ETV Bharat / state

বদৌচা কাপ আমন্ত্ৰণমূলক আন্তঃৰাষ্ট্ৰীয় ফুটবলত বিজয়ী গকুলাম কেৰালা এফ চি - মিনাৰ্ভা পাঞ্জাৱ এফ চি

তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ কচুজান খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ তীব্ৰ প্ৰতিদ্বন্দিতামূলক ফাইনেলত গকুলম কেৰালা দলে মিনাৰ্ভা পাঞ্জাৱ এফ চি দলক ছাডেন ডেথত পৰাজিত কৰি বিজয়ী হয় । নিৰ্দ্ধাৰিত সময়ত ২-২ গ'লত সমাপ্ত হোৱাত ট্ৰাইবেকাৰৰ সহায় লোৱা হয় যদিও দুয়োটা দলে ৩ টাকৈ শ্বট্ কাৰ্যকৰী কৰাত ফলাফলৰ নিৰ্দ্ধাৰণৰ বাবে ৰেফাৰীয়ে ছাডেন ডেথৰ সহায় লয় ৷

বদৌচা কাপ আমন্ত্ৰণমূলক আন্তঃৰাষ্ট্ৰীয় ফুটবলত বিজয়ী গকুলাম কেৰালা এফ চি
author img

By

Published : Oct 4, 2019, 11:49 PM IST

তিনিচুকীয়া, ৪ অক্টোবৰ : বদৌচা কাপ আমন্ত্ৰণমূলক আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ বিজয়ীৰ সন্মান লাভ গকুলম কেৰালা এফ. চি দলৰ ৷ বদৌচা স্পৰ্টছ ক্লাৱৰ উদ্যোগত তথা অসম ফুটবল সন্থা আৰু ভাৰতীয় ফুটবল ফেডাৰেচনৰ তত্বাৱধানত আয়োজিত একাদশ বাৰ্ষিক প্ৰতিযোগিতাত জয়লাভ গকুলম কেৰালা এফ. চিৰ ৷ শনিবাৰে তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ কচুজান খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ তীব্ৰ প্ৰতিদ্বন্দিতামূলক ফাইনেলত গকুলম কেৰালা দলে মিনাৰ্ভা পাঞ্জাৱ এফ চি দলক ছাডেন ডেথত পৰাজিত কৰি বিজয়ী হয় । নিৰ্দ্ধাৰিত সময়ত ২-২ গ'লত সমাপ্ত হোৱাত ট্ৰাইবেকাৰৰ সহায় লোৱা হয় যদিও দুয়োটা দলে ৩ টাকৈ শ্বট্ কাৰ্যকৰী কৰাত ফলাফলৰ নিৰ্দ্ধাৰণৰ বাবে ৰেফাৰীয়ে ছাডেন ডেথৰ সহায় লয় । ফলত কেৰালা দলে সামগ্ৰিকভাৱে ৬-৫ গ'লত জয়লাভ কৰে । আই লীগৰ দুয়োটা দলে ফাইনেলত অংশগ্ৰহণেৰে ফুটবলপ্ৰেমী পাঁচ সহস্ৰাধিক দৰ্শকক এখন উপভোগ্য ফাইনেল উপহাৰ দিয়ে । প্ৰথমাৰ্দ্ধৰ ৩ মিনিটত মিনাৰ্ভা পাঞ্জাৱৰ (BARBOZA)বাৰ্বজাই গ'ল দি দলক অগ্ৰগতি প্ৰদান কৰে । আনহাতে গকুলম কেৰালা দলৰ (ZOLA) জ'লাই প্ৰথমাৰ্দ্ধৰ ১৬ মিনিটত এটি সুন্দৰ গ'লেৰে সমতা স্থাপন কৰে ।

তিনিচুকীয়া
বদৌচা কাপ আমন্ত্ৰণমূলক আন্তঃৰাষ্ট্ৰীয় ফুটবলত বিজয়ী গকুলাম কেৰালা এফ চি

