ETV Bharat / state

তিনিচুকীয়া সদৰ আৰক্ষী থানাত সাংবাদিক মনজিৎ মহন্ত

কা' বিৰোধী আন্দোলনত সক্ৰিয় অংশগ্ৰহণৰ বাবেই ৰাষ্ট্ৰদোহৰ গোচৰ জাপি দিয়া হৈছে বিশিষ্ট সাংবাদিক মনজিৎ মহন্তক। ৰাষ্ট্ৰদোহৰ গোচৰৰ বাবে শনি বাৰে তিনিচুকীয়া সদৰ থানাত হাজিৰ হব লগা হল বিশিষ্ট সাংবাদিক গৰাকী।

Manjit Mahanta at tinsukia Police Station
তিনিচুকীয়া সদৰ আৰক্ষী থানাত সাংবাদিক মনজিৎ মহন্ত
author img

By

Published : Mar 8, 2020, 9:25 AM IST

তিনিচুকীয়া,7 মাৰ্চঃ ৰাজ্যত তীব্ৰ ৰূপত চলা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰা একাংশ ব্যক্তি তথা নেতাক ৰাজ্য চৰকাৰে ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰিছে । কৃষক নেতা অখিল গগৈকে ধৰি কেইবাগৰাকীও নেতা সম্প্ৰতি কাৰাগাৰত আবদ্ধ হৈ আছে । সমান্তৰালকৈ চৰকাৰৰ জাতিধ্বংসী সিদ্ধান্তৰ বিৰুদ্ধে মাত মাতি আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে অসম আৰক্ষীয়ে ।

তিনিচুকীয়া সদৰ আৰক্ষী থানাত সাংবাদিক মনজিৎ মহন্ত

বিশিষ্ট সাংবাদিক মনজিৎ মহন্তৰ বিৰুদ্ধে ৰুজু হৈ থকা ৰাষ্ট্ৰদোহৰ গোচৰ সাক্ষ্য দিবলৈ শনিবাৰে তিনিচুকীয়া সদৰ থানাত উপস্থিত হয় সাংবাদিক গৰাকী। সাক্ষ্য দান কৰি সাংবাদিকৰ আগত মনজিৎ মহন্তই কয় যে, 30 জানুৱাৰীত পানীতোলাত অনুষ্ঠিত হোৱা এক গণ আন্দোলনত অংশ লোৱাৰ বাবেই ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা বুলি ৰাষ্ট্ৰদোহৰ গোচৰ আৰক্ষীয়ে তেখেতক জাপি দিছে । চৰকাৰ খনে হীনমান্যতাত ভুগি এইদৰে কা'বিৰোধিতা কৰা আন্দোলনকাৰীক দমন কৰিবলৈ চেষ্টা কৰিছে। কিন্তু কা'ৰ বিৰুদ্ধে আন্দোলন আৰু তীব্রতৰ হ'ব বুলিও মন্তব্য কৰে বিশিষ্ট সাংবাদিক গৰাকীয়ে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.