ETV Bharat / state

তিনিচুকীয়া তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন

author img

By

Published : Dec 10, 2020, 7:28 PM IST

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্মৃতিত ৰাজ্যজুৰি চলিছে সদ্ভাৱনা যাত্ৰা । প্ৰতিখন জিলাতেই শান্তি যাত্ৰাৰ জৰিয়তে বিসৰ্জন দিয়া হ'ব তৰুণ গগৈৰ অস্থি । বৃহস্পতিবাৰে তিনিচুকীয়া জিলাৰ ঢলা-শদিয়া ছৈখোৱা ঘাটত সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে পিতৃৰ চিতাভষ্ম বিৰ্সজন দিয়ে ৷

tarun-gogoi-last-journey
তিনিচুকীয়া তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন

তিনিচুকীয়া, 10 ডিচেম্বৰ: প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্মৃতিত ৰাজ্যজুৰি চলিছে সদ্ভাৱনা যাত্ৰা ৷ বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ তিনিচুকীয়া জিলা শাখাৰ উদ্যোগত তিনিচুকীয়া থানা চাৰিআলিত আয়োজন কৰা হয় প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।

tarun-gogoi-last-journey
তিনিচুকীয়া তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন

বুধবাৰে যোৰহাটৰ নিমাতি ঘাটত চিতাভষ্ম বিৰ্সজন কৰি বৃহস্পতিবাৰে ৰাইজৰ সুবিধাৰ্থে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰে তিনিচুকীয়া জিলা কংগ্ৰেছ সমিতিয়ে ৷ এই অনুষ্ঠানতে তিনিচুকীয়াবাসী ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে শ্ৰদ্ধাঞ্জলি জনাই প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীক ৷

তিনিচুকীয়া তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন

উল্লেখ্য যে, প্ৰতিখন জিলাতেই সদ্ভাৱনা যাত্ৰাৰ জৰিয়তে বিসৰ্জন দিয়া হ'ব তৰুণ গগৈৰ অস্থি । তিনিচুকীয়া থানা চাৰিআলিৰ পৰা ৰাওনা হৈ তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সমাপন কৰি ঢলা-শদিয়া ছৈখোৱা ঘাটত সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে পিতৃৰ চিতাভষ্ম বিৰ্সজন দিয়ে ৷

লগতে পঢ়ক: চেতনা ঘূৰাই পাইছে পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.