ETV Bharat / state

উৰুখা পঁ‌জাত মৰাণৰ এগৰাকী আইতাৰ জীৱন সংগ্ৰাম - জীৱন সংগ্ৰাম

কোনোধৰণৰ চৰকাৰী আঁচনি লাভ নকৰা আইতাগৰাকীয়ে বছৰ বছৰ ধৰি গোহালী সদৃশ এক পৰিৱেশত জীৱন অতিবাহিত কৰি আহিছে ৷ ঘুণ্টি গোৱালা নামৰ আইতাগৰাকীৰ ঘৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত তিলৈ নগৰ গাঁও পঞ্চায়তৰ তিলৈ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সমীপত ৷ ইপিনে আইতাগৰাকীৰ ঘৰত শুবলৈ নাই এখন বিচনা, ঘৰৰ বেৰৰ ফাঁকেৰে সহজেই প্ৰৱেশ কৰিব পাৰে বনৰীয়া জীৱ-জন্তু ৷

the life story of a poor old woman in Moran
উৰুখা পঁ‌জাত মৰাণৰ এগৰাকী আইতাৰ জীৱন সংগ্ৰাম
author img

By

Published : May 25, 2020, 8:25 PM IST

মৰাণ, 25মে': প্ৰতিযোগিতাৰ পৃথিৱীত কোনোবাই যদিও লাহ-বিলাসৰ মাজতে জীৱন উপভোগ কৰিছে আন কোনোবাই উৰুখা পঁজাতে এসাঁজ খাই দিন পাৰ কৰিব লগা হৈছে । কেতিয়াবা এনে ঘটনাও হয়, কাৰোবাৰ পুত্ৰ-জী থাকিও জীৱন পাৰ কৰিছে অকলশৰে দুখ-কষ্টৰ মাজৰে । তেনে এটা ঘটনাই সংঘটিত হৈছে মৰাণত । লকডাউনৰ মাজতে পোহৰলৈ আহিছে 60 বছৰীয়া এগৰাকী আইতাৰ কৰুণ কাহিনী ৷

কোনোধৰণৰ চৰকাৰী আঁচনি লাভ নকৰা আইতাগৰাকীয়ে বছৰ বছৰ ধৰি গোহালী সদৃশ এক পৰিৱেশত জীৱন অতিবাহিত কৰি আহিছে ৷ ঘুণ্টি গোৱালা নামৰ আইতাগৰাকীৰ ঘৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত তিলৈ নগৰ গাঁও পঞ্চায়তৰ তিলৈ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সমীপত ৷ ইপিনে আইতাগৰাকীৰ ঘৰত শুবলৈ নাই এখন বিচনা, ঘৰৰ বেৰৰ ফাঁকেৰে সহজেই প্ৰৱেশ কৰিব পাৰে জীৱ-জন্তু ৷ জানিব পৰা মতে, 8 বছৰ আগতেই এক অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যমুখত পৰিছিল আইতাগৰাকীৰ স্বামী ৷ একমাত্ৰ কন্যা সন্তানকো বিয়া দিয়াত অকলশৰে থাকিবলগীয়া হৈছে আইতাগৰাকী ৷

উৰুখা পঁ‌জাত মৰাণৰ এগৰাকী আইতাৰ জীৱন সংগ্ৰাম

খুজি-মাগি জীৱন-নিৰ্বাহ কৰা আইতাগৰাকীয়ে আজিপৰ্যন্ত লাভ কৰা নাই কোনোধৰণৰ চৰকাৰী সাহাৰ্য অথবা আঁচনি ৷ আনকি আইতাগৰাকীয়ে নাজানে কেনেকৈ লাভ কৰিব পাৰে চৰকাৰী আঁচনি ? ইয়াৰ উপৰিও আইতাৰ বাবে সময় নাই তথা দৃষ্টি পৰা নাই পঞ্চায়ত প্ৰতিনিধি তথা স্থানীয় বিধায়কৰ ৷ অকলশৰে এটি ভঙা পঁজাত বাস কৰা আইতাগৰাকীক এতিয়া প্ৰয়োজন ৰাইজৰ সহায়ৰ হাত ৷ প্ৰশ্ন হয়, দৰিদ্ৰ ৰাইজৰ উন্নয়নৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰে আহৰি পাবনে আইতাগৰাকীৰ কথা শুনিবলৈ ? লাভ কৰিবনে চৰকাৰী আঁচনি ? নে এইদৰেই পাৰ কৰিব লাগিব জীৱনৰ বাকী সময় ৷

লগতে পঢ়কঃকোৱাৰেণ্টাইন চেণ্টাৰৰ ভিতৰতে যুগ্ম জীৱনৰ পাতনি মেলিলে দৰা-কইনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.