বিলাসীপাৰা,29 জানুৱাৰীঃ দেশত নিবনুৱাৰ সংখ্যা সম্পৰ্কে এক জৰীপ চলাই আছে যুৱ কংগ্ৰেছে ৷ সেই উপলক্ষে বুধবাৰে ধুবুৰী জিলাৰ পূৱ বিলাসীপাৰা সমষ্টিৰ যুৱ কংগ্ৰেছে আয়োজন কৰে এক সংবাদমেল ৷ যুৱ কংগ্ৰেছৰ অভিযোগ মতে, শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ দিনত সমগ্ৰ ভাৰতবৰ্ষত বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা ৷ বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰিছিল নিবনুৱাৰ সংখ্যা হ্ৰাসৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব ৷
কিন্তু সম্প্ৰতি দেশত এক ওলোটা ছবিহে প্ৰতিফলিত হৈছে ৷ পূৰ্বৰ তুলনাত দেশত কিমান নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে তাৰ বাবে এক সুকীয়া জৰীপ চলোৱাৰ পদক্ষেপ হাতত লৈছে যুৱ কংগ্ৰেছে ৷ মিছ কলৰ জৰিয়তে এই জৰীপ চলোৱা হ’ব ৷ তাৰে শুভাৰম্ভণি হিচাপে অঞ্চলটোৰ যুৱ কংগ্ৰেছৰ কৰ্মীবৃন্দই আনুষ্ঠানিকভাৱে মুকলি কৰে মিছ কল ব্যৱস্থা ৷ সংবাদমেলত মুকলি কৰা 8151994411 নম্বৰত মিছকল দি এই জৰীপত অংশ লবলৈ নিবনুৱা যুৱক-যুৱতীসকলক আহ্বান জনাইছে যুৱ কংগ্ৰেছে ৷
লগতে চাওকঃকেন্দ্ৰীয় চৰকাৰৰ বাজেটক লৈ কি আশা যুৱ প্ৰজন্মৰ !!!