ETV Bharat / state

গঞাৰ হুংকাৰ : সমস্যা সমাধান নকৰিলে নেতাৰ প্ৰৱেশ নিষেধ

author img

By

Published : Oct 2, 2020, 10:01 PM IST

ৰাইজৰ সমস্যা সমাধান নকৰাৰ বাবে তিনিচুকীয়াত ৰাইজৰ গাঁওসভাৰ আয়োজন ৷ ৰাইজৰ সমস্যা সমাধান নকৰিলে ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষেধ ৷ লগতে, প্ৰতিবাদত বহাৰ হুংকাৰ ৰাইজৰ ৷

Villagers Protest In Tinsukiya District
ৰাইজৰ সমস্যা সমাধান নকৰাৰ বাবে তিনিচুকীয়াত ৰাইজৰ গাঁওসভা

তিনিচুকীয়া, 2 অক্টোবৰ : তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টিৰ ডিৰাক ন-মেছাই গহৰাগুৰিত অঞ্চলটোৰ বিভিন্ন সমস্যাৰ ওপৰত শুকুৰবাৰে এখনি ৰাজহুৱা সভাৰ আয়োজন কৰা হয় ৷ ডিৰাক ন-মেছাই গহৰাগুৰি প্ৰাথমিক বিদ্যালয়ত আয়োজন কৰে ৰাজহুৱা সভাখন ৷ উক্ত সভাত বিধায়ক বলিন চেতিয়াৰ লগতে বিজেপি দলৰ নেতা কৰ্মীৰ প্ৰৱেশত বাধা দিয়াৰ সংকল্প গ্ৰহণ কৰে গাঁওবাসীয়ে ৷

গাঁওবাসীৰ অভিযোগ অনুসৰি, বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে যিমানেই উন্নয়নৰ ধাক-ঢোল নবজাওক কিয় কিন্তু শদিয়া সমষ্টিৰ বিভিন্ন গাঁও সমূহে ইয়াৰ প্ৰকৃত ছবি দাঙি ধৰিছে ৷ স্থানীয় লোকে যাতায়ত অব্যাহত ৰখা একমাত্ৰ পথটো দীৰ্ঘ বছৰৰ পৰা জৰাৰ্জীণ হৈ আছে যদিও বিধায়ক গৰাকীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ ৷

লগতে পঢ়ক : কেলেংকাৰীৰ কথা কোৱাৰ পূৰ্বে ৰিপুন বৰাই নিজৰ ইতিহাসটো চাওক : পদ্ম হাজৰিকা

উল্লেখ্য যে, অঞ্চলটোৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জেঙনি সংযোগী প্ৰায় 3 কিলোমিটাৰ পথ আৰু পথটোত থকা এখন জৰাজীৰ্ণ দলং বিগত বহু বছৰৰ পৰা যাতায়তৰ অনুপযোগী হৈ আছিল ৷ অঞ্চলটোৰ সচেতন লোকে বহুবাৰ স্থানীয় বিধায়ক বলিন চেতিয়াক সমস্যাৰাজিৰ বিষয়ে অৱগত কৰে যদিও বিধায়ক গৰাকীয়ে টুলুঙা মন্তব্যৰে গাঁওখনৰ সমস্যা সমূহক আওকাণ কৰাৰ অভিযোগ কৰিছে গাঁওবাসীয়ে । যাৰবাবে ৰাজহুৱা সভাৰ যোগেদি বিধায়ক বলিন চেতিয়াৰ লগতে বিজেপি দলৰ সভা অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে গাওঁবাসীয়ে ৷

লগতে পঢ়ক : পৰ্যটকৰ বাবে পুনৰ মুকলি হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান

জানিব পৰা মতে, উক্ত পথছোৱা নিৰ্মাণৰ বাবে পুঁজিও আবন্টিত হৈছিল ৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হ’ল যে, উক্ত পথটোৰ এটা অংশ অন্তৰ্ভুক্ত হৈছে মাৰ্ঘেৰিটা বিধান সভা সমষ্টিত ৷ ইয়াৰ ফলশ্ৰুতিত পথটো নিৰ্মাণৰ ক্ষেত্ৰত বেমেজালিৰ সৃষ্টি হৈছে বুলিও একাংশই মন্তব্য কৰে ৷ উক্ত সভাতেই তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সহ সাঃ সম্পাদক বিতু ডেকাই বিধায়ক বলিন চেতিয়াক এজন অকৰ্মণ্য বিধায়ক বুলি মন্তব্য কৰাৰ লগতে গাওঁখনৰ সমস্যা সমাধান নোহোৱা পৰ্যন্ত আছুৱে গাওঁবাসীৰ লগত থকাৰ কথা জানিবলৈ দিয়ে ৷

প্ৰায় তিনি শতাধিক যুৱক-যুৱতীকে ধৰি গাঁওখনৰ পুৰুষ-মহিলা,বৃদ্ধ-বৃদ্ধাই সভাখনিত অংশগ্ৰহণ কৰি গাঁওখনৰ বিভিন্ন সমস্যা সন্দৰ্ভত বক্তব্য আগবঢ়াই আৰু বিধায়কৰ লগতে নেতা-পালিনেতা সকলৰ ওপৰত ক্ষোভ উজাৰে ৷ গাঁওবাসীৰ বাবে আগন্তুক সময়ত শীঘ্ৰেই যদি গাঁওখনৰ পথ,দলঙকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ সমস্যা সমূহ সমাধান নকৰিলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ,চৰকাৰী কাৰ্যালয় সমূহত ধৰ্ণা দিয়াৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক : এটা খাদী উৎপাদন কেন্দ্ৰৰ মৃত্যু মুখী যাত্ৰাঃ ইটিভ ভাৰতৰ বিশেষ প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.