জোনাই, 2 জুন : আজি জোনাইত মিচিং জনগোষ্ঠীৰ বিশিষ্ট সাহিত্যিক তথা শিল্পী ইন্দেশ্বৰ পেগুৰ 'দ্যা মিছিংছ অৱ নৰ্থ ইষ্ট ইণ্ডিয়া' নামৰ গ্ৰন্থখন উন্মোচন কৰা হয় ৷ জোনাইৰ মুৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত জোনাই প্ৰেছ ক্লাৱৰ সৌজন্যত অনুষ্ঠিত হোৱা অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাষা অধ্যয়ন কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক তথা বিশিষ্ট ভাষাবিদ ডঃ ভীমকান্ত বৰুৱাই৷ গ্ৰন্থখন উন্মোচন কৰি সভাত মুৰ্কংচেলেক ঠাইখনৰ উৎপত্তিৰ সম্পৰ্কত বক্তব্য দাঙি ধৰে ভাষাবিদগৰাকীয়ে৷ 'মুৰ্কংচেলেক অঞ্চলৰ নদী আৰু ঠাইৰ নামবিলাকত ঐতিহ্য আছে৷ ঠাইৰ নাম বিশেষৰ লগত আছে সাংস্কৃতিক ঐক্য৷ প্ৰত্যকখন ঠাই বিশেষে মানুহৰ সাংস্কৃতিক জীৱন নিহিত হৈ আছে৷' এইবুলি নিজৰ ভাষনত ব্যক্ত কৰে ডঃ ভীমকান্ত বৰুৱাই৷
সভাত জ্যেষ্ঠ সাংবাদিক বিজয় বৰিয়ে আঁত ধৰা অনুষ্ঠানত মিচিং লোকসংগীতৰ গৱেষক ডঃ পবিত্ৰ কুমাৰ পেগু আৰু সাহিত্যিক তথা শিল্পী ইন্দেশ্বৰ পেগুৱে কন্ঠদান কৰা 'তানিয়ে তানিপে' শীৰ্ষক শ্ৰব্য চিডিখন উন্মোচন কৰে মিচিং আগম কেবাঙৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট চিকিৎসক ডাঃ বিদেশ্বৰ দ'লেয়ে৷
অনুষ্ঠানত বিশিষ্ট লেখক ইন্দ্ৰ গগৈ, ডঃ পবিত্ৰ কুমাৰ পেগু, ইন্দেশ্বৰ পেগু, বিশিষ্ট লেখিকা নীলিমা বৰুৱা, জোনাই জ্যেষ্ঠ নাগৰিক সভাৰ সম্পাদক ৰাসেশ্বৰ পায়েং, বাবুৰাম দেউৰী, দেৱানন্দ পেগু, দালেশ পেগু, প্ৰণতি বৰাৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য আগবঢ়ায়। অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় ডঃ পবিত্ৰ কুমাৰ পেগুৱে ৷