ETV Bharat / state

তেজপুৰ বিশ্ববিদ্যালয়ত বিশ্ব ফটোগ্ৰাফী দিৱস উদযাপন - India Inter nation Photographic Council

তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ দ্বাৰা বিশ্ব ফটোগ্ৰাফী দিৱস উদযাপন (Tezpur University celebrates World Photography Day)। অনুষ্ঠিত হয় শিল্পী নলিনী কান্ত বৰুৱাৰ সম্বৰ্ধনা আৰু ফটোগ্ৰাফী কৰ্মশালা ।

Tezpur
Tezpur
author img

By

Published : Aug 19, 2022, 8:12 PM IST

তেজপুৰ, ১৯ আগষ্ট : তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগে (Mass Communication and Journalism Department of Tezpur University) বিভিন্ন কাৰ্যসূচীৰে বিশ্ব ফটোগ্ৰাফী দিৱস পালন‌ কৰে (Tezpur University celebrates World Photography Day)। এই উপলক্ষে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফটোগ্ৰাফী প্ৰতিযোগিতাৰ লগতে এখন ফটোগ্ৰাফী কৰ্মশালাৰো আয়োজন কৰা হয় ।

তদুপৰি, অসমৰ স্বনামধন্য ফটোগ্ৰাফাৰ শিল্পী নলিনী কান্ত বৰুৱাক এই অনুষ্ঠানতে সম্বৰ্ধনা জ্ঞাপন কৰা হয় (Renowned photographer Nalini Kanta Barua of Assam felicitated) । সম্বৰ্ধনা অনুষ্ঠানত বিভাগীয় অধ্যাপক-অধ্যাপিকাসকলৰ লগতে উপস্থিত থাকে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপ কুলপতি অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য আৰু পঞ্জীয়ক ডঃ বিৰেণ দাস ।

তেজপুৰ বিশ্ববিদ্যালয়ত বিশ্ব ফটোগ্ৰাফী দিৱস উদযাপন

অনুষ্ঠানৰ আৰম্ভণিতে আদৰণী ভাষণ প্ৰদান কৰে অধ্যাপক অভিজিত বৰাই । উদ্বোধনী ভাষণ আগবঢ়ায় বিভাগীয় মুৰব্বী অধ্যাপিকা জয়া চক্ৰৱৰ্তীয়ে । প্ৰতিষ্ঠিত ফটোগ্ৰাফাৰ লগতে Little Hands Production ৰ স্বত্ত্বাধিকাৰ তথা বিভাগটোৰ প্ৰাক্তন ছাত্ৰ দীপাংকৰ ভাগৱতী ওৰফে ষ্টিফেন ষ্টাইৰিছক সম্বৰ্দ্ধনা জনোৱাৰ পাছতে কৰ্মশালাখন আৰম্ভ হয় । ফটোগ্ৰাফী কৰ্মশালাত তেজপুৰ বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীকে আদি কৰি প্ৰায় ৭০ জন ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

কৰ্মশালাৰ মাধ্যমেৰে ষ্টীফেন ষ্টাইৰিছে ফটোগ্ৰাফীৰ বিভিন্ন কৌশলবোৰৰ আভাস দিবলৈ চেষ্টা কৰে । শিল্পী নলিনী কান্ত বৰুৱাই বিভাগটোত আয়োজন কৰা আলোকচিত্ৰ প্ৰদৰ্শনী মুকলি কৰে । প্ৰদৰ্শনীত ১০০ ৰো অধিক ফটোৰ লগতে কেমেৰা তথা ফটোগ্ৰাফীৰ বৰ্ণিল যাত্ৰাক প্ৰতিনিধিত্ব কৰা 'আলোকচিত্ৰকৰ' নামৰ প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰা হয় । শিল্পী নলিনী কান্ত বৰুৱাৰ সম্বৰ্ধনা অনুষ্ঠানত উপ কুলপতিয়ে নিজৰ মনোভাব ব্যক্ত কৰি জনায়, "বৰুৱাদেৱৰ সান্নিধ্য পাই আমি সঁচাকৈয়ে ধন্য ।"

শিল্পী নলিনী কান্ত বৰুৱাক সম্বৰ্ধনা জ্ঞাপন

লগতে তেওঁ শিল্পী নলিনী কান্ত বৰুৱাৰ সৈতে পূৰ্বে কটোৱা মুহূৰ্তৰো ৰোমন্থন কৰে । অনুষ্ঠানত শিল্পী বৰুৱাই চমু বক্তব্য আগবঢ়াই কয়, "মোৰ জীবনৰ শ্ৰেষ্ঠ ফটোখন এতিয়াও তোলা হোৱা‌ নাই । সেইখন তোলাৰ আগতে মই নমৰো ।" উল্লেখ্য, শিল্পী নলিনী কান্ত বৰুৱাই দেশ-বিদেশত সুখ্যাতি অৰ্জন কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে ।

তেওঁ ১৯৫৫ চনত India Inter nation Photographic Council ৰ বঁটা লাভ কৰে লগতে ১৯৮১ চনত ইটালীত অনুষ্ঠিত International Colour Slide Exhibition ত Club Award অৰ্জন কৰিবলৈ সক্ষম হৈছিল । অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই মুৰব্বী অধ্যাপিকা জয়া চক্ৰৱৰ্তীয়ে কয়,"বৰুৱাদেৱৰ কৰ্মোদ্যমে আমাক উৎসাহ প্ৰদান কৰে, আপোনাৰ আশীৰ্বাদৰ হাতখন আমাৰ ছাত্ৰ-ছাত্ৰীৰ লগত সদায় থাকে যেন ।"

কৰ্মশালাৰ অংশ হিচাপে অংশগ্ৰহণকাৰীসকলক বিশ্ববিদ্যালয় চৌহদতে ফটোগ্ৰাফীৰ ব্যৱহাৰিক জ্ঞান দিবলৈ Photo Walk-লৈ লৈ যোৱা হয় । বিশ্ববিদ্যালয়ৰ বিভিন্ন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক তথা কৰ্মচাৰীসকলে প্ৰদৰ্শনী উপভোগ কৰে আৰু প্ৰদৰ্শিত ফটোসমূহৰ প্ৰসংশা কৰে ।

লগতে পঢ়ক :জন্মদিনত গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাক স্মৰণ অনুৰাগীৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.