীক আৰু উপস্থিত সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰে ।

ইয়াৰ পাচতে মুখ্য সচিবগৰাকীয়ে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে ওদালগুৰি চিকিৎসালয় পৰিদৰ্শন কৰে, য’ত বর্তমান ক’ভিড চিকিৎসা সেৱা প্ৰদান কৰি থকা হৈছে । ইয়াৰোপৰি জিলা কাৰাগাৰ আৰু কয়দীসকলৰ বাবে প্ৰস্তুত কৰা ক’ভিড কেয়াৰ কেন্দ্ৰ পৰিদর্শন কৰে ।

লগতে পঢ়ক : ডিটেনশ্যন কেম্পৰ পৰা মুক্তি পালে মুনিন্দ্ৰ দাসে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.