ডুমডুমা, 13 অক্টোবৰ : মঙলবাৰে পুৱতি নিশা প্ৰায় 2 বজাত তিনিচুকীয়া জিলাৰ ডুমডুমাৰ দৈমুখীয়া চাহ বাগিচাত এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয় । অভিযোগ অনুসৰি, বাগিচাখনত বোনাচৰ টকা বিচাৰি প্ৰায় 20/25 জনীয়া এটা ডকাইতৰ দলে পুৱতি নিশা বাগিচাৰ কাৰ্যালয়ৰ তিনি গৰাকী চকিদাৰক এটা কোঠাত আৱদ্ধ কৰি দুটা কাৰ্যালয়ৰ তলা ভাঙি ডকাইতৰ দলটোৱে কাৰ্যালয়ত প্ৰৱেশ কৰে ।
হাতে সজা মাৰাণাস্ত্ৰ আৰু দা জাতীয় চোকা অস্ত্ৰৰে সু-সজ্জিত দলটোৱে কাৰ্যালয়ৰ ভিতৰৰ টকা থোৱা বাকচ ভাঙিবলৈ চেষ্টা কৰে যদিও বিফল হয় । পৰৱৰ্তী সময়ত বোনাচৰ টকা বিচাৰি কাৰ্যালয়টোৰ সকলো আলমাৰি লণ্ডভণ্ড কৰি চকীদাৰ দুজনৰ মোবাইল ফোন আৰু বাগিচাখনৰ মেনেজাৰৰ কম্পিউটাৰ লৈ যোৱাৰ লগতে চি. চি. টিভিৰ কেমেৰা ভাঙি থৈ যায় ।
উল্লেখ্য যে,উক্ত ঘটনাই সমগ্ৰ বাগিছাখনতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
লগতে পঢ়ক : ৱেব পৰ্টেলৰ সাংবাদিকক এইবাৰ প্ৰশাসনে লগাব নাকী !