ETV Bharat / state

আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ অসমলৈ মুকলি প্ৰশ্ন

author img

By

Published : May 4, 2021, 10:51 PM IST

বিতৰ্কৰ শীৰ্ষত আছে আলফা (স্বা) তথা নিষিদ্ধ ঘোষিত সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ অসম ৷ সন্ধানহীন অ’এনজিচিৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ সন্দৰ্ভত আলফা স্বাধীনলৈ ৰাজহুৱা প্ৰশ্ন অসম যুৱ শক্তি পৰিষদৰ ৷

protest againts ulfa
আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ অসমলৈ মুকলি প্ৰশ্ন

তিনিচুকীয়া,4 মে': প্ৰথমে কুইপ’ৰ দুই বিষয়া তাৰ পিছত তিনিগৰাকীকৈ অ’এনজিচিৰ কৰ্মচাৰীৰ অপহৰণ কাৰ্য সংঘটিত কৰি শেহতীয়াকৈ বিতৰ্কৰ শীৰ্ষত আছে আলফা (স্বা) তথা নিষিদ্ধ ঘোষিত সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ অসম ৷

যোৱা ২১ এপ্ৰিলত লাকুৱাৰ পৰা আলফা স্বাধীনে অপহৰণ কৰা অ’এনজিচিৰ কৰ্মচাৰী কেইজনৰ ভিতৰত অপহৃত ৰিতুল শইকীয়া আজিও সন্ধানহীন হৈয়েই আছে ৷ পিছে কৰ’ণাৰ ভয়াৱহ পৰিস্থিতিৰ বাবেই হওঁক অথবা শেহতীয়াকৈ ঘোষণা হোৱা ৰাজ্যৰ বিধানসভাৰ ফলাফলৰ বাবেই হওঁক সন্ধানহীন অ’এনজিচিৰ কৰ্মচাৰীৰ গৰাকীৰ অপহৰণৰ বিষয়টো তল পৰি ৰ’ল ৷ ইফালে, পৰেশ অসমেও শেহতীয়াকৈ বিবৃতিযোগে বিষয়টোত দায় সৰা মন্তব্য প্ৰদান কৰিছে ৷ এই গোটেই পৰিস্থিতিয়ে ৰিতুল শইকীয়াৰ সন্ধান সম্পৰ্কে ৰহস্যৰ সৃষ্টি কৰিছে ৷

আনহাতে, অসম যুৱ শক্তি পৰিষদ নামৰ এটা সংগঠনে এই সম্পৰ্কত আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ মুকলি প্ৰত্যাহ্বান জনাইছে ৷ তিনিচুকীয়াৰ থানা চাৰিআলি, পুৰণি ৰে’ল ষ্টেচন, হিজুগুৰি জেৰাই গাঁৱৰ পৰেশ বৰুৱাৰ গৃহৰ সমীপত, চাবুৱা বালিজান, মাকুম, ডুমডুমা কলেজৰ সন্মুখত আৰু ডুমডুমাৰ এছবিআইৰ সন্মুখভাগত ডাঙৰ ডাঙৰ বেনাৰ লগাই অসম যুৱ শক্তি পৰিষদে 'আলফা স্বাধীন কোন স্তৰত ?' বুলি প্ৰশ্ন উত্থাপন কৰে ৷ যোৱা ২১ এপ্ৰিলত লাকুৱাৰ পৰা আলফা স্বাধীনে অপহৰণ কৰা অ’এনজিচিৰ কৰ্মচাৰী ৰিতুল শইকীয়া ক’ত, তেওঁৰ সন্ধান দিয়ক লগতে মুক্তি দিয়ক, ৰিতুল শইকীয়াৰ দায়িত্ব আপোনাৰ নাই নেকি?, অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ লগত শত্ৰুতা কিয় ? আদি প্ৰশ্নৰ ৰাজহুৱাভাৱে উত্থাপন কৰিছে ৷

এতিয়া আলফা (স্বা)নে এই সম্পৰ্কত কি স্থিতি লয় অথবা সন্ধানহীন ৰিতুল শইকীয়াৰ ভৱিষ্যৎ কি হ’ব এই বিষয়ত দৃষ্টি নিৱদ্ধ হৈ থাকিব ৰাজ্যবাসীৰ ৷

লগতে পঢ়ক : নিৰ্বাচনী পৰাজয়ৰ কাৰণ বিশ্লেষণ আঙুৰলতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.