ETV Bharat / state

অচিৰেই অত্যাধুনিক চহৰলৈ পৰিণত হ’ব তিনিচুকীয়া !

তিনিচুকীয়াবাসীৰ স্বস্তিৰ নিশ্বাস ৷ শেহতীয়াকৈ তিনিচুকীয়া জিলাবাসীৰ বাবেও কেতবোৰ আঁচনি উপহাৰস্বৰূপে প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ এই আঁচনি সমূহৰ সন্দৰ্ভত শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে এক সংবাদমেল সম্বোধন কৰি আঁচনিসমূহৰ ঘোষণা কৰি মুখ্যমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে ৷

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 7:34 PM IST

Minister Sanjay Kishan press meet
অচিৰেই অত্যাধুনিক চহৰলৈ পৰিণত হ’ব তিনিচুকীয়া!

তিনিচুকীয়া, ৪ ডিচেম্বৰ: যোৱা 1 ডিচেম্বৰত তিনিচুকীয়া জিলাৰ কনভেনচন চেন্টাৰত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত কৰা হৈছিল ৷ এই বৈঠকত মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ৰাজ্যখনৰ বাবে বিভিন্ন আঁচনি ঘোষণা কৰিছিল । তাৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাবাসীৰ বাবেও কেতবোৰ আঁচনি উপহাৰস্বৰূপে প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

সোমবাৰে এই আঁচনি সমূহৰ সন্দৰ্ভত শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে এক সংবাদমেল সম্বোধন কৰি আঁচনিসমূহ ঘোষণা কৰি মুখ্যমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ শ্ৰমমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, প্ৰথমতে তিনিচুকীয়াৰ জিলা ক্ৰীড়া সন্থাৰ ষ্টেডিয়ামখন পুনৰ উন্নত মানদণ্ডৰে নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 50 কোটি টকা আৱণ্টন কৰিছে ৷ এই ষ্টেডিয়ামে জিলাখনৰ খেলুৱৈসকলক প্ৰতিভা বিকাশ কৰাত সহায় কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷ ইয়াৰ লগতে তিনিচুকীয়াৰ বাইপাছত এটা ISBT নিৰ্মাণ কৰাৰ বাবে পুঁজি আৱণ্টন দিয়াৰ কথা উল্লেখ কৰে।

ইয়াৰ সমান্তৰালভাৱে বাণিজ্যিক চহৰ তিনিচুকীয়া চহৰত অত্যাধুনিক পাৰ্কিং প্লেছ নিৰ্মাণ কৰাৰ কথা সদৰী কৰে ৷ জিলাবাসীৰ বহুদিনীয়া দাবীৰ ভিতৰত অন্যতন দাবী আছিল পাৰ্কিঙৰ দাবী ৷ কাৰণ পাৰ্কিঙৰ অসুবিধাৰ বাবে লোকসকলে অসুবিধা ভুগিবলগীয়া হৈছিল ৷ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ডাক বাংলোৰ পাৰ্কিঙৰ বাবে 40 কোটি টকা ঘোষণা কৰা বুলি কিষাণে সদৰী কৰে ৷ ইয়াৰোপৰি তিনিচুকীয়া জিলাখনত ট্ৰাক টাৰ্মিনেলৰ সৈতে এটা অত্যাধুনিক হাব নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰাটো এটা ডাঙৰ উপহাৰ বুলি জানিবলৈ দিয়ে ৷

ইয়াৰ উপৰিও তিনিচুকীয়া জিলাখনত এনে বহু আঁচনি প্ৰদান কৰাৰ বাবে তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰি তিনিচুকীয়াবাসীৰ সহায় সহযোগিতা কামনা কৰে।

লগতে পঢ়ক: জিলা কংগ্ৰেছৰ অফিচে অফিচে মাছে-মঙহে বনাইছিল, খাবলৈহে কোনো নাহিল: পীয়ুষ হাজৰীকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.