ETV Bharat / state

অবিশ্বাস্যঃ 16 বছৰে গছৰ ওপৰত এজন যুৱক

author img

By

Published : May 6, 2020, 7:39 PM IST

অসমত টাৰ্জান ৷ অসমৰ হাবিত পোৱা গৈছে টাৰ্জানক ৷ হাবিতে খাই হাবিতে থাকে এই টাৰ্জান ৷ আহক আপোনাক টাৰ্জানৰ সৈতে লগ কৰাই দিওঁ ৷

young boy lived on branch of tree
young boy lived on branch of tree

ৰঙাপৰা, 6 মে' : পানামা, আমাজন আদি অৰণ্যৰ নহয়, অসম-অৰুণাচল সীমান্তৰ কাহিনী এইয়া ৷ এজোপা প্ৰকাণ্ড পাকৰি গছৰ ওপৰতে সুদীৰ্ঘ ১৬ টাকৈ বছৰ বিপৰীতে ধৰণে বসবাস কৰি আহিছে এজন যুৱকে । অসম-অৰুণাচল সীমান্তৰ গুইনেজীয়া পাহাৰৰ এডাল প্ৰকাণ্ড গছৰ ওপৰত ৰ'দ-বৰষুণ, ধুমুহা, গাজনি-বিজুলী নেওচি জীৱন অতিবাহিত কৰি আহিছে চক্ৰু মুণ্ডা নামৰ এইজন যুৱকে ৷

দুৰ্গম অঞলটোত থকা গছ জোপাৰ খোৰোঙতে আছে যুৱকজনৰ উপাসনাস্থলী। প্ৰায় ৮ বছৰ বয়সতে যুৱকজন ঘৰৰ পৰা ওলাই আহিছিল । ইয়াৰ পাচত গুইনেজীয়া পাহাৰৰ এইজোপা গছৰ ওপৰত সাজি লোৱা চাঙঘৰত এনেদৰে বসবাস কৰি আহিছে চক্ৰুৱে । যুৱকজনৰ আচল ঘৰ ৰঙাপৰাৰ ফুলবাৰী চাহ বাগিচাৰ পানীপোটাত ৷ পিতৃসহ তিনিজন ককাই-ভাইৰ উপৰিও পৰিয়ালত আছে এজনী ভনীয়েক । যুৱকজনৰ মাতৃৰ মৃত্যু হৈছে ।

সৰু কালতে ঘৰৰ পৰা ওলাই অহা চক্ৰু ঘুৰি নগ’ল ঘৰলৈ । গছজোপাৰ খোৰোঙত থকা উপাসনাস্থলীত প্ৰতিদিনে পূজা-অৰ্চনা আহিছে চক্ৰুৱে । পাহাৰখনৰ কাষতে থকা চপালগা গাঁওখনত খৰি বিক্ৰী কৰাৰ লগতে মাজে মাজে দিন হাজিৰা কৰি পোৱা টকাৰে পেট প্ৰৱৰ্তাই যুৱকজনে অকলশৰীয়া জীৱন আতিবাহিত কৰি আহিছে ৷

অসমত টাৰ্জান !

বিশাল গছজোপাৰ খোৰোঙত থকা শিৱ আৰু পাৰ্ৱতীৰ উপাসনাস্থলীত যুৱকজনে পুৱা-গধুলি পূজা-আৰ্চনা কৰে ৷ গুইনেজীয়া পাহাৰৰ হাতী আৰু আন জীৱ-জন্তুবোৰে হয়তো এতিয়া চিনি পায় চক্ৰুক । পাহাৰখনত থকা জীৱ-জন্তুৱে আজিলৈকে কোনো ধৰণৰ ক্ষতি কৰা নাই যুৱকজনক ৷ অৱশ্যে, বাৰিষাৰ চাৰিটা মাহ চক্ৰু চপালগা গাঁৱৰ লোকসকলৰ ঘৰত দিন হাজিৰা কৰি গাঁৱতে থাকে যদিও ৰাতিপুৱা আৰু সন্ধিয়া উপাসনাস্থলীলৈ গৈ পূজা-আৰ্চনা কৰে । বাকী বছৰৰ আঠটা মাহ গুইনেজীয়া পাহাৰৰ পাকৰি গছজোপাৰ ওপৰত সাজি লোৱা চাং ঘৰত বাস কৰে চক্ৰুৱে । বিজ্ঞানৰ চমৎকাৰৰ যুগত চক্ৰু মুণ্ডাই গছৰ ডালত দিন অতিবাহিত কৰা দৃশ্যই ৰাইজক আদিম যুগৰ কথা সোঁৱৰাই দিছে ।

লগতে পঢ়ক : লক্​ ডাউনৰ মাজতে মৰিয়নীত নলাৰ পৰা ওলাল শ শ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.