ETV Bharat / state

ৰঙাপৰাত ডাকঘৰৰ কৰ্মচাৰী আক্ৰান্ত ক'ভিডত

author img

By

Published : May 6, 2021, 2:07 PM IST

ৰঙাপৰাত ডাকঘৰৰ এগৰাকী কৰ্মচাৰী ক'ভিডত আক্ৰান্ত ৷ বন্ধ হ’ল ডাকঘৰৰ নিয়মীয়া কাম-কাজ ৷

ৰঙাপৰাত ডাকঘৰৰ কৰ্মচাৰী আক্ৰান্ত ক'ভিডত
ৰঙাপৰাত ডাকঘৰৰ কৰ্মচাৰী আক্ৰান্ত ক'ভিডত

ৰঙাপৰা, 6 মে’: শোণিতপুৰৰ ৰঙাপৰাত ডাকঘৰত কৰ্মৰত এজন কৰ্মচাৰীৰ শৰীৰত ধৰা পৰিছে ক'ভিড-19ৰ উপস্থিতি । জানিব পৰা মতে, ৰঙাপৰাৰ ডাকঘৰত কৰ্মৰত কৰ্মচাৰীজনৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত ক'ভিড-19ৰ পৰীক্ষা কৰোৱা হয় ৷ যাৰ অন্তত কৰ্মচাৰী গৰাকীৰ দেহত ধৰা পৰে ক'ভিড-19ৰ উপস্থিতি ।

ৰঙাপৰাত ডাকঘৰৰ কৰ্মচাৰী আক্ৰান্ত ক'ভিডত

বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে কৰ্মচাৰীজন । ইফালে সংশ্লিষ্ট বিভাগটোৰ নিৰ্দেশ অনুসৰি বাকী বিষয়া-কৰ্মচাৰী সকলকো কৰোৱা হয় ক’ভিড পৰীক্ষা ।

উল্লেখ্য যে, কৰ্মস্থলীলৈ সদায় তেজপুৰৰ পৰা অহা-যোৱা কৰিছিল ব্যক্তি গৰাকীয়ে ৷ এই ব্যক্তি গৰাকীৰ শৰীৰত ক'ভিডৰ উপস্থিতি ধৰাৰ পৰা পিছতেই ৰঙাপৰাস্থিত ডাকঘৰটোত বন্ধ কৰি দিয়ে বিভাগীয় কৰ্তৃপক্ষই । ইফালে পৰৱৰ্তীৰ নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত ডাকঘৰটো বন্ধ থাকিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: হাস্পতালত ঠাই বিচাৰি হাবাথুৰি খাইছে কৰ’ণাক্ৰান্ত ৰোগীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.