ETV Bharat / state

বিলাসীপাৰাত ব্যৱসায়ীক ডিঙি কাটি হত্যা দুৰ্বৃত্তৰ

বিলাসীপাৰাৰ সাপটগ্ৰাম দাউদপাৰাত লোমহৰ্ষক হত্যাকাণ্ড ৷ অচিনাক্ত দুবৃত্তই ডিঙি কাটি হত্যা কৰিলে ব্যৱসায়ী অনুপম দেক ৷ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷ আৰক্ষীয়ে ঘটনাৰ আৰম্ভ কৰিছে তদন্ত ৷

author img

By

Published : Jan 12, 2021, 2:16 PM IST

bilashipara murder
বিলাসীপাৰাত ব্যৱসায়ীক ডিঙি কাটি হত্যা দুৰ্বৃত্তৰ

পশ্চিম বিলাসীপাৰা,12জানুৱাৰী: বিলাসীপাৰাৰ সাপটগ্ৰাম দাউদপাৰাত লোমহৰ্ষক হত্যাকাণ্ড ৷ অচিনাক্ত দুবৃত্তই ডিঙি কাটি সোমবাৰে নিশা হত্যা কৰে এজন ক্ষুদ্ৰ ব্যৱসায়ীক ৷ ব্যৱসায়ী জন সাপটগ্ৰাম চহৰৰ ৪ নম্বৰ ৱাৰ্ডৰ অনুপম দে বুলি জানিব পৰা গৈছে ৷

প্ৰাপ্ত খবৰ অনুসৰি, সোমবাৰে নিশা নিজ ব্যৱসায় সামৰি ফকিৰাগ্ৰাম বজাৰৰ পৰা সাপটগ্ৰামস্থিত নিজ গৃহলৈ আহি আছিল অনুপম দে ৷ ব্যৱসায়ীজনে আহি থকা অৱস্থাতে দাউদপাৰা খলিছাভিটা নামৰ ঠাইত কোনো অচিনাক্ত দুৰ্বৃত্তই ৷

ব্যৱসায়ী জনক ডিঙি কাটি হত্যা কৰি পথৰ দাঁতিত পেলাই থৈ যায় ৷ ইয়াৰ পিছতে স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পাচতে স্থানীয় লোক খবৰ দিয়ে সাপটগ্ৰাম আৰক্ষীক ৷ স্থানীয় আৰক্ষীৰ দলে দণ্ডাধীশ সহ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষী চকীলৈ লৈ যায় ৷

ইফালে, এই ঘটনা সংঘটিত হোৱাৰ পাচতে উত্তেজিত হৈ পৰে বিশ্ব হিন্দু পৰিষদৰ সাপটগ্ৰাম ৰাইজ আৰু বাঙালী যুৱ ফেডাৰেচনৰ নেতা কৰ্মীসকল ৷ উত্তেজিত ৰাইজে সাপটগ্ৰাম চহৰৰ মুল পথৰ ওপৰত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলে অতি শীঘ্ৰে দোষীক গ্ৰেপ্তাৰৰ দাবীত মৃতদেহ কঢ়িয়াই নিয়া আৰক্ষীৰ বাহনক বাধা প্ৰদান কৰাত পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰে ৷ প্ৰতিবাদকাৰীসকলে 24ঘন্টাৰ ভিতৰত দোষীক গ্ৰেপ্তাৰৰ বাবে দাবী জনায় প্ৰশাসনক ৷

আনহাতে, পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত আৰক্ষীয়ে অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে প্ৰতিবাদকাৰী সকলক ৷

অন্য এক খবৰৰ বাবে: 24বছৰে মাঘ বিহু পালন নকৰা ৰঙিয়াৰ এখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.