ETV Bharat / state

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ তেজপুৰস্থ দেশৰ সেনা মূৰব্বীৰ সৈতে ভিডিঅ বাৰ্তা

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেনাৰ প্ৰধান জেনেৰেল বিপিন ৰাৱট,স্থল সেনাৰ মুৰব্বী জেনেৰেল এম এম নাৰাভান,নৌ সেনাৰ মূৰব্বী এডমিৰেল কৰমবিৰ সিং,বায়ুসেনাৰ প্ৰধান আৰ কে এচ ভাডুৰীয়া,প্ৰতিৰক্ষা সচিব অজয় কুমাৰ,আৰু প্ৰতিৰক্ষা বিত্ত সচিব গাৰ্গী ক'লৰ উপস্থিতিত বৰ্তমান পৰিস্থিতিৰ সন্দৰ্ভত ভিডিঅ কনফাৰেঞ্চ যোগে আলোচনা কৰে ৷

ETV BHARAT
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ তেজপুৰস্থ দেশৰ সেনা মূৰব্বীৰ লগত ভিডিঅ বাৰ্তা
author img

By

Published : Apr 24, 2020, 9:05 PM IST

তেজপুৰ,২৪ এপ্ৰিলঃ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুক্ৰবাৰে স্থল, বায়ু আৰু নৌ সেনাৰ কামাণ্ডৰ লগত ভিডিঅ কনফাৰেঞ্চ যোগে মহামাৰী ক'ৰণা ভাইৰাছ আৰু লক ডাউনৰ সন্দৰ্ভত এখন বৈঠক হয় ৷ তেজপুৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেঃ কৰ্নেল হৰ্ষ বৰ্ধন পাণ্ডে ইটিভি ভাৰতৰ সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

Video Conference Meeting Defence Minister Rajnath Sing
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ তেজপুৰস্থ দেশৰ সেনা মূৰব্বীৰ লগত ভিডিঅ বাৰ্তা

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেনাৰ কামাণ্ডাৰ সকলক ৰাজ্যৰ চিভিল প্ৰশাসন আৰু সাধাৰণ লোকৰ লগত এক গোট হৈ মহামাৰী ক'ৰণা ভাইৰাছৰ বিৰুদ্ধে সজাগতা আৰু বৰ্তমান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ সেনাৰ সকলোকে সাজু থাকিবলৈ আহ্বান জনায় লেঃ কৰ্নেল হৰ্ষ বৰ্ধন পাণ্ডে জনায় ৷ এই বৈঠকত সেনাৰ মুখ্য প্ৰধান জেনেৰেল বিপিন ৰাৱট,স্থল সেনাৰ মূৰব্বী জেনেৰেল এম এম নাৰাভান ,নৌ সেনাৰ মূৰব্বী এডমিৰেল কৰমবিৰ সিং, বায়ুসেনাৰ প্ৰধান আৰ কে এচ ভাডুৰীয়া,প্ৰতিৰক্ষা সচিব অজয় কুমাৰ আৰু প্ৰতিৰক্ষা বিত্ত সচিব গাৰ্গী ক'লৰ উপস্থিতিত দেশৰ সকলো কামাণ্ডক সম্বোধন কৰে ৷ এই সমূহ কামাণ্ডৰ ভিতৰত ইষ্টান কামাণ্ড হৈছে উত্তৰ পূৰ্বাঞ্চলৰ তথা আন্তঃৰাষ্টীয় সীমান্তৱৰ্তী ভাৰত ৃ-চীন সীমান্তৱৰ্তী এলেকা ৷ মন্ত্ৰী সিং সেনা বিষয়াসকলৰ লগত কোভিড- ১৯ ৰ ভয়াৱহতা আৰু ইয়াৰ মাজত চলি থকা সমগ্ৰদেশৰ লক ডাউনৰ সময়ত সেনাবাহিনীয়ে সাধাৰণ জনতাৰ কাষত সহায়ৰ হাত আগবঢ়োৱাৰ বিষয়ে গুৰুত্ব প্ৰদান কৰে ৷

আনহাতে, এই মহামাৰীৰ উপৰিও বিভিন্ন কামাণ্ডৰ মূৰববী সকলৰ লগত অপাৰেশ্যনেল তৎপৰতা আৰু যি কোনো পৰিস্থিতিত মোকাবিলা কৰিব পৰা দিশ সমূহৰ বিষয়ে আলোচনা কৰে ৷ লগতে যি কোনো অত্যাৱশ্যকীয় বস্তু অনিষ্ট হ'ব নোৱাৰাকৈ সেনাৰ লোকসকলক সজাগ কৰিবলৈ আহ্বান জনায় ৷ যিহেতু লক ডাউনৰ বাবে অৰ্থনৈতিক অস্থবিৰতা হোৱাটো স্বাভাৱিক তাৰ বাবে সেনাৰ দ্বাৰা সস্থম হ'বলৈ আহ্বান জনায় বুলি মুখপাত্ৰ লেঃ কৰ্নেল হৰ্ষ বৰ্ধন পাণ্ডে জনায় ৷

লগতে পঢ়ক- COVID-19ৰ বিৰুদ্ধে উন্নত স্থিতিত ভাৰতঃ কেন্দ্ৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.