ধুবুৰী, ১৪ ডিচেম্বৰ : ২০২১ৰ বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ সভা আয়োজন কৰাৰ সমান্তৰালকৈ চৰকাৰেও সাধাৰণ ৰাইজক ভোটদান সন্দৰ্ভত সজাগ কৰাৰ প্ৰয়াস কৰিছে । ভোটাধিকাৰৰ প্ৰকৃত অৰ্থ উপলব্ধি কৰিব নোৱাৰা লোকসকলক সজাগ কৰাৰ বাবে সোমবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত এক সজাগতামূলক সমদল আয়োজন কৰা হয় ।

এই কাৰ্যসূচীত অংশ লৈ নিৰ্বাচনী বিষয়া বিভাষ মেধিয়ে কয় যে, সকলোৱে নিজৰ নিজৰ ভোটাৰ তালিকাখন চাব লাগে আৰু যদি নাম তালিকাখনত অহা নাই তেন্তে অহা ১৫ ডিচেম্বৰৰ ভিতৰত সনিৱিষ্ট কৰিব লাগিব ৷

নিৰ্বাচনী বিষয়াগৰাকীয়ে লগতে জনাই যে, যদি কোনো লোকৰ নাম ভোটাৰ তালিকাত ভুল আহিছে তেন্তে অতি সোনকালে শুদ্ধ কৰি ল'ব লাগিব । যি সময়ত ভোটাধিকাৰ সাব্যস্ত কৰাক লৈ এতিয়াও সমাজৰ এচাম লোক সজাগ নহয়, তেনে ক্ষেত্ৰত জিলা প্ৰশাসনৰ এনে পদক্ষেপক ৰাইজে আদৰণি জনোৱা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক:জনজাতিকৰণৰ দাবীৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