ETV Bharat / state

মহাজোঁটৰে একত্ৰিত হবলৈ ৰাইজৰ দল-এজেপিক আহ্বান চি পি আই(এম)ৰ

author img

By

Published : Jan 24, 2021, 10:52 PM IST

অন্যান্য ৰাজনৈতিক দল সমূহৰ লগতে অসমত 2021ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে কংগেছ-এআইইউডিএফকে ধৰি ছয়টা দলেৰে গঠিত মিত্ৰজোঁটত থকা চি পি আই (এম) ৷ দলটোৰ জ্যেষ্ঠ নেতা দেৱেন ভট্টাচাৰ্য্যই দেওবাৰে ৰাইজৰ দল-অসম জাতীয় পৰিষদকো মহাজোঁটত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

rangapara cpim meeting
মহাজোঁটৰে একত্ৰিত হবলৈ ৰাইজৰ দল-অসম জাতীয় পৰিষদক আহ্বান চি পি আই(এম)ৰ

ৰঙাপৰা, 24 জানুৱাৰী : ছয়টা বিৰোধী ৰাজনৈতিক দলৰে গঠিত মহাজোঁটৰ সৈতে একত্ৰিত হবলৈ ৰাইজৰ দল-অসম জাতীয় পৰিষদক আহ্বান চি পি আই (এম)ৰ ৷ শোণিতপুৰ জিলাৰ ৰঙাপৰাত কেইবাটাও দাবীত অনুষ্ঠিত হোৱা 'শোণিতপুৰ জিলা সমাৱেশ'ত বক্তা হিচাপে উপস্থিত থাকি চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক দেৱেন ভট্টাচাৰ্য্যই এই আহ্বান জনায় আঞ্চলিক দল দুটাক ।

মহাজোঁটৰে একত্ৰিত হবলৈ ৰাইজৰ দল-এজেপিক আহ্বান চি পি আই(এম)ৰ

আগন্তুক বিধানসভা নিৰ্বাচনত ছয়টা বিৰোধী ৰাজনৈতিক দলৰ সৈতে হোৱা মিত্ৰতাৰ সন্দৰ্ভত সোধা প্ৰশ্নত্তোৰত তেওঁ কয় যে, বিজেপি দলটোক পৰাস্ত কৰাৰ প্ৰদান লক্ষ্য আৰু উদ্দেশ্যৰে ছয়টা বিৰোধী দল ক্ৰমে কংগ্ৰেছ, এ আই ইউ ডি এফ, চি পি আই (এম), চি পি আই এল এম, অসম গণ মৰ্চা আৰু আঞ্চলিক গণ মৰ্চাই একত্ৰিত হৈছে । আগন্তুক বিধানসভা নিৰ্বাচনত ছয়টা বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধ নিৰ্বাচনত যুঁজ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । কাৰণ বিজেপিয়ে ধৰ্মৰ নামত ৰাজনীতি কৰি অসমখনত শান্তি-সম্প্ৰতি বিনষ্ট কৰিবলৈ ওলাইছে । এনে পৰিস্থিতিত বিজেপি দলটোক উৎখাত কৰিবলৈ ছয়টা বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হৈছে ।

আনহাতে ৰাইজৰ দল আৰু এজেপিক আহ্বান জনাই জ্যেষ্ঠ চিপিআই (এম)ৰ নেতাগৰাকীয়ে কয় যে, " আমাৰ সৈতে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক একত্ৰিত হবলৈ আহ্বান জনাইছো । 'কা' বিৰোধিতাৰ ক্ষেত্ৰতো চি পি আই (এম) দলৰ লেখীয়াকৈ তেওঁলোকে বিৰোধীতা কৰিছে । জাতিধ্বংসী আইনখন বলবৎ কৰা বিজেপি দলটোক পৰাস্ত কৰাটো দুয়োটা ৰাজনৈতিক দলৰ মূল উদ্দেশ্য হয় তেতিয়া হ’লে সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ সৈতে আঞ্চলিক দল দুয়োটা সহযোগিতা কৰাটো আপত্তি ক'ত । "

লগতে পঢ়ক: মমতা বেনাৰ্জীক ৰামায়ণ উপহাৰ দিলে কোন বিজেপি নেতাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.