ETV Bharat / state

তিনিচুকীয়াৰ লাংকাচিত ক'ক' গছ পুলি ৰোপণ - শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণ

উজনি অসমৰ তিনিচুকীয়া জিলাৰ লাংকাচি গাঁৱত পোন প্ৰথমবাৰৰ বাবে এই ক'ক' (চকলেট) গছ ৰোপণ কৰা হৈছে । যাৰবাবে উজনি অসমৰ একমাত্ৰ এই গাঁওখন ক'ক' (চকলেট গছ) খেতিৰ বাবে বিখ্যাত হৈ পৰিব । গাঁওখনৰ ৪০ গৰাকীকৈ হিতাধিকাৰীক লগত লৈ প্ৰতিগৰাকী হিতাধিকাৰীৰ ৩ বিঘাকৈ মাটিত প্ৰথমবাৰৰ বাবে কৰা হ'ব এই খেতি ।

plantation of chocolate tree in langkasi
তিনিচুকীয়াৰ লাংকাচিত ক'ক' গছ (চকলেট) পুলি ৰোপণ
author img

By

Published : Feb 25, 2022, 11:52 AM IST

তিনিচুকীয়া, 25 ফেব্ৰুৱাৰী : তিনিচুকীয়াৰ লাংকাচি গাঁৱত ক'ক' গছ (চকলেট) পুলিৰ ৰোপণ । উজনি অসমৰ লাংকাচি গাঁৱত পোন প্ৰথমবাৰৰ বাবে ৰোপণ হৈছে এই ক'ক' গছ । ক'ক' গছ ৰোপণৰ পৰা খেতিয়কসকলে অতি লাভাম্বিত হ’বলৈ সক্ষম হ'ব । ইটাখুলি উন্নয়ন খণ্ডৰ সৌজন্যত এম জি এনৰেগা আঁচনিৰ স্বনিৰ্ভৰ নাৰী আত্মনিৰ্ভৰ অসমৰ অধীনত বৃহস্পতিবাৰে তিনিচুকীয়াৰ লাংকাচি গাঁৱত খেতিয়কসকলে হৰেশ্বৰ ফুকন আৰু লক্ষ্মীনাথ চেতিয়াৰ প্ৰচেষ্টাত ক'ক' (চকলেট গছ) ৰোপণৰ(Plantation of Cacao tree in Tinsukia) কাৰ্যসূচী ৰূপায়ণ কৰে ।

plantation of chocolate tree in langkasi
তিনিচুকীয়াৰ লাংকাচিত ক'ক' গছ (চকলেট) পুলি ৰোপণ

শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণ (Tea Tribes and Labour Welfare Minister Sanjay Kishan) উপস্থিত থাকি গছ পুলি ৰোপণ কৰে । মন্ত্ৰী কিষাণে সংবাদ মাধ্যমৰ আগত জনায় যে, স্বনিৰ্ভৰ অসম গঢ় দিবলৈ আৰু নিবনুৱাক সংস্থাপিত কৰিব পৰাকৈ অনাগত দিনত তিনিচুকীয়াৰ বিভিন্ন ঠাইত এই ক'ক' (চকলেট গছ) ৰ প্ৰদান কৰিব । অৰুণ মৰাণৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত কৃষি বিভাগৰ সহকাৰী পৰিদৰ্শক পুলক গগৈ, জিলা পৰিষদৰ বিষয়ববীয়া, কেইবাগৰাকী চৰকাৰী বিষয়া, লাংকাচি গাঁৱৰ বিভিন্ন মহিলা গোটৰ বিষয়ববীয়াসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।

উজনি অসমৰ তিনিচুকীয়া জিলাৰ লাংকাচি গাঁৱত পোন প্ৰথমবাৰৰ বাবে এই ক'ক' (চকলেট) গছ ৰোপণ কৰা হৈছে । যাৰবাবে উজনি অসমৰ একমাত্ৰ এই গাঁওখন ক'ক' (চকলেট গছ) খেতিৰ বাবে বিখ্যাত হৈ পৰিব । গাঁওখনৰ ৪০ গৰাকীকৈ হিতাধিকাৰীক লগত লৈ প্ৰতিগৰাকী হিতাধিকাৰীৰ ৩ বিঘাকৈ মাটিত প্ৰথমবাৰৰ বাবে কৰা হ'ব এই খেতি । প্ৰতি বিঘাত ১৪০ টাকৈ পুলি ৰোপণ কৰিব পৰাকৈ বৃহস্পতিবাৰে প্ৰায় ১৬০০ তকৈ অধিক ক'ক' (চকলেট গছ) প্ৰদান কৰে ।

ক'ক' (চকলেট গছ) খেতিৰ ওপৰত হিতাধিকাৰীসকলক উদ্দেশ্যি এই খেতিৰ বিষয়ে সবিশেষ বৰ্ণনা কৰে ইটাখুলি খণ্ড উন্নয়ন বিষয়া শিখামণি গগৈয়ে । উল্লেখযোগ্য যে, ক’ক’ৰ খেতি কৰি কম সময়ৰ ভিতৰতে সৰ্বাধিক উৎপাদন কৰি অতি কম সময়ৰ ভিতৰতে লাভাম্বিত হ’ব পৰা যায় ৷ এই খেতি ৰোপণ কৰা তিনি বছৰৰ পিছতে ইয়াৰ ফল ধৰিব আৰু এই ক'ক'ই (চকলেট গছ) ত্ৰিশ বছৰলৈকে ফল দিব । যাৰবাবে এই ক'ক'ৰ (চকলেট গছ) খেতিয়কসকল লাভাম্বিত হ'ব পাৰিব ।

লগতে পঢ়ক : Railway land leasing to corporates: লীজত দিয়া মাটি ৰাজ্য চৰকাৰৰ অধীনলৈ অনাৰ পৰিকল্পনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.