ডিগবৈ, ২৪ জুন : গছ পুলি ৰোপণ নহয়, গছপুলি সংৰক্ষণ কৰা লক্ষ্যৰে কাম কৰিছে ডিগবৈ(Digboi)ৰ টিংৰাইৰ কেইজনমান যুৱকে । যি সময়ত ৰাজ্যৰ বনাঞ্চলসমূহ বন মাফিয়াৰ কবলত নিঃশেষ হোৱাৰ উপক্ৰম হৈছে, সেই সময়তে ডিগবৈ টিংৰাইৰ এই যুৱককেইজনে বনাঞ্চলৰ মূল্যৱান গছ-গছনি ৰক্ষা কৰাৰ বাবে এক ব্যতিক্ৰমী প্ৰচেষ্টা চলাইছে । শিক্ষক হেমন্ত শইকীয়াসহ টিংৰাই জনজাতি প্ৰাথমিক গোটৰ সদস্যসকলে মূল্যৱান গছ ৰক্ষা তথা সংৰক্ষণ কৰিবলৈ আগবাঢ়ি আহিছে ।
জানিব পৰা মতে, ৫ জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱস(World environment day)ত বন বিভাগৰ সৈতে তেওঁলোকে যোগাযোগ কৰিছিল আৰু বন বিভাগে গছ পুলি ৰোপণ কৰিবলৈ পৰামৰ্শ দি পুলি যোগান ধৰিব বুলি কৈছিল । কিন্তু তেওঁলোকে গছ পুলি ৰোপণ কৰাৰ পৰিৱৰ্তে বনাঞ্চলখনত থকা গছ-গছনি সংৰক্ষণ কৰাৰ প্ৰচেষ্টা হাতত লয় । সেই অনুসৰি, তেওঁলোকে এক বৃহৎ অঞ্চল জুৰি এই গছৰ চাৰিওকাষ পৰিষ্কাৰ কৰাৰ কামত লাগে ।
মূল্যৱান গছ-গছনি বাঢ়ি যোৱাত বাধা দিয়া লতাবোৰ কাটি মূল্যৱান গছৰ পুলিবোৰ বাঢ়িবলৈ সুবিধা কৰি দিছে যুৱককেইজনে । এই কাম কৰি থকা অৱস্থাত তেওঁলোকে বন বিভাগৰ লোকৰ লগতো যোগাযোগ কৰিছে বুলি জানিবলৈ দিছে যুৱকেইজনে ।
স্ব-ইচ্ছাৰে প্ৰতিদিনে এই কাম কৰিবলৈ যুৱকসকল ওলাই আহে । প্ৰতিদিনে আবেলি ৪ বজাৰ পৰা জংঘল পৰিষ্কাৰ কৰাৰ কাম কৰে । মুঠতে বনাঞ্চলখন পুনৰ সেউজীয়া কৰি তোলাৰ বাবে নিজাববীয়াকৈ প্ৰয়াস কৰিছে যুৱককেইজনে । কেৱল টিংৰাইতে নহয়, এনেদৰে বনাঞ্চল সংৰক্ষণ কৰাতো এতিয়া প্ৰতিখন ঠাইতে প্ৰয়োজনীয় হৈ পৰিছে ।
লগতে পঢ়ক:সংসদ ভৱন নে বাজপেয়ী ভৱনঃ ক'ত হ'ব সোণোৱালৰ সংস্থাপন ?