ETV Bharat / state

জৰাসৰ নৈৰ কালৰূপ: এফালে বান আনফালে গৰাখহনীয়া

author img

By

Published : Jun 17, 2022, 1:46 PM IST

নেৰানেপেৰা বৰষুণে বিপদ মাতিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ(Incessant rain has caused danger to different parts of Assam) । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সৃষ্টি প্ৰৱল বান-গৰাখহনীয়া(Flood-erosion in the eastern part of Assam) । স্তৱ্ধ হৈ পৰিছে শোণিতপুৰ জিলাৰ ৰঙাপৰা-বালিপৰা অঞ্চলৰ ৰাইজৰ জনজীৱন । জৰাসৰ নৈয়ে লৈছে কালৰূপ । এফালে বাঢ়নি পানীয়ে বুৰাইছে বিস্তীৰ্ণ অঞ্চল আনফালে চপৰা-চপৰে খহিছে জৰাসৰ নৈৰ গৰা(Terrible form of flood and erosion in Rangapara) ।

জৰাসৰ নৈৰ কালৰূপ: এফালে বান আনফালে গৰাখহনীয়া
জৰাসৰ নৈৰ কালৰূপ: এফালে বান আনফালে গৰাখহনীয়া

ৰঙাপৰা,১৭ জুন: কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যজুৰি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে(Flood in Assam 2022) । ঠায়ে ঠায়ে খহিছে নৈৰ গৰা । ভাঙিছে ইটোৰ পাছত সিটোকৈ মথাউৰি(Major parts in Assam washed by Flood) । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে শোণিতপুৰ জিলাৰ ৰঙাপাৰা-বালিপাৰাতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বান-গৰাখহনীয়াই(Terrible form of flood and erosion in Rangapara) । জৰাসৰ নৈৰ জলপৃষ্ঠ ওফন্দি উঠি বুৰাইছে বিস্তীৰ্ণ অঞ্চল ।

জৰাসৰ নৈৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি পেলোৱাত উদমাৰী, এৰাগাঁও, দীঘলী, দীঘলী বালিজান, নামঢেকেৰী, পাকবিল, উপৰ ঢেকেৰী, বামগাঁও, জংঘলবস্তি, বিষ্ণুপুৰ আদি গাঁও প্লাৱিত কৰি তোলে । তাৰোপৰি বালিপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, বালিপৰা বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়, শিক্ষানুষ্ঠান, বালিপৰা সমবায় সমিতি জলমগ্ন হৈ পৰে । ইফালে বালিপৰাৰ প্লাৱিত অঞ্চল সমূহত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ দল উপস্থিত হৈ উদ্ধাৰ কৰি একাংশ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে ।

বালিপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটিৰ চৌহদ বুৰাই পেলোৱাৰ পাছত স্বাস্থ্য কেন্দ্ৰটিত থকা ৰোগীসকলক এন ডি আৰ এফে উদ্ধাৰ কৰি চাৰিদুৱাৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ইফালে বালিপৰা সমবায়ৰ গুদামত পানী সোমোৱাত প্ৰায় ৩০০ বেগ সুলভ মূল্যৰ চাউল নষ্ট হয় বুলি জানিব পৰা গৈছে । ভয়ংকৰ বান পৰিস্থিতিৰ বাবে বালিপৰা অঞ্চলত ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা ।

ইপিনে বালিপৰাৰ বান পৰিস্থিতিৰ বুজ লয় ৰঙাপৰা বিধানসভাৰ সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে । বতৰ বিজ্ঞান কেন্দ্ৰই উত্তৰ পূৰ্বাঞ্চলত অধিক বৰষুণ হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰাত বালিপাৰাৰ বানপীড়িত ৰাইজ অধিক চিন্তিত হৈ পৰিছে । উল্লেখ্য যে ২০১৭ চনত হোৱা বানপানীৰ পাছত অভিলেখ ভংগ কৰি বৃহস্পতিবাৰে জৰাসৰ নৈখনে বালিপাৰাৰ বিস্তীৰ্ণ অঞ্চলত বানৰ সৃষ্টি কৰিছে ।

এফালে বানে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে ৰঙাপৰাৰ উপৰ মোলানগাঁৱত দেখা গৈছে জৰাসৰ নৈৰ গৰাখনীয়াৰ কালৰূপ । নৈখনে ঠায়ে ঠায়ে তীব্ৰ গৰাখনীয়াৰ সৃষ্টি কৰি আহিছে । জৰাসৰ নৈখনৰ কালৰূপ প্ৰত্যক্ষ কৰি চিন্তিত হৈ পৰিছে ওপৰ মোলান গাঁৱৰ কৃষক ৰাইজ । প্ৰচণ্ড শব্দ কৰি নৈৰ বুকুত খহি পৰিছে মাটি । চকুৰ সন্মুখতে নৈৰ বুকুত বিলীন হৈছে কৃষক ৰাইজৰ শ শ বিঘা মাটি ।

চতিয়া আৰু ৰঙাপৰা বিধানসভা সমষ্টিৰ মাজেৰে বৈ যোৱা জৰাসৰ নৈখনত খহনীয়া অব্যাহত থকাত কৃষক ৰাইজ চিন্তিত হৈ পৰিছে । নৈখনৰ বুকুত ইতিমধ্যে কলনী উপৰ মোলানগাঁৱৰ কেইবা গৰাকী কৃষক ৰাইজৰ কৃষিভূমি নৈখনৰ বুকুত জাহ গ'ল । ইফালে যোৱা ১০ জুনত চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা কলনী উপৰ মোলানগাঁৱত উপস্থিত হৈছিল । কৃষক ৰাইজৰ মৰ্মবেদনা উপলব্ধি কৰি তেখেতে লগে লগে নৈখনত প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিছিল । কিন্তু নৈখনৰ পাৰত পকীৰ পাৰ্কুপাইন নিয়াৰ ক্ষেত্ৰত পথৰ সুব্যৱস্থা নথকা আৰু ধাৰাষাৰ বৰষুণৰ বাবেই নৈখনত খহনীয়া প্ৰতিৰোধৰ কাম কৰাত বাধাৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: নলবাৰী জিলাত ১৮ জুনলৈকে বন্ধ থাকিব শিক্ষানুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.