আনহাতে, প্ৰতিযোগিতাত বিজয়ী গকুলম কেৰালা দলক দুই লাখ প্ৰাইজমানি আৰু ট্ৰফী, বিজিত দল মিনাৰ্ভা পাঞ্জাৱ দলক এক লাখ প্ৰাইজমানি সহ ট্ৰফী প্ৰদান কৰা হয় । তৃতীয় স্থান লাভ কৰা ছাগলবণ্ড ইউনাইটেড এফ চি আৰু চতুৰ্থ স্থান লাভ কৰা শ্বিলঙৰ ৰিণটিহ্ দলক ক্ৰমে পঞ্চাশ আৰু পঁচিশ হাজাৰ টকা ট্ৰফীসহ প্ৰদান কৰা হয় । প্ৰতিযোগিতাৰ ফেয়াৰ প্লে' পুৰস্কাৰ লাভ কৰা মনিপুৰৰ নিছা দলক ট্ৰফীসহ নগদ বিশ হেজাৰ টকা প্ৰদান কৰা হয় । প্ৰতিযোগিতাৰ ফেয়াৰ প্লে' পুৰস্কাৰ লাভ কৰা মনিপুৰৰ নিছা দলক ট্ৰফীসহ নগদ বিশ হেজাৰ টকা প্ৰদান কৰা হয় । প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু সৰ্বোচ্চ গ'লদাতা ছাগলবণ্ডৰ প্ৰীতম নিংথৌজামক ট্ৰফীসহ দহ হাজাৰ টকা, শ্ৰেষ্ঠ গ'লকীপাৰ গকুলাম কেৰেলাৰ সত্যজিত বৰদলৈক ট্ৰফীসহ পাঁচ হাজাৰ টকা আৰু মেন-অব-দ্য ফাইনেল মিনাৰ্ভা পাঞ্জাৱৰ সুৰঞ্জিত সিঙক ট্ৰফীসহ চাৰি হাজাৰ টকা প্ৰদান কৰা হয় ।

Intro:STORY:-একাদশ বাৰ্ষিক বদৌচা কাপ আমন্ত্ৰণমুলক আন্ত:ৰাষ্ট্ৰীয় ফুটবলত বিজয়ী গকুলাম কেৰেলা এফ চি

