ETV Bharat / state

ৰঙাপৰাত ৰাষ্ট্রীয় সেৱা আঁচনিৰ বিশেষ শিবিৰ

ৰঙাপৰাত 7 দিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ এক বিশেষ শিবিৰ অনুষ্ঠিত হয় ৷ 4 এপ্ৰিলত আৰম্ভ হোৱা এই অনুষ্ঠানৰ সামৰণি পৰিব 10 এপ্ৰিলত ৷ শিবিৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটে পাঁচ বছৰৰ বাবে 1 নং নামনি গাঁৱক 'পোষ্য গ্ৰাম' (Adopted Village) হিচাপে গ্ৰহণ কৰে ।

special-camp-for-state-service-scheme
ৰাষ্ট্রীয় সেৱা আঁচনিৰ বিশেষ শিবিৰ
author img

By

Published : Apr 7, 2021, 12:54 PM IST

ৰঙাপৰা,7 এপ্ৰিল : শোণিতপুৰ জিলাৰ ৰঙাপৰাত 7 দিনীয়া কাৰ্যসূচীৰে ৰঙাপৰা মহাবিদ্যালয়ত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ এক বিশেষ শিবিৰ । ৰঙাপৰাৰ 1 নং নাহৰণী গ্ৰাণ্ট প্ৰাথমিক বিদ্যালয়ত শিবিৰ স্থাপন কৰি অনুষ্ঠিত কৰা হয় কাৰ্যসূচী । প্ৰথম দিনা অৰ্থাৎ 4 এপ্ৰিলত সমাজ সেৱক হেমচন্দ্ৰ লিম্বুৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উদ্বোধনী সভাখনত শিবিৰটোৰ বিষয়ে ব্যাখ্যা আগবঢ়ায় ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যাপক তথা আঁচনিৰ বিষয়া অশ্বিনী কুমাৰ ডেকাই ।

special-camp-for-state-service-scheme
ৰাষ্ট্রীয় সেৱা আঁচনিৰ বিশেষ শিবিৰ

সভাত উপস্থিত থকা ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যাপক মুনিন বৈশ্য, বড়ো বিভাগৰ মূৰব্বী অধ্যাপক প্ৰশান্ত বড়ো, ৰঙাপৰা ক্ৰীড়া সন্থাৰ সভাপতি বিৰোজ শইকীয়া, সমাজ কৰ্মী বলেন চক্ৰৱৰ্তী, স্থানীয় ব্যক্তি ৰাজেন চুব্বা, এণ্টনী ষ্টেনহাৰ, প্ৰকাশ লিম্বু, মুক্তিনাথ চুব্বায়ো নিজ নিজ বক্তব্য দাঙি ধৰে ।

5 এপ্ৰিলত ৰঙাপৰা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ গোটে 1 নং নাহৰণী গ্ৰাণ্ট গাঁওখনত জৰীপ চলাই গাঁওখনৰ অৰ্থনৈতিক, সামাজিক, শিক্ষা, স্বাস্থ্য, খোৱাপানী আদি তথ্য সংগ্ৰহ কৰে । উক্ত দুয়োটা নিশা স্থানীয় ৰাইজৰ সহযোগত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । উল্লেখ্য যে, ৰঙাপৰা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ 30 গৰাকী ছাত্ৰ-ছাত্ৰী আৰু জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ 6 গৰাকী আমন্ত্ৰিত ছাত্ৰ-ছাত্ৰীয়ে নাহৰণী গ্ৰাণ্ট গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত বিশেষ শিবিৰ ৰূপায়ণ কৰে ।

ইফালে ৰঙাপৰা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটে পাঁচ বছৰৰ বাবে 1 নং নামনি গাঁৱক 'পোষ্য গ্ৰাম' (Adopted Village) হিচাপে গ্ৰহণ কৰে । ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সাতদিনীয়া কাৰ্যসূচী আগন্তুক 10 এপ্ৰিলত সামৰণি পৰিব বুলি আঁচনি বিষয়া অশ্বিনী কুমাৰ ডেকাই জানিবলৈ দিয়ে ।

লগতে পঢ়ক : মানচিত্ৰৰ পৰা নোহোৱা হৈ যাব নেকি নোনা নৈ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.