ETV Bharat / state

Manipur Violence: মণিপুৰৰ বিষ্ণুপুৰত গুলীচালনাত 3 গৰাকীৰ মৃত্যু - Manipur Violence

পুনৰ হিংসাৰ দাবানলত মণিপুৰ ৷ শুকুৰবাৰে পুৱা বিষ্ণুপুৰ অঞ্চলত দুৰ্বৃত্তৰ পুনৰ গুলীয়াগুলী ৷

Manipur Violence
বিষ্ণুপুৰ অঞ্চলত দুৰ্বৃত্তৰ পুনৰ গুলিয়াগুলি
author img

By

Published : Jul 7, 2023, 2:12 PM IST

তেজপুৰ, 7 জুলাই : ইম্ফলৰ কুকি মহিলা ডংগাইচিঙক গুলীয়াই হত্যা কৰাৰ পিছত পুনৰ হিংসাৰ দাবানলত মণিপুৰত ৷ শুকুৰবাৰে পুৱা বিষ্ণুপুৰ অঞ্চলত দুৰ্বৃত্তৰ পুনৰ গুলিয়াগুলি ৷ এই ঘটনাত 3 জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে ৷ ইয়াৰে দুজন পাহাৰৰ আৰু এজন ভৈয়ামৰ বুলি জানিব পৰা গৈছে ৷ আনহাতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় এই ঘটনাত ৷

স্থানীয় সূত্ৰৰ মতে বৰ্তমানেও গুলীচালনা হৈ আছে ৷ জানিব পৰা মতে বৃহস্পতিবাৰে প্ৰায় 3,500 লোকৰ এক সমদলে এখন আৰক্ষী থানা ভাঙি অস্ত্ৰ-শস্ত্ৰ কাঢ়ি লৈ যায় ৷ পশ্চিম ইম্ফল জিলাৰ ‘শিশু শান্তি নিকেতন’ নামৰ এখন বিদ্যালয়ৰ চৌহদৰ সমীপত এগৰাকী মহিলাক গুলীয়াই হত্যা কৰা হয় ৷ অভিযোগ অনুসৰি মেইতেই অস্ত্ৰধাৰী যুৱক জড়িত এই কুকি মহিলা গৰাকীৰ হত্যাকাণ্ডত ৷ কোৱা হৈছে যে ইম্ফল এতিয়া কুকি মুক্ত ৷ Ethnic Cleansing সম্পূৰ্ণ ইম্ফলত ৷ একাংশৰ মতে ডংগাইচিঙ আছিল আত্মঘাতী বোমাৰু ৷ কিন্তু Indigenous Tribal Leader's Forum ৰ মতে মানসিকভাৱে অসুস্থ আছিল মহিলাগৰাকী আৰু সেইবাবেই সকলো কুকি ইম্ফলৰ পৰা পলাই যোৱাৰ সময়ত হাজাৰ বাৰ কোৱাৰ পিছতো ইম্ফল এৰা নাছিল দুৰ্ভগীয়া মহিলাগৰাকীয়ে ৷

লগতে পঢ়ক : Manipur violence: মণিপুৰত পুনৰ হিংসা; অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত মহিলা

সম্পূৰ্ণ দুটা মাহ অতিক্ৰম কৰিলে মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষ , কিন্ত কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে এই হিংসা ৰোধ কৰাৰ বাবে ৷ হাজাৰৰো অধিক সেনা, অৰ্ধ সামৰিক বাহিনীৰ জোৱানক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰা হৈছে ৷ ইফালে বৃহস্পতিবাৰে দিল্লীৰ ন্যায়াধীশ সিদ্ধাৰ্থ মৃদুলক মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাবে নিযুক্তি দিয়া হয় ৷

লগতে পঢ়ক : Manipur Violence : মণিপুৰৰ হিংসাক লৈ কি'লে আমেৰিকাৰ ৰাষ্ট্ৰদূত এৰিক গাৰ্চেটিয়ে ?

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.