ETV Bharat / state

Women protest at Bargolai: অসামাজিক কাৰ্যৰ বিৰুদ্ধে পাঁচ শতাধিক মহিলাৰ উত্তাল প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 7:42 AM IST

শনিবাৰে মাৰ্ঘেৰিটাৰ বৰগোলাইত ড্ৰাগছ, কানি, বাল্য বিবাহ, শিশু শ্ৰমিক বন্ধৰ দাবীত এক সজাগতা সভাৰ লগতে এক বিশাল শোভাযাত্ৰাৰ আয়োজন কৰা হয় । মাৰ্ঘেৰিটা মহকুমাৰ বৰগোলাই পঞ্চায়তৰ অন্তৰ্গত অসম জীৱিকা সখী অভিযান আৰু বৰগোলাই গাঁও পঞ্চায়ত কাৰ্যকৰী সমিতিৰ যুটীয়া উদ্যোগত আয়োজিত এই কাৰ্যসূচীত পাঁচ শতাধিক মহিলাই অংশগ্ৰহণ কৰে ৷

Women protest against drugs child marriage child labour
বৰগোলাইত মহিলাৰ প্ৰতিবাদ

তিনিচুকীয়া, 24 ছেপ্টেম্বৰ : শনিবাৰে বিভিন্ন দাবী লৈ ৰাজপথলৈ ওলাই আহিল তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ বৰগোলাই গাঁও পঞ্চায়তৰ অন্তৰ্গত পাঁচ শতাধিক মহিলাই ৷ মাৰ্ঘেৰিটা মহকুমাৰ বৰগোলাই পঞ্চায়তৰ অন্তৰ্গত অসম জীৱিকা সখী অভিযান আৰু বৰগোলাই গাঁও পঞ্চায়ত কাৰ্যকৰী সমিতিৰ যুটীয়া উদ্যোগত মদ, ড্ৰাগছ, কানি, বাল্য বিবাহ, নাৰী নিৰ্যাতন আৰু শিশু শ্ৰমিক বন্ধ কৰাৰ দাবীত এক সজাগতা সভাৰ লগতে এক বিশাল শোভাযাত্ৰাৰ আয়োজন কৰা হয় ।

শনিবাৰে পুৱা প্ৰায় 11:30 বজাত বৰগোলাই কলিয়ৰী ৰংগমঞ্চৰ পৰা আৰম্ভ হয় এই প্ৰতিবাদী শোভাযাত্ৰা ৷ আঞ্চলিক পঞ্চয়তৰ সভাপতি সুখদেৱ শৰ্মা উপস্থিতিত এই শোভাযাত্ৰা উদ্বোধন কৰে বৰগোলাই পঞ্চায়তৰ সভানেত্ৰী মীৰা চুৰ্বাই । কলিয়ৰী ৰংগমঞ্চৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী পদযাত্ৰাই বৰগোলাই চাৰিআলি, বাঁহবাৰী হৈ চাৰি কিলমিটাৰ ঘূৰি বৰগোলাই পঞ্চায়তত উপস্থিত হৈ এক সজাগতা সভা অনুষ্ঠিত কৰে ।

এই প্ৰতিবাদী শোভাযাত্ৰাত অংশগ্ৰহণ কৰা পাঁচশৰো অধিক মহলাই বিভিন্ন শ্ল’গানেৰে বৰগোলাইৰ বাট-পথ উত্তাল কৰি তোলে । আয়োজিত এই সজাগতা সভাত বিষ্ণু প্ৰিয়া চেতিয়াই উদ্দেশ্য ব্যাখ্যা কৰে ৷ উক্ত সভাখনত বৰগোলাই পঞ্চায়তৰ প্ৰাক্তন সভাপতি ভৱেশ দত্ত, শ্যাম উপাধ্যায়, আঞ্চলিক পঞ্চায়ত সদস্যা মুনমী গগৈ, জীৱিকা সখী অভিযানৰ ফিলিমি পেগু উপস্থিত থাকে ।

এওঁলোকৰ উপৰিও উপস্থিত থাকে পঞ্চায়ত সভানেত্ৰী মীৰা চুৰ্বা, মাণিক শীল, মণিকা কোঁ‌ৱৰ, কৃপা ডাং, জোনমণি খাতুনৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি । সভাত বক্তাসকলে ড্ৰাগছ, কানি আদি নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলনত ৰোধ কৰাৰ লগতে এনে কাৰ্যত জড়িত হোৱাৰ পৰা সকলোকে বিৰত থাকিবলৈ আহ্বান জনায় ।

মহিলাসকলে নিচাযুক্ত দ্ৰব্যৰ সেৱন আৰু বিক্ৰী কৰা সকলক সতৰ্ক কৰি দি কয় যে, পৰৱৰ্তী সময়ত মহিলা সমাজে এইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব ।

লগতে পঢ়ক : cancer awareness program:মৰিগাঁৱত কৰ্কট ৰোগৰ সজাগতা সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.