ETV Bharat / state

বিজেপি অবিহনে কোনেও বিটিচি পৰিষদ গঠন কৰিব নোৱাৰেঃদিলীপ শইকীয়া - বিটিচি নিৰ্বাচন 2020

বিটিচি পৰিষদৰ 40 টা সমষ্টিত বিশেষ সাংগঠনিক সভাৰ আয়োজন কৰিছে বিজেপিয়ে ৷ অহা 24 ফেব্ৰুৱাৰীলৈ চলিব লগা এই সমূহৰ জৰিয়তে বিটিচিত একপ্ৰকাৰ নিজৰ অস্তিত্ব দৃঢ় কৰাৰ বাবে আগবাঢ়িছে বিজেপি ৷ বুধবাৰে ওদালগুৰিৰ কবিৰালিত বিজেপিয়ে আয়োজন কৰা সাংগঠনিক সভাত উপস্থিত থাকে সাংসদ দিলীপ শইকীয়া ৷

BTC election preparation of BJP
বিজেপি অবিহনে কোনেও বিটিচি পৰিষদ গঠন কৰিব নোৱাৰেঃদিলীপ শইকীয়া
author img

By

Published : Feb 19, 2020, 10:15 PM IST

ওদালগুৰি, 18 ফেব্ৰুৱাৰীঃ বিটিচি নিৰ্বাচনৰ বাবে একপ্ৰকাৰৰ সাজু হৈ উঠিছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহ ৷ বিটিচিত নিজৰ বিজয় ধ্বজা অক্ষুন্ন ৰাখিবলৈ বিটিচিৰ শাসকীয় দল বিপিএফে ইতিমধ্যেই নিৰ্বাচনী ৰণডংকা বজাইছে ৷ বিপিএফৰ সমান্তৰালকৈ বিজেপিয়েও আৰম্ভ কৰিছে নিৰ্বাচনী কুছকাৱাজ ৷ বিটিচি পৰিষদৰ 40 টা সমষ্টিত বিশেষ সাংগঠনিক সভাৰ আয়োজন কৰিছে বিজেপিয়ে ৷ অহা 24 ফেব্ৰুৱাৰীলৈ চলিব লগা এই সমূহৰ জৰিয়তে বিটিচিত একপ্ৰকাৰ নিজৰ অস্তিত্ব দৃঢ় কৰাৰ বাবে আগবাঢ়িছে বিজেপি ৷

সাংসদ দিলীপ শইকীয়াৰ সাক্ষৎকাৰ

বুধবাৰে ওদালগুৰিৰ কবিৰালিত বিজেপিয়ে আয়োজন কৰা সাংগঠনিক সভাত উপস্থিত থাকে সাংসদ দিলীপ শইকীয়া ৷ ইয়াৰ পিছতেই তেখেতে ওদালগুৰি জিলা বিজেপিৰ কাৰ্য়ালয়ত বিজেপি কৰ্মকৰ্তা সকলৰ সৈতে নিৰ্বাচন সন্দৰ্ভত আলোচনাত মিলিত হয় ৷ আলোচনাৰ অন্তত সাংবাদিকৰ আগত সাংসদ গৰাকীয়ে বিটিচিৰ ৪০ টা সমষ্টিতে প্ৰাৰ্থীত্ব দিয়াটো বিজেপিৰ কৰ্মকৰ্তা সকলে বিচাৰিছে বুলি জানিব দিয়ে ।

সাংসদ দিলীপ শইকীয়াৰ সাক্ষৎকাৰ

আনহাতে, বিজেপি অবিহনে কোনেও বিটিচি পৰিষদ গঠন কৰিব নোৱাৰে বুলিও সাংসদ গৰাকীয়ে দাবী কৰে । লগতে বিপিএফ আৰু বিজেপিৰ মিত্ৰতা সন্দৰ্ভত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সমিতিয়ে গ্ৰহন কৰা সিদ্ধান্ত সকলোৱে গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিয়ে সাংসদগৰাকীয়ে ৷

লগতে পঢ়ক-বৰপেটাত পৰীক্ষা কেন্দ্ৰৰ পৰা বহিস্কৃত ছাত্ৰীৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.