তিনিচুকীয়া, 7 নৱেম্বৰঃ তিনিচুকীয়া জিলাত থকা একাংশ সংৰক্ষিত বনাঞ্চলত এতিয়া চোৰাং ব্যৱসায়ীৰ হাতুৰা । চোৰাং ব্যৱসায়ীয়ে এফালৰ পৰা নিৰ্বিঘ্নে নিঃশেষ কৰি গৈছে বনাঞ্চলসমূহ । বনাঞ্চলসমূহত থকা মূল্যৱান গছ-গছনি কাটি চলাই গৈছে ৰমৰমীয়া ব্যৱসায়ী । বুধবাৰে নিশা ডুমডুমা বন সংমণ্ডলৰ অধীনৰ তৰাণী বনাঞ্চলৰ পৰা চোৰাং ব্যৱসায়ীয়ে মূল্যৱান গছৰ কুণ্ডা কঢ়িয়াই লৈ গৈ থকা অৱস্থাত বৰডুমচা আৰক্ষীৰ অভিযানত জব্দ হয় এখন চোৰাং কাঠ ভৰ্তি ট্ৰাক ।
উল্লেখ্য যে, চোৰাং কাঠ কঢ়িয়াই লৈ গৈ থকা বাহনখন বৰডুমচা আৰক্ষীয়ে খেদি খেদি জব্দ কৰে যদিও চালকজন পলাই যাবলৈ সক্ষম হয়। বহু লক্ষাধিক টকা মূল্যৰ জব্দকৃত কাঠসহ AS-23C-6285 নম্বৰৰ বাহনখন বৰ্তমান বৰডুমচাৰ আৰক্ষী থানাত ৰখা হৈছে ।
লগতে চাওকঃ ৰাসোৎসৱৰ ব্যাপক আয়োজন মাজুলী উত্তৰ কমলাবাৰীত