তিনিচুকীয়া, 4 ডিচেম্বৰ: বাঘজানৰ জুই নিৰ্বাপন কৰিবলৈ মোতায়েন কৰা ৮ জনীয়া বিদেশী বিশেষজ্ঞৰ শেষ বিদায় । বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে,অহা দুই-এদিনৰ ভিতৰতে নিজ দেশ অভিমুখে উভতিব ৮ জনীয়া বিদেশী বিশেষজ্ঞৰ দলটোৱে । বাঘজানবাসী ৰাইজে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে বিশেষজ্ঞৰ দলটোক ।
উল্লেখ্য যে,যোৱা ২৭ মে'ত তাৰিখে বাঘজান BGR, 5 No. তৈল খাদত প্ৰথমে অহৰহভাৱে গেছ নিৰ্গত হৈ ৯ জুনত সূত্ৰপাত হৈছিল ভয়ংকৰ অগ্নিকাণ্ডৰ । অৱশেষত বহু প্ৰচেষ্টাৰ অন্তত যোৱা ১৫ নৱেম্বৰত কানাডাৰ স্নাভিং ইউনিট যন্ত্ৰৰ সহায়ত ৮ জনীয়া বিদেশী বিশেষজ্ঞ সকলৰ প্ৰচেষ্টাত আৰু অ' এন জি চি,অইল কৰ্তৃপক্ষৰ সহায়ত নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় তৈল খাদৰ অগ্নিকাণ্ড । সুদীৰ্ঘ ১৭৩ দিনে বাঘজানবাসীয়ে যন্ত্ৰণা ভোগাৰ পাচত কানাডাৰ এলাৰ্ট গ্ৰুপৰ বিশেষজ্ঞৰ প্ৰচেষ্টাত শান্তিৰ বাৰ্তা লাভ কৰিবলৈ সক্ষম হয় । শনিবাৰে ৮ জনীয়া বিদেশী বিশেষজ্ঞৰ দলটোক আনুষ্ঠানিকভাৱে,উলহ-মালহেৰে বিদায় সম্ভাষণ জনাব বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ আৰু বাঘজানবাসী ৰাইজে ।
লগতে পঢ়ক: AGG আৰু GM জৰীপৰ শুভাৰম্ভণি অইল ইণ্ডিয়াৰ