ওদালগুৰি, 14 অক্টোবৰ: চলিত বৰ্ষৰ ২৭ চেপ্তেম্বৰত কোকৰাঝাৰ জিলাৰ পৰা অচিনাক্ত দুবৃত্তই প্ৰদীপ শীল নামৰ এজন যুৱকক অপহৰণ কৰাৰ প্ৰতিবাদত আৰু যুৱকজনক বিনাচৰ্তে মুকলি কৰাৰ দাবী জনাই সোমবাৰে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেছনে ১২ ঘণ্টীয়া বিটিএডি বন্ধৰ আহ্বান জনাই ৷ সেই মৰ্মে সমগ্ৰ ওদালগুৰি জিলাত সোমবাৰে বন্ধৰ প্ৰভাৱ পৰে।
জিলাখনৰ টংলা, খৈৰাবাৰী, কলাইগাঁও, হৰিশিঙা, ৰৌতা, মাজবাট,ওৰাং পানেৰী আদি অঞ্চল সমূহত ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ বন্ধ থকাৰ সমান্তৰালকৈ ব্যৱসায়ীক যান বাহন সমূহৰ চলাচলো বন্ধ থাকে । অৱশ্যে এই বন্ধৰ সময়ছোৱাত ব্যক্তিগত বাহনৰ চলাচল অব্যাহত থাকে। আনহাতে ওদালগুৰি সদৰত উক্ত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত পৰা পৰিলক্ষিত নহ'ল। ওদালগুৰি চহৰৰ এটা অংশ এই বন্ধৰ সময়ছোৱাত খোলা থকাৰ লগতে চহৰ খনত লঘু বাহনৰ চলাচল অব্যাহত থাকে ৷