তিনিচুকীয়া,২১ অক্টোবৰ: ৰাজ্যৰ চৌদিশে এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ । মহাসপ্তমীৰ আনন্দত মতলীয়া সকলো । ইয়াৰ মাজতে এইবাৰ দুৰ্গা পূজা সমিতিসমূহলৈ চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে বিশেষ সাহায্য । তিনিবছৰৰ পুৰণি পূজা সমিতিলৈ চৰকাৰী সাহায্য হিচাপে ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সেই অনুসৰি ৰাজ্যৰ বিভিন্ন পূজা সমিতিক প্ৰদান কৰা হৈছে ১০ হাজাৰ টকাৰ চেক ।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত দুৰ্গাপূজা সমিতিলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ সাহায্য পুঁজিৰ জৰিয়তে প্ৰথমবাৰৰ বাবে তিনিচুকীয়াত চেক বিতৰণ অনুষ্ঠানৰ আয়োজন কৰে । তিনিচুকীয়া হোটেল এৰ’মাত আয়োজন কৰা উক্ত চেক বিতৰণ অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ ৷
উক্ত অনুষ্ঠানত তিনিচুকীয়াৰ ৬৪ খন দূৰ্গাপূজাৰ সমিতিক প্ৰদান কৰে ১০ হাজাৰ টকাকৈ আৰ্থিক সাহায্যৰ চেক আৰু চেক প্ৰদান কৰাৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে উল্লেখ কৰে যে, বিগত দিনসমূহত বিভিন্ন দুৰ্গা পূজা সমিতিয়ে মন্ত্ৰী, বিধায়ক, সাংসদৰ ওচৰলৈ সাহায্য বিচাৰি যায়, কিন্তু সকলো পূজাক সাহায্য দিয়াটো সম্ভৱ নহয় । গতিকে এইসমূহ বিষয়ে মুখ্যমন্ত্ৰীগৰাকীক অৱগত কৰাত শেহতীয়াকৈ কেবিনেটৰ সিদ্ধান্ত অনুসৰি প্ৰতিখন দুৰ্গা পূজা সমিতিক ১০ হাজাৰ টকাকৈ চেক প্ৰদান কৰা হয় । এই মহান পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে ৷
লগতে পঢ়ক: Prasanta Phukan inaugurates Puja mandap : ডিব্ৰুগড়ৰ মাৰোৱাৰীপট্টি পূজা মণ্ডপত বিধায়ক প্ৰশান্ত ফুকন