ডুমডুমা,12জুলাইঃ বাঘজান তৈলখাদত অগ্নিকাণ্ডৰ ফলত আপোন ঘৰ বাৰী হেৰুৱাই আশ্ৰয় শিবিৰত বাস কৰা লোকসকলে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ।
CAB বিৰোধী আন্দোলনৰ সময়ৰ পৰাই কাৰাবন্দী হৈ থাকি বৰ্তমান কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা কৃষক নেতা অখিল গগৈৰ লগতে ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰ আৰু বিতু সোণোৱালৰ আশু আৰোগ্য কামনা কৰি বাঘজানৰ আশ্ৰয় শিবিৰত থকা লোকসকলে বন্তি প্ৰজ্বলন কৰে ।

আনহাতে, কাৰাবন্দী ৰোগাক্ৰান্ত অখিল গগৈসহ আটাইকেইজনকে উন্নত চিকিৎসা প্ৰদান কৰাৰ লগতে অতি শীঘ্ৰেই মুক্তি দিয়াৰ বাবে বাঘজান আশ্ৰয় শিবিৰত থকা লোকসকলে চৰকাৰক আহ্বান জনায় ৷
লগতে পঢ়কঃ অখিল গগৈৰ মুক্তিৰ দাবীত বঙাইগাঁৱত কৃষক মুক্তিৰ প্ৰতিবাদ