ETV Bharat / state

Mob lynching case: পৰিয়ালৰ সন্মুখতেই মৰিয়াই মৰিয়াই নৃশংভাৱে হত্যা প্ৰাঞ্জল মৰাণক

author img

By

Published : Apr 26, 2023, 9:18 PM IST

তিনিচুকীয়া জিলাৰ মাকুমৰ ৰূপনগৰত এচাম নৰপিশাচৰ জিঘাংসাৰ বলি হ’ল এজন যুৱক (Youth brutally murdered in front of family) ৷ জ্যেষ্ঠ ভগ্নীৰ সন্মুখতেই মৰিয়াই মৰিয়াই হত্যা কৰিলে প্ৰাঞ্জল মৰাণ নামৰ এজন যুৱকক (Mob lynching case at Makum) ৷

Pranjal brutally murdered in front of family
পৰিয়ালৰ সন্মুখতেই মৰিয়াই মৰিয়াই নৃশংভাৱে হত্যা প্ৰাঞ্জলক

তিনিচুকীয়া, ২৬ এপ্ৰিল: মানৱৰূপী দানৱৰ পৈশাচিক ৰূপ ৷ ৰাজ্যত পুনৰ সংঘটিত হৈছে অভি-নীলসদৃশ কাণ্ড (Mob lynching case) ৷ জ্যেষ্ঠ ভগ্নীৰ সন্মুখতেই মৰিয়াই মৰিয়াই হত্যা কৰিলে প্ৰাঞ্জল মৰাণ নামৰ এজন যুৱকক (Mob lynching case at Makum)৷ তিনিচুকীয়া জিলাৰ মাকুমৰ ৰূপনগৰত এচাম নৰপিশাচৰ জিঘাংসাৰ বলি হ’ল প্ৰাঞ্জল ৷

ঘটনাৰ বিৱৰণী অনুসৰি তিনিচুকীয়া জিলাৰ মাকুম ৰূপ নগৰৰ বাসিন্দা প্ৰাঞ্জল মৰাণ নামৰ যুৱকজনে জ্যেষ্ঠ ভগ্নীৰ লগত ওলাই গৈছিল কিবা কামত ৷ কিন্তু তেতিয়াই কালে পিচ লৈছিল ভাতৃ-ভগ্নীহালৰ ৷ প্ৰাঞ্জলে ভগ্নীৰ ঘৰৰ পৰা ওলায়েই কিবা কামৰ বাবে চাপৰোতেই 8 জনীয়া যুৱকৰ দলৰ এজনে পিচফালৰ পৰা গোৰ মাৰে প্ৰাঞ্জলক (Youth brutally murdered in front of family) ৷

লগে লগে ভগ্নীয়ে এই ঘটনা দেখি যুৱককেইজনক খেদি পঠিয়াই ৷ লগে লগে প্ৰাঞ্জলে নিজকে গাড়ীৰ ভিতৰত বন্ধ কৰি লয় ৷ ইফালে তেতিয়ালে যুৱককেইজনে প্ৰাঞ্জলৰ গাড়ীৰ ওচৰতে ৰৈ প্ৰাঞ্জল বাহিৰলৈ ওলাই অহালৈ অপেক্ষা কৰি আছিল (Youth become victim of mob lynching) ৷ মাজে মাজে দুজনমানে প্ৰাঞ্জলক ওলাই আহিলেই মাৰি পেলাম বুলি ভাবুকিও প্ৰদান কৰিছিল ৷

তেনেদৰে গাড়ীৰ ভিতৰত সোমাই থকাত প্ৰাঞ্জলৰ উশাহ বন্ধ হৈ অজ্ঞান হৈ পৰি যায় ৷ লগে লগে এই ঘটনা দেখি প্ৰাঞ্জলৰ জ্যেষ্ঠ ভগ্নীয়ে ভাতৃক পানী ছটিয়াই ভাল কৰিবলৈ লওঁতেই অতৰ্কিতে প্ৰাঞ্জলক আগুৰি ধৰি উপৰ্যুপৰি মাৰধৰ কৰে ৷ প্ৰাঞ্জলাৰ ভগ্নীয়ে চেষ্টা কৰাৰ ওপৰিও আঠ যুৱকৰ পৰা ভাতৃক বচাব পৰা নাছিল ৷ অৱশেষত নৰপিশাচকেইটাই প্ৰাঞ্জলক মুমূৰ্ষু অৱস্থাত তেনেদৰে পেলাই থৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে (Abhi Neel incident repeats) ৷

প্ৰাঞ্জলৰ ভগ্নীয়ে ভাতৃক চিকিৎসালয়লৈ ভৰ্তি কৰাবলৈ লৈ যায় যদিও তেতিয়ালৈ অকাল মৃত্যুক সাৱটি লয় প্ৰাঞ্জলে ৷ এই সন্দৰ্ভত মাকুম আৰক্ষীয়ে প্ৰাঞ্জল মৰাণৰ পৰিয়ালৰ এজেহাৰ ভিত্তিত ঘটনা লগত জড়িত থকা পাঁচ যুৱকক ইতিমধ্যে আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷ আটকাধীন অভিযুক্তকেইটা ক্ৰমে মাকুম গান্ধীনগৰৰ নিতা তাঁতী, টেঙাপানী চাহ বাগিচাৰ চালিল চাওতাল, মাকুম গান্ধী নগৰৰ জিন্টু তাঁতী, মাকুম হেবেদা গাঁৱৰ নৰেন প্ৰজা, টেঙাপানী চাহ বাগিচাৰ কৈলাশ পানীকা ৷ বাকী কেইটা অভিযুক্ত বৰ্তমান পলাতক অৱস্থাত আছে (5 accused detained) ৷

ইফালে চকুৰ সন্মুখতে ভায়েকক এনেদৰে হত্যা কৰাৰ ঘটনা পৰিলক্ষিত কৰি শোকত ভাঙি পৰিছে প্ৰাঞ্জলৰ ভগ্নী ৷ এই ঘটনাৰ লগত জড়িত দোষীক কঠোৰ শাস্তি বিহিবলৈ সংবাদ মাধ্যমৰ যোগেদি মাকুম আৰক্ষীক অনুৰোধ জনাইছে ভগ্নীয়ে ৷ লগতে ইয়াৰ আঁৰত কোন জৰিত আছে তাৰো তদন্ত কৰিবলৈ অনুৰোধ জনাইছে ভগ্নীয়ে (Family demands severe punishment) ৷

লগতে পঢ়ক: Dhubri mysterious death case: এজন যুৱকৰ মৃত্যু আৰু আৰক্ষীৰ বিৰুদ্ধে তদন্তৰ বাবদ ভেঁটি বিচৰাৰ অভিযোগ

উল্লেখ্য যে, আৰক্ষীয়ে বিভিন্ন সময়ত ৰাইজক মৰেল পুলিচগিৰিৰ বিৰুদ্ধে সজাগ কৰিবলৈ চেষ্টা কৰি আহিছে যদিও এতিয়াও গা লৰা নাই একাংশ নৰপিশাচৰ ৷ এতিয়া পৰিয়ালৰ লগতে স্থানীয় বিভিন্ন দল সংগঠনে উক্ত ঘটনাৰ উচিত তদন্ত বিচৰাৰ লগতে দোষীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.