শদিয়া, 2 এপ্ৰিল : দেশজুৰি লক্ ডাউন চলি থকাৰ মাজতেই কাকপথাৰত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰিছে কাকপথাৰ আৰক্ষীয়ে ৷ কাকপথাৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক বিকাশ ডেকাৰ নেতৃত্বত যোৱা এটা দলে লাজুম পথাৰৰ মাজৰ পৰা এখন নম্বৰ প্লেট বিহীন আপাছী মটৰ চাইকেলেৰে ব্ৰাউন চুগাৰখিনি কঢ়িয়াই নিয়া অৱস্থাত ভাইজুন নেওগক গ্ৰেপ্তাৰ কৰে ৷
ভাইজুনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে খন্তেক পিচতেই টকৌপথাৰৰ পৰা পুতুল বৰুৱা নামৰ আন এজনক আটক কৰে ৷ প্ৰায় ১ কি:গ্ৰা: ওজনৰ ব্ৰাউন চুগাৰখিনিৰ মূল্য আৰক্ষীয়ে প্ৰায় দুই লাখ টকা বুলি জনাইছে যদিও বজাৰত তাৰ মূল্য কেইবা লক্ষাধিক টকা হ'ব বুলি জানিব পৰা গৈছে ৷ ব্ৰাউন চুগাৰখিনি বৰহাপজানৰ বেধন মৰাণ নামৰ এজন ব্যক্তিয়ে পঠোৱা বুলি আটকাধীন লোক দুজনে জানিবলৈ দিছে ৷ বৰহাপজানৰ পৰা অৰুণাচল প্ৰদেশলৈ সৰবৰাহ কৰি দিয়াৰ বাবদ সৰবৰাহকাৰী দুজনক পাঁচ, ছয় হাজাৰ টকা দিয়ে আৰক্ষীক অৱগত কৰিছে লোক দুজনে ৷ ধিক তথ্যৰ বাবে ইতিমধ্যে অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ দেশত লক্ ডাউনৰ সময়ত সাধাৰণ ৰাইজে বজাৰলৈ ওলাই আহি আৰক্ষীৰ লাঠিৰ কোব খাবলগীয়া হৈছে যদিও এনে দুষ্ট চক্ৰই আৰক্ষীৰ চকুত ধুলি দি ড্ৰাগছ জাতীয় সামগ্ৰীৰ বেহা চলাই থকা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷
লগতে পঢ়ক : শুকুৰবাৰৰ জোহোৰৰ নামাজ নিজ ঘৰতে পঢ়িবলৈ আহ্বান বদৰুদ্দিন আজমলৰ