তিনিচুকীয়া, ৪ অক্টোবৰ : গকুলম কেৰেলা এফ. চি দলে বদৌচা স্পৰ্টছ ক্লাৱৰ উদ্যোগত তথা অসম ফুটবল সন্হা আৰু ভাৰতীয় ফুটবল ফেডাৰেচনৰ তত্বাৱধানত আয়োজিত একাদশ বাৰ্ষিক বদৌচা কাপ আমন্ত্ৰণমূলক আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ বিজয়ীৰ সন্মান লাভ কৰিছে। আজি তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ কচুজান খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ তীব্ৰ প্ৰতিদ্বন্দিতামূলক ফাইনেলত গকুলম কেৰেলা দলে মিনাৰ্ভা পাঞ্জাৱ এফ চি দলক ছাডেন ডেথত পৰাজিত কৰি বিজয়ী হয়। নিৰ্দ্ধাৰিত সময়ত ২-২ গ'লত সমাপ্ত হোৱাত ট্ৰাইবেকাৰৰ সহায় লোৱা হয় যদিও দুয়োটা দলে ৩ টাকৈ শ্বট্ কাৰ্যকৰী কৰাত ফলাফলৰ নিৰ্দ্ধাৰণৰ বাবে ৰেফাৰীয়ে ছাডেন ডেথৰ সহায় লয়। ফলত কেৰেলা দলে সামগ্ৰিকভাৱে ৬-৫ গ'লত জয়লাভ কৰে। আই লীগৰ দুয়োটা দলে ফাইনেলত অংশগ্ৰহণেৰে ফুটবলপ্ৰেমী পাঁচ সহস্ৰাধিক দৰ্শকক এখন উপভোগ্য ফাইনেল উপহাৰ দিয়ে। প্ৰথমাৰ্দ্ধৰ ৩ মিনিটত মিনাৰ্ভা পাঞ্জাৱৰ (BARBOZA)বাৰ্বজা(১১)ই গ'ল দি দলক অগ্ৰগতি প্ৰদান কৰে। আনহাতে গকুলম কেৰেলা দলৰ (ZOLA)জ'লা(১০)ই প্ৰথমাৰ্দ্ধৰ ১৬ মিনিটত এটি সুন্দৰ গ'লেৰে সমতা স্থাপন কৰে। বিৰতিত দুয়োটা দলে ১-১ গ'লত সমতাত থকাত দ্বিতীয়াৰ্দ্ধত দুয়ো দলে আক্ৰমণৰ চোক বৃদ্ধি কৰে। খেলৰ ৮২ মিনিটত গকুলম কেৰেলাৰ BEAUTYANবিউটিয়ানে(১৪)গ'ল দি দলক অগ্ৰগতি প্ৰদান কৰি বিজয়ৰ দিশে আগবাঢ়ে যদিও খেলৰ শেষ মূহুৰ্তত মিনাৰ্ভা পাঞ্জাৱৰ গিৰিক খ'চলা(৪৯) GIRIK KHOSLA সুন্দৰ হেডেৰে গ'ল দি সমতা স্থাপন কৰাত ফলাফলৰ বাবে ট্ৰাইবেকাৰৰ সহায় লোৱা হয়। ট্ৰাইবেকাৰত পাঞ্জাৱ দলৰ গিৰিক খ'চলা, ডানিল', বাব্ৰজা সফল হোৱাৰ বিপৰীতে কেৰালা দলৰ চাব্বাজ,বুজেৰ,ষ্টিফেন সফল হয়।ট্ৰাইবেকাৰতো পুনৰ সমতা হৈ ৰোৱাত ছাডেন ডেথৰ সহায়ত গকুলাম কেৰেলা দল বিজয়ী হয়। ভাৰত চৰকাৰৰ খাদ্য সংসাধন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে চূড়ান্ত খেলখনি উদ্বোধন কৰাৰ লগতে পল্লৱ শৰ্মাৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্হ 'বদৌচা' উন্মোচন কৰে। সামৰণিত বদৌচা স্পৰ্টছ ক্লাবৰ সভাপতি অৰুণজ্যোতি মৰাণ, বিধায়ক ক্ৰমে বলীন চেতিয়া, সঞ্জয় কিষাণ, সুৰেণ ফুকন,ভাস্কৰ শৰ্মা, ছাত্ৰ আৰু যুৱ কল্যান ৰাজ্যিক পৰ্যায় উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰ, অইল ইণ্ডিয়াৰ মহাপ্ৰৱন্ধক দিলীপ ভূঞা, তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া, অসম ফুটবল সন্হাৰ কোষাধ্যক্ষ হীৰেণ গগৈ, তিনিচুকীয়া জিলা ক্ৰীড়া সন্হাৰ সভাপতি ড০ অচ্যুত বৰঠাকুৰ, সাধাৰণ সম্পাদক জীৱন বৰুৱা, অসম ক্ৰিকেট সন্থাৰ কোষাধ্যক্ষ ত্ৰিদীপ কোঁৱৰ,অসম হেণ্ডবল সন্হাৰ সম্পাদক উত্তম ব্ৰহ্ম আদি বিশিষ্ট ব্যক্তি সকলে পুৰস্কাৰ প্ৰদান কৰে। প্ৰতিযোগিতাৰ বিজয়ী গকুলম কেৰেলা দলক দুই লাখ প্ৰাইজমানি আৰু ট্ৰফী, বিজিত দল মিনাৰ্ভা পাঞ্জাৱ দলক এক লাখ প্ৰাইজমানি সহ ট্ৰফী প্ৰদান কৰা হয়। তৃতীয় স্থান লাভ কৰা ছাগলবণ্ড ইউনাইটেড এফ চি আৰু চতুৰ্থ স্হান লাভ কৰা শ্বিলঙৰ ৰিণটিহ্ দলক ক্ৰমে পঞ্চাশ আৰু পঁচিশ হাজাৰ টকা ট্ৰফীসহ প্ৰদান কৰা হয়। প্ৰতিযোগিতাৰ ফেয়াৰ প্লে' পুৰস্কাৰ লাভ কৰা মনিপুৰৰ নিছা দলক ট্ৰফীসহ নগদ বিশ হেজাৰ টকা প্ৰদান কৰা হয়। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু সৰ্বোচ্চ গ'লদাতা ছাগলবণ্ডৰ প্ৰীতম নিংথৌজামক ট্ৰফীসহ দহ হাজাৰ টকা, শ্ৰেষ্ঠ গ'লকীপাৰ গকুলাম কেৰেলাৰ সত্যজিত বৰদলৈক ট্ৰফীসহ পাঁচ হাজাৰ টকা আৰু মেন-অব-দ্য ফাইনেল মিনাৰ্ভা পাঞ্জাৱৰ সুৰঞ্জিত সিঙক ট্ৰফীসহ চাৰি হাজাৰ টকা প্ৰদান কৰা হয়।খেল পৰিচালক অসীম হাজৰিকা, লাইনত দেবাশীষ মজুমদাৰ, লুকু দাস,চতুৰ্থ প্ৰবণ চন্দ্ৰ পাঠক আৰু অতিৰিক্ত বিদ্যুত বৰুৱা।Body:NILConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